ETV Bharat / bharat

আগৰতলাত খোৱাপানীৰ সমস্যা আঁতৰোৱাৰ বাবে উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত - পানী সম্পৰ্কীয় সমস্যাসমূহৰ বিষয়ে পৰ্যালোচনা

শুকুৰবাৰে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় খোৱা পানী আৰু অনাময় মন্ত্ৰী সুশান্ত চৌধুৰী আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী সান্তনা চাকমা (Tripura ministers held meeeting over drinking water issue) । আগৰতলা পৌৰ নিগমৰ অধীনৰ অঞ্চলৰ ৰাইজৰ খোৱা পানীৰ সমস্যা সমাধানৰ বিষয়ে এই বৈঠকত আলোচনা কৰা হয় ।

Tripura ministers held a high level meeting over drinking water issue
খোৱাপানীৰ সমস্যাৰ বিষয়ে আলোচনাৰ বাবে বৈঠকত মিলিত হ'ল ত্ৰিপুৰাৰ দুগৰাকী মন্ত্ৰী
author img

By

Published : Dec 25, 2021, 2:22 PM IST

আগৰতলা, ২৫ ডিচেম্বৰ : আগৰতলা চহৰৰ প্ৰতিটো পৰিয়ালকে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে পদক্ষেপ হাতত লৈছে ত্ৰিপুৰা চৰকাৰে । শুকুৰবাৰে এই সন্দৰ্ভত এখন উচ্চ পৰ্য়ায়ৰ বৈঠকত মিলিত হয় খোৱা পানী আৰু অনাময় মন্ত্ৰী সুশান্ত চৌধুৰী আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী সান্তনা চাকমা (Sushanta chowdhury, Santana Chakma held meeting in Agartala) ৷

মন্ত্ৰী সুশান্ত চৌধুৰীয়ে প্ৰকাশ কৰা মতে, আগৰতলা পৌৰ নিগমৰ অধীনৰ বিভিন্ন ৱাৰ্ডৰ পানী সম্পৰ্কীয় সমস্যাসমূহৰ বিষয়ে পৰ্যালোচনা কৰিবলৈ এই বৈঠকখন অনুষ্ঠিত কৰা হৈছে আৰু এই সমস্যাসমূহ সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়া হৈছে । তেওঁ লগতে কয় যে, আগৰতলা পৌৰ নিগমৰ বাসিন্দাসকলে অভিযোগ উত্থাপন কৰিছিল যে পৌৰ নিগমৰ অধীনৰ কেতবোৰ অঞ্চলত খোৱা পানীৰ সমস্যা আছে (Drinking water issue in Agartala city) ।

প্ৰায়বোৰ অঞ্চলতে বৰ্তমান এই সমস্যা সমাধান কৰা হৈছে যদিও কিছুমান অঞ্চলত বিশুদ্ধ খোৱা পানী যোগানৰ ক্ষেত্ৰত আন কেতবোৰ সমস্যাৰ সৃষ্টি হৈছে । এই সমস্যাবোৰ সমাধান কৰাৰ উদ্দেশ্যে প্ৰশাসনিক বিষয়াসকলৰে আলোচনা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে । চহৰখনৰ কিছুমান স্থানত পানী শোধন প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে ।

মন্ত্ৰী সুশান্ত চৌধুৰীয়ে লগতে কয় যে, যিবোৰ অঞ্চলৰ পানীত লৌহ আকৰ আছে, সেইবোৰ অঞ্চলত বিশুদ্ধ খোৱা পানী শোধন প্ৰকল্প নিৰ্মাণ কৰাৰ বাবে প্ৰয়াস কৰা হ'ব । ৰাজ্য চৰকাৰে এই প্ৰকল্প নিৰ্মাণ কৰাৰ বাবে প্ৰয়োজনীয় পুঁজি আৱণ্টন কৰিব বুলিও তেওঁ জনায় । পৌৰ নিগম প্ৰতিটো স্তৰৰ লোকক বিশুদ্ধ খোৱা পানী যোগান কৰাই এতিয়া চৰকাৰৰ লক্ষ্য বুলি তেওঁ মন্তব্য কৰে ।

চহৰখনত খোৱা পানীৰ সমস্যা শীঘ্ৰেই সমাধান কৰা হ'ব বুলি তেওঁ আশ্বাস দিয়ে । শুকুৰবাৰে এই বৈঠকত উপস্থিত থাকে ডিডব্লিউএছৰ সচিব কিৰণ গীট্টে, আগৰতলা পৌৰ নিগমৰ মুখ্য কাৰ্যবাহী বিষয়া শৈলেশ যাদৱ, ডিডব্লিউএছৰ মুখ্য অভিযন্তা ৰাজীৱ দেৱবাৰ্মা, ডিডব্লিউএছৰ সঞ্চালক তমল মজুমদাৰৰ লগতে আন বিভাগীয় বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: Gunfight in Shopian : 24 ঘণ্টাত শ্বপিয়ানত দ্বিতীয়টো গুলীচালনা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.