ETV Bharat / bharat

মটৰ মেকানিকে চন্দ্ৰত ক্ৰয় কৰিলে ৩ একৰ মাটি - Motor mechanic buy land on moon

চন্দ্ৰত মাটি ক্ৰয়ৰ প্ৰতিযোগিতা চলিছে । ত্ৰিপুৰাৰ আন এজন লোকে মাটি ক্ৰয় কৰিছে চন্দ্ৰত (Tripura man claims purchase of land on moon)। লোকজনে দাবী কৰা মতে ১০,৪৩২ টকাত ৩ একৰ ভূমি ক্ৰয় কৰিছে লোকজনে । লোকজন পেছাত মটৰ মেকানিক ।

tripura-man-claims-purchase-of-land-on-moon
মটৰ মেকানিকে চন্দ্ৰত ক্ৰয় কৰিলে ৩ একৰ মাটি
author img

By

Published : Feb 18, 2022, 11:47 AM IST

আগৰতলা,১৮ ফেব্ৰুৱাৰী : এইবাৰ চন্দ্ৰত মাটি ক্ৰয় কৰিলে ত্ৰিপুৰাৰ এজন মটৰ মেকানিকে (Tripura man claims purchase of land on moon)। চন্দ্ৰত ৩ একৰ ভূমি ক্ৰয় কৰিছে লোকজনে । হয় আচৰিত যেন লাগিলেও এই কথা দাবী কৰিছে ত্ৰিপুৰাৰ লোকজনে । এই দাবী কৰা লোকজনৰ নাম চম্পক দেৱনাথ । তেওঁৰ ঘৰ ত্ৰিপুৰাৰ পশ্চিম জিলাৰ মোহনপুৰ মহকুমাৰ অন্তৰ্গত তুলাবাগান গাঁৱত ।

ইয়াৰ পূৰ্বে ত্ৰিপুৰাৰে আন এগৰাকী ব্যক্তিয়ে দাবী কৰিছিল যে তেওঁ মাটি ক্ৰয় কৰিছে । সাংবাদিকৰ সন্মুখত চম্পকে কয় যে, তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে চন্দ্ৰত মাটি ক্ৰয়ৰ বিষয়টো গম পাইছিল । তেওঁৰ ৰাজ্যৰে এজন লোকে চন্দ্ৰত মাটি কিনা কথাটো যেতিয়া গম পাইছিল তেতিয়া তেওঁ নিজেও মাটি ক্ৰয়ৰ সিদ্ধান্ত লৈছিল । বিষয়টো চম্পকে তেওঁৰ ভাতৃ জয়ন্ত দেৱনাথক অৱগত কৰিছিল । ইণ্টাৰনেটত তেওঁ বিষয়টো অনুসন্ধান চলাইছিল ।

পাছতে প্ৰায় ১৩৯ আমেৰিকান ডলাৰ মূল্যত তেওঁৰ বাবে চন্দ্ৰত ৩ একৰ ভূমি বিচাৰি পাইছিল । উল্লেখ্য যে ১৩৯ আমেৰিকান ডলাৰ ভাৰতীয় মুদ্ৰা ১০,৪৩২ টকাৰ সমান । চম্পক দেৱনাথে জনোৱা মতে তেওঁ ইতিমধ্যে ইমেইলযোগে অত্যাৱশ্যকীয় নথিপত্ৰৰ চফ্ট প্ৰতিলিপি লাভ কৰিছে । মূল প্ৰতিলিপিবোৰ ডাকযোগে প্ৰেৰণ কৰা হয় আৰু অহা সপ্তাহৰ ভিতৰত চাব্ৰুম আহি পাব বুলি দাবী কৰিছে চম্পকে ।

ইয়াৰ পূৰ্বে, সোমবাৰে ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ সুমন দেৱনাথ নামৰ লোকজনে চন্দ্ৰত মাটি ক্ৰয়ৰ বাবদ লুনাৰ চছাইটি ইণ্টাৰনেচনেলক (Lunar Society International) ৬,০০০ টকা পৰিশোধ কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :বিবাহবাৰ্ষিকীত চন্দ্ৰত ভূমি কিনি পত্নীক উপহাৰ দিলে স্বামীয়ে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.