আগৰতলা,৯ জুন: ত্ৰিপুৰাৰ কেবিনেট বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় । এমজিএনৰেগা (MGNREGA)ৰ মজুৰি পৰিশোধৰ সময়ৰ কিছু সালসলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মন্ত্ৰীসভাৰ বৈঠকত । মজুৰি সাপ্তাহিক হিচাপত পৰিশোধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে সামাজিক মাধ্যমত দিয়া এটা পোষ্টত উল্লেখ কৰিছে এই সিদ্ধান্তৰ কথা । তেওঁৰ মতে কোনো কাৰণতে এই মজুৰী বিলম্ব হ'লে সহ্য কৰা নহ'ব । মাষ্টাৰৰোল বন্ধ হোৱাৰ এসপ্তাহৰ ভিতৰত মজুৰি পৰিশোধ কৰিব লাগিব ৷ যদি কোনো সমস্যাৰ উদ্ভৱ হয়, ১৫ দিনৰ ভিতৰত পৰিশোধ কৰিব লাগিব । যদি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত চৰকাৰী অসুবিধাৰ বাবে মজুৰি পৰিশোধ কৰিব নোৱাৰি, হিতাধিকাৰীক ক্ষতিপূৰণ হিচাপে ১৬ নম্বৰ দিনৰ পৰা মূল মজুৰিৰ সৈতে ০.০৫ শতাংশৰ সুদ আৰোপ কৰা হ'ব ।
মজুৰি পৰিশোধৰ বিলম্বৰ ক্ষেত্ৰত কোনো বিষয়া দায়বদ্ধ হ'লে তেওঁলোকক জৰিমনা বিহা হ'ব । লগতে সমগ্ৰ প্ৰণালীটো স্বচ্ছ কৰাৰ বাবে, কামৰ পৰিমাণ নিৰ্ধাৰণৰ পৰা মজুৰি পৰিশোধলৈকে সকলো কম্পিউটাৰাইজড কৰা হ'ব। পোষ্টটোত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে হিতাধিকাৰীসকলক দিয়া ক্ষতিপূৰণৰ পৰিমাণ কম্পিউটাৰাইজড প্ৰণালীৰ জৰিয়তে গণনা কৰা হ'ব ।

ইয়াৰ উপৰিও এক পৃথক পোষ্টত মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক জনায় যে, বজাৰত চলি থকা অবৈধ হৰ্ডিঙৰ মোকাবিলা কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এখন স্মাৰকপত্ৰ শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁ ঘোষণা কৰা বিশেষ পেকেজৰ পৰা পিঁয়াজ আৰু আলু বাদ দিয়া হৈছে ৷ এই দুটা সামগ্ৰীৰ বাবে নিৰ্ধাৰিত পৰিমাণ পোনপটীয়াকৈ প্ৰত্যক্ষ লাভালাভ স্থানান্তৰৰ জৰিয়তে জমা কৰা হ'ব ।
লগতে পঢ়ক: ত্ৰিপুৰাৰ জোলাইবাৰী গ্ৰাম্য উন্নয়ন খণ্ডৰ উপদেষ্টা অধ্যক্ষক আক্ৰমণ