ETV Bharat / bharat

ত্ৰিপুৰাত আনাৰস গছৰ পাতৰ পৰা তৈয়াৰ কৰা হ'ব কাপোৰ ! - ত্ৰিপুৰা

সুস্বাদু আনাৰসৰ বাবে জনাজাত ত্ৰিপুৰাই এইবাৰ আনাৰস গছৰ পাতৰ পৰাও কাপোৰ তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছে । সোমবাৰে হস্ততাঁত, হস্তশিল্প আৰু ৰেচম বিভাগৰ বিষয়াসকলৰে এখন বৈঠকত মিলিত হয় ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে । এই ক্ষেত্ৰত নতুন প্ৰযুক্তিগত উন্নয়ন সাধন কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Tripura likely to start producing pineapple leaf fabric soon
আনাৰস গছৰ পাতৰ পৰা কাপোৰ তৈয়াৰ
author img

By

Published : Sep 21, 2021, 11:05 AM IST

আগৰতলা, ২১ ছেপ্টেম্বৰ: ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ লক্ষ্যৰে এইবাৰ আনাৰস(pineapple) গছৰ পাতৰ পৰা কাপোৰ তৈয়াৰ কৰাৰ যো-জা চলাইছে ত্ৰিপুৰা(Tripura)ই । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে(Biplab Kumar Deb) এই ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে । সোমবাৰে তেওঁ হস্ততাঁত, হস্তশিল্প আৰু ৰেচম বিভাগৰ বিষয়াসকলৰে এখন পৰ্যালোচনা বৈঠকত মিলিত হয় ।

মুখ্যমন্ত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত আনাৰস গছৰ পাতৰ পৰা কাপোৰ তৈয়াৰ কৰিবলৈ বিভাগীয় বিষয়াসকলক চিন্তা-চৰ্চা কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে এই ক্ষেত্ৰত নতুন প্ৰযুক্তিগত উন্নয়ন সাধন কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে । কিয়নো, ৰাষ্ট্ৰীয় পৰ্যায়ত এনে কাপোৰৰ যথেষ্ট চাহিদা আছে ।

আনহাতে, বৈঠকত এগৰাকী উচ্চ পদস্থ বিষয়াই কয় যে সমগ্ৰ ত্ৰিপুৰাতে আনাৰসৰ বাগিচা বিস্তাৰিত হৈ আছে । ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত চাহিদা থকা আনাৰস গছৰ পাতৰ পৰা তৈয়াৰী কাপোৰ ত্ৰিপুৰাত উৎপাদন কৰিব পৰাটো নিশ্চিত কৰিবলৈ বিভাগটোৱে প্ৰয়োজনীয় পদক্ষেপ লোৱা উচিত ।

শিপিনী, কৃষকৰ লগতে আন অংশীদাৰসকল এই ব্যৱসায়ৰ জৰিয়তে যথেষ্ট লাভান্বিত হ'ব বুলি বিষয়াগৰাকীয়ে মন্তব্য কৰে । ইফালে, মুখ্যমন্ত্ৰীগৰাকীয়ে বজাৰত চাহিদা থকা সামগ্ৰী উৎপাদনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, হস্ততাঁত, হস্তশিল্প আৰু ৰেচম বিভাগৰ কামবোৰ লাভৰ দিশত হ'ব লাগে ।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে মীন বিভাগৰ কাৰ্যকলাপৰ বিষয়েও পৰ্যালোচনা কৰে । মীনপালন সন্দৰ্ভত মুখ্যমন্ত্ৰী দেৱে কয় যে, মৎস্য ব্যৱসায়ীসকলক সুবিধা প্ৰদান কৰাৰ বাবে ৰাজ্যখনত শীত-তাপ নিয়ন্ত্ৰিত মাছৰ বজাৰ স্থাপনৰ প্ৰস্তাৱ সন্দৰ্ভত তেওঁ শীঘ্ৰেই নাবাৰ্ডৰ সৈতে আলোচনা কৰিব । বিভাগীয় মন্ত্ৰী ভগৱান দাস, মুখ্য সচিব কুমাৰ আলোক আৰু বিভাগটোৰ অন্যান্য শীৰ্ষ বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:JNUৰ প্ৰৱেশ পৰীক্ষা আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.