নেশ্যনেল ডেস্ক,২২ মে': কৰ'ণা পৰিস্থিতিত কৰ্তব্য পালন কৰা সাংবাদিক তথা সংবাদকৰ্মীসকলৰ বাবে ত্ৰিপুৰা চৰকাৰৰ আদৰণীয় পদক্ষেপ । ৰাজধানী আগৰতলাত সংবাদ সেৱাৰ লগত জড়িত লোকসকলৰ বাবে প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচীৰ আয়োজন কৰে চৰকাৰে । য'ত সাংবাদিক, ফটো সাংবাদিককে ধৰি এই সেৱাৰ লগত জড়িত প্ৰায় ৭৬৬ গৰাকীয়ে প্ৰতিষেধক গ্ৰহণ কৰে ।
টীকাকৰণ শিবিৰ পৰিদৰ্শন কৰি শিক্ষামন্ত্ৰী ৰতন লাল নাথে কয় যে ৰাজ্য চৰকাৰে ক'ভিড পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে তিনিতৰপীয়া ৰণনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । সেইকেইটা হ'ল পৰীক্ষা, উপযুক্ত আচৰণ আৰু টীকাকৰণ । তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেবেও ইতিমধ্যে সাংবাদিকসকল ফ্ৰণ্টলাইন যোদ্ধা হিচাপে বিবেচনা কৰি তেওঁলোকক অগ্ৰাধিকাৰৰ ভিত্তিত ভেকছিনৰ পালি দিয়া উচিত বুলি উল্লেখ কৰিছে ।
![vaccination](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11855032_991_11855032_1621671587034.png)
শিক্ষামন্ত্ৰী গৰাকীৰ মতে মহামাৰীৰ এই সময়ত সাংবাদিকসকলৰ এক ডাঙৰ ভূমিকা আছে । যিসকলক অভিযানৰ পৰা বাদ পৰিব তেওঁলোককো পৃথকে টীকাকৰণ কৰা হ'ব । অৱশ্যে তেওঁ স্বীকাৰ কৰে যে প্ৰায় প্ৰতিখন ৰাজ্যতে ভেকছিনৰ অভাৱ আছে কিন্তু তাৰ পিছতো ৰাজ্যখনে টীকাকৰণ অভিযান বৃদ্ধি কৰিছে আৰু ৪৫ ৰ পৰা ৬০ বছৰ বয়সৰ বাবে প্ৰায় ৭৫,০০০ ভেকছিন ত্ৰিপুৰাত এতিয়াও মজুত আছে ।
![vaccination](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-mass-vax_22052021014518_2205f_1621628118_214.jpg)
আগৰতলা প্ৰেছ ক্লাবে দিয়া এক প্ৰেছ বিবৃতি মতে আগৰতলা প্ৰেছ ক্লাবত আয়োজিত এইটো তৃতীয় টীকাকৰণ শিবিৰ । টীকাকৰণ শিবিৰৰ সময়ত শিক্ষামন্ত্ৰী ৰতন লাল নাথৰ লগতে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব জে কে সিনহা, আইচিএ বিভাগৰ সঞ্চালক ৰতন বিশ্বাস, আগৰতলা প্ৰেছ ক্লাবৰ সভাপতি সুবল কুমাৰ দে, উপ-সভাপতি অৰুণ নাথ আৰু সচিব প্ৰণৱ সৰকাৰো উপস্থিত থাকে ।
লগতে পঢ়ক:ত্ৰিপুৰাত ২২ মে'ত ২৪ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বান আইপিএফটিৰ