ETV Bharat / bharat

PM Modi to visit Tripura : প্ৰধানমন্ত্ৰী অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ ল'লে মন্ত্ৰী সুশান্ত চৌধুৰীয়ে - ত্ৰিপুৰাৰ বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল ভৱন

৪ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ত্ৰিপুৰাৰ বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল ভৱন উদ্বোধন কৰিব (PM modi to inaugurate MBB airport terminal)। তদুপৰি এক বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে । এই অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ ল'বলৈ বুধবাৰে আগৰতলাত উপস্থিত মন্ত্ৰী সুশান্ত চৌধুৰী ।

PM Modi to visit Tripura
প্ৰধানমন্ত্ৰী অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ ল'লে মন্ত্ৰী সুশান্ত চৌধুৰীয়ে
author img

By

Published : Dec 30, 2021, 1:39 PM IST

আগৰতলা, ৩০ ডিচেম্বৰ : ত্ৰিপুৰাবাসীৰ বাবে সুখবৰ । নিৰ্মাণ সম্পূৰ্ণ ত্ৰিপুৰাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ । অত্যাধুনিক প্ৰযুক্তিৰ এই টাৰ্মিনেল ভৱন বছৰৰ আৰম্ভণিৰ সপ্তাহ অৰ্থাৎ ৪ জানুৱাৰীত মুকলি কৰা হ'ব । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিব এই বিশাল টাৰ্মিনেল ভৱনটো (PM modi to inaugurate MBB airport terminal) ।

ইতিমধ্যে উদ্বোধনী অনুষ্ঠানৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে ত্ৰিপুৰা চৰকাৰে । টাৰ্মিনেল ভৱনৰ উদ্বোধনৰ লগতে আগৰতলাৰ স্বামী বিবেকানন্দ ময়দানত বিশাল জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে । অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ ল'বলৈ বুধবাৰে আগৰতলাত উপস্থিত হয় ৰাজ্যখনৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমাা মন্ত্ৰী সুশান্ত চৌধুৰী ।

মোডীৰ সভা অনুষ্ঠিত হ’বলগীয়া গণ সমাৱেশস্থলী পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে সাংবাদিকক কয় যে, তেওঁ স্বামী বিবেকানন্দ ময়দানত নিৰ্মাণ কৰা মঞ্চ আৰু অন্যান্য বিষয়সমূহ পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লৈছে । প্ৰধানমন্ত্ৰীৰ আগমনৰ পৰিপ্ৰেক্ষিতত যাতে নিৰাপত্তাৰ ক্ষেত্ৰত কোনো সুৰুঙা নাথাকে তাৰ বাবে সকলো কৰ্তৃপক্ষকে নিৰ্দেশনা দিছে মন্ত্ৰীগৰাকীয়ে ।

বিবেকানন্দ ময়দান পৰিদৰ্শনৰ সময়ত তেওঁৰ সৈতে ত্ৰিপুৰা ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ টিংকু ৰয়, ত্ৰিপুৰা খাদী ব'ৰ্ডৰ অধ্যক্ষ ৰাজীৱ ভট্টাচাৰ্য আৰু তথ্য আৰু সাংস্কৃতিক বিভাগৰ সঞ্চালক ৰতন বিশ্বাস উপস্থিত থাকে ৷

উল্লেখ্য যে, ৪৩৮ কোটি টকা ব্যয়েৰে নিৰ্মিত ৩০ হাজাৰ বৰ্গমিটাৰৰ টাৰ্মিনেলটোত ২০ টা চেক-ইন কাউণ্টাৰ, ৪ খন যাত্ৰী ব’ৰ্ডিং দলঙৰ উপৰিও যাত্ৰীৰ সুবিধাৰ্থে বিভিন্ন ব্যৱস্থা থাকিব । একে সময়তে ১০০০ ঘৰুৱা আৰু ২০০ আন্তৰ্জাতিক যাত্ৰী পৰিচালনা কৰিবলৈ সক্ষম হ'ব এই টাৰ্মিনেলটোৱে । ইয়াৰ ফলত টাৰ্মিনেলটোৰ বাৰ্ষিক যাত্ৰী পৰিচালনা ক্ষমতা ৩ নিযুত হ'ব ।

টাৰ্মিনেল ভৱনটোত ত্ৰিপুৰাৰ কলা-সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে পৰ্যটনস্থলীবোৰ বিশেষভাৱে অংকন কৰা হৈছে । ইফালে তাত প্ৰদৰ্শিত বিভিন্ন শিল্প-কলাত ত্ৰিপুৰাত উপলব্ধ বাঁহ ব্যৱহাৰ কৰা হৈছে । টাৰ্মিনেলটোত ত্ৰিপুৰাৰ সংস্কৃতি আৰু পৰ্যটন প্ৰচাৰৰ বিশেষ ব্যৱস্থা কৰা হৈছে । ইয়াৰোপৰি অত্যাধুনিক প্ৰযুক্তিৰে টাৰ্মিনেল ভৱনটো নিৰ্মাণ কৰা হৈছে ।

লগতে পঢ়ক : MBB Airport new terminal: মুকলিৰ পূৰ্বে AAIৰ অধ্যক্ষৰ পৰিদৰ্শন টাৰ্মিনেল ভৱন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.