ETV Bharat / bharat

বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে চিপিআই(এম)ৰ গুৰুতৰ অভিযোগ

author img

By

Published : Jun 8, 2021, 1:34 PM IST

ধলাই জিলাৰ অন্তৰ্গত কমলপুৰ উপ সংমণ্ডলৰ স্থানীয় চিপিআইএম (cpim)নেতা আৰু তেওঁলোকৰ দলৰ কাৰ্যালয়ত আক্ৰমণ কৰাৰ অভিযোগ উঠিছে ত্ৰিপুৰাৰ খাদ্যমন্ত্ৰী মনোজ কান্তি দেৱ আৰু স্থানীয় বিজেপি নেতাৰ বিৰুদ্ধে । এক প্ৰেছ বিবৃতিযোগে খাদ্যমন্ত্ৰী আৰু তেওঁৰ সমষ্টিৰ মণ্ডল সভাপতি শ্যামল পলৰ বিৰুদ্ধে দলীয় কাৰ্যালয় আৰু তেওঁলোকৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰাৰ অভিযোগ কৰিছে চিপিআই(এম) দলে ।

tripura incident
বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

নেশ্যনেল ডেস্ক,৮ জুন: ত্ৰিপুৰাৰ খাদ্যমন্ত্ৰী মনোজ কান্তি দেৱ আৰু স্থানীয় বিজেপি নেতাৰ ওপৰত গুৰুতৰ অভিযোগ চিপিআই(এম) দলৰ । ধলাই জিলাৰ অন্তৰ্গত কমলপুৰ উপ সংমণ্ডলৰ স্থানীয় চিপিআইএম নেতা আৰু তেওঁলোকৰ দলৰ কাৰ্যালয়ত আক্ৰমণ কৰাৰ অভিযোগ উঠিছে বিজেপি নেতাজনৰ বিৰুদ্ধে । এক প্ৰেছ বিবৃতিযোগে খাদ্যমন্ত্ৰী আৰু তেওঁৰ সমষ্টিৰ মণ্ডল সভাপতি শ্যামল পলৰ বিৰুদ্ধে দলীয় কাৰ্যালয় আৰু তেওঁলোকৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰাৰ অভিযোগ কৰিছে চিপিআই(এম) দলে ।

tripura incident
বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

লগতে বিবৃতিত উল্লেখ কৰা মতে দুৰ্বৃত্তই চিপিআই(এম)ৰ স্থানীয় সমিতিৰ সম্পাদক অমৰ ভট্টাচাৰ্য, এছএফআইআই(SFII) কমলপুৰ সমিতিৰ সম্পাদক ৰাজা মজুমদাৰ, জ্যেষ্ঠ কৃষক শাখাৰ নেতা ভোলা মজুমদাৰ আৰু ডিৱাইএফআই (DYFI) কৰ্মী সুমংগল দে'ৰ ঘৰক লক্ষ্য কৰি লৈছিল । আক্ৰমণকাৰীয়ে প্ৰৱেশদ্বাৰ ভাঙি ব্যক্তিগত সম্পত্তি লণ্ডভণ্ড কৰাৰ লগতে মূল্যৱান সামগ্ৰী লুটি লৈ যোৱাৰো অভিযোগ তুলিছে ।

আনহাতে ক'ভিড পৰিস্থিতিৰ মাজতো ক'ভিড প্ৰট'কল ভংগ কৰি দলটোৱে কমলপুৰ চহৰত সমদল উলিওৱাৰো অভিযোগ চিপিআই(এম)ৰ । বিবৃতিটোত লগতে কোৱা হৈছে যে এই ঘটনাৰ পিছত সাধাৰণ ৰাইজ আতংকিত হৈ পৰিছিল । চিপিআই(এম) দলে এই ঘটনাক গৰিহণা দিয়াৰ লগতে আক্ৰমণত জড়িত লোকসকলক কঠোৰ শাস্তিৰ দাবী জনাইছে ।

tripura incident
বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

ইফালে চিপিআই(এম)ৰ কেইবাজনো নেতাৰ বিৰুদ্ধে বিজেপিয়ে শেহতীয়াকৈ সামাজিক মাধ্যমত বিতৰ্কিত আৰু উত্তেজিত মন্তব্য কৰাক লৈ এজাহাৰ দাখিল কৰিছিল । যাৰ বাবে অভিযুক্ত বাওঁমৰ্চাৰ আহ্বায়ক বিজন ধৰ আৰু প্ৰাক্তন সাংসদ জিতেন্দ্ৰ চৌধুৰীয়ে কয় যে বিজেপিৰ দুৰ্বৃত্তই চলোৱা হিংসাত্মক কাৰ্য-কলাপৰ বাবে তেওঁলোকৰ পোষ্টবোৰ আত্মৰক্ষা ভিত্তিত আছিল ।

লগতে পঢ়ক: বান্দা জিলা কাৰাগাৰৰ পৰা কাৰাবন্দী সন্ধানহীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.