ETV Bharat / bharat

Bangladesh-India Cultural Meet-2022 : কাৰ্যসূচীত ত্ৰিপুৰাৰ মন্ত্ৰী ৰাম প্ৰসাদ পালৰ অংশগ্ৰহণ

author img

By

Published : Mar 2, 2022, 5:05 PM IST

বাংলাদেশত অনুষ্ঠিত পঞ্চম বাংলাদেশ-ভাৰত সাংস্কৃতিক সভা-২০২২ত অংশগ্ৰহণ কৰে ত্ৰিপুৰাৰ মন্ত্ৰী ৰাম প্ৰসাদ পালে (Tripura Minister Ram Prasad Pal visits Bangladesh)। মন্ত্ৰীগৰাকীক বাংলাদেশত উষ্ম আদৰণি । দুয়োখন দেশৰে প্ৰধানমন্ত্ৰী দুগৰাকীক প্ৰশংসা ৰাম প্ৰসাদ পালৰ ।

Bangladesh India Cultural Meet
কাৰ্যসূচীত ত্ৰিপুৰাৰ মন্ত্ৰী ৰাম প্ৰসাদ পালৰ অংশগ্ৰহণ

আগৰতলা,২ মাৰ্চ : বাংলাদেশত অনুষ্ঠিত হৈছে পঞ্চম বাংলাদেশ-ভাৰত সাংস্কৃতিক সভা-২০২২ (Fifth Bangladesh-India Cultural Meet-2022) । বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী আৰু বাংলাদেশ-ভাৰত বন্ধুত্বৰ ৫০ তম বাৰ্ষিকী, দেশৰ প্ৰথম ৰাষ্ট্ৰপতি শ্বেখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী পালন কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হয় । এই কাৰ্যসূচীত উপস্থিত থাকে ত্ৰিপুৰাৰ সমবায় মন্ত্ৰী ৰামপ্ৰসাদ পাল (Tripura Minister Ram Prasad Pal visits Bangladesh)।

বাংলাদেশ ভ্ৰমণৰ সময়তে মন্ত্ৰীগৰাকীয়ে মঙলবাৰে কয় যে দুয়োখন দেশৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক চিৰদিনলৈ থাকিব । আনহাতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিয়াৰ নেতৃত্বত দুয়োখন দেশৰ উন্নয়ন ধাৰা অব্যাহত আছে । দুয়োখন দেশৰ চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰিছে ।

ইফালে মন্ত্ৰীগৰাকী ঢাকা বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে বাংলাদেশৰ সংসদ সদস্য পংকজ দেবনাথে আদৰণি জনায় । শুকুৰবাৰে ঢাকাৰ পৰা উৰা মাৰি বাংলাদেশৰ ৰাজশাহী জিলাত তেওঁ উপস্থিত হৈছিল । সমবায় মন্ত্ৰীৰ বাংলাদেশ ভ্ৰমণৰ প্ৰথম কাৰ্যসূচী হিচাপে ২৬ ফেব্ৰুৱাৰীত বঙ্গবন্ধু আৰু শ্বহীদ এ এইচ এম কামাৰুজ্জমানৰ প্ৰতি তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । বাংলাদেশ ভ্ৰমণৰ সময়ত বিভিন্ন সংবাদ মাধ্যমত তেওঁ উল্লেখ কৰিছে যে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক দিনক দিনে শক্তিশালী হৈ আহিছে আৰু আনকি ত্ৰিপুৰাৰ ৰাইজে বাংলাদেশক আত্মীয় হিচাপে গণ্য কৰে ।

মন্ত্ৰীগৰাকী ৰাজশাহীত উপস্থিত হোৱাৰ পাছতে মেয়ৰ এ এইচ এম কামাৰুজ্জমান লিটনৰ নেতৃত্বত মন্ত্ৰীগৰাকীক এক উষ্ম আদৰণি জনোৱা হয় । তেওঁ ৰাষ্ট্ৰপিতা বঙ্গবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ সোণালী বংগ গঢ়াৰ সপোন বাস্তৱায়িত কৰাত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ অৱদানৰ কথা উল্লেখ কৰে । বাংলাদেশ ভ্ৰমণৰ সময়ত সমবায় মন্ত্ৰীগৰাকীয়ে ৰাজশাহী বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে আৰু ৰাজশ্বাহী বিশ্ববিদ্যালয়ত বঙ্গবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ শ্বহীদ মিনাৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

লগতে পঢ়ক :ত্ৰিপুৰাত ছগৰাকী বাংলাদেশী নাগৰিক আটক

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.