আগৰতলা, 25 মে’: পথাৰ আমাৰ বজাৰ আমাৰ ৷ ত্ৰিপুৰাৰৰ কৃষিখণ্ড তথা গ্ৰাম্য অঞ্চলসমূহৰ বিকাশৰ বাবে উপ-মুখ্যমন্ত্ৰী তথা শক্তি মন্ত্ৰী জিষ্ণু দেৱ বৰ্মাৰ (Tripura’s Deputy Chief Minister Jishnu Dev Varma) গুৰুত্বপূৰ্ণ আঁচনি ঘোষণা ৷ শেহতীয়াকৈ মন্ত্ৰীগৰাকীয়ে ত্ৰিপুৰা নৱীকৰণযোগ্য শক্তি উন্নয়ন প্ৰাধিকৰণৰ (Tripura Renewable Energy Development Authority) এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে ৷
এই বৈঠকত ৰাজ্য চৰকাৰৰ সৌৰ শক্তি "আলোক জ্যোতি প্ৰকল্প"ৰ (Aalok Jyoti Prakalpa) জৰিয়তে গাঁৱৰ বজাৰসমূহ পোহৰাই তোলাৰ লগতে বৃস্তিত ব্যৱসায় আৰু বজাৰসমূহৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ৰাজ্যখনৰ দূৰৱৰ্তী গাঁৱৰ বজাৰবোৰো পোহৰ কৰি তোলাৰ সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে (Tripura lays emphasis to light up markets in rural hamlet) ৷
মন্ত্ৰীগৰাকীয়ে কয়, "আলোক জ্যোতি প্ৰকল্পৰ অধীনত দূৰৱৰ্তী অঞ্চলসমূহৰ গাঁওসমূহো সামৰি লোৱা হৈছে যদিও এতিয়াও কিছু অঞ্চল সামৰি ল’ব পৰা নাই ৷ পূৰ্বৰ চৰকাৰে গ্ৰাম্যাঞ্চলত বাস কৰা লোকসকলৰ বিষয়ে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিল ৷" লগতে ক্ষুদ্ৰ কৃষকসকলৰ সুবিধাৰ্থে জলসিঞ্চনৰ ব্যৱস্থাৰ বাবে প্ৰধানমন্ত্ৰী-কুসুম সৌৰ পাম্পৰো বিষয়েও মন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে ৷
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এই আঁচনিৰ বাবে ত্ৰিপুৰা চৰকাৰে কৃষকসকলক অতিৰিক্ত ৰাজসাহায্য প্ৰদান কৰিছে । কৃষকসকলে এটা এইচ পি পাম্পৰ বাবে 2,500 টকা পৰিশোধ কৰিব লাগিব ৷ এই পাম্পৰ প্ৰকৃত ব্যয় 2.50 লাখ টকা । এই বিশেষ সুবিধা কেৱল ত্ৰিপুৰাৰ বাবেহে উপলব্ধ । ই ক্ষুদ্ৰ কৃষকসকলক দূৰৱৰ্তী গাঁওসমূহত, বিশেষকৈ জনজাতীয় বসতিসমূহত কেৱল একক শস্যৰ ঠাইত জলসিঞ্চনৰ জৰিয়তে দুবাৰ শস্য চপোৱাত সহায় কৰিব ৷
তেওঁ লগতে কয়, "সম্প্ৰতি উক্ত দুয়োটা আঁচনিৰ কাম সুচাৰুৰূপে চলি আছে । মই ট্ৰেডাক তেওঁলোকৰ কাম ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছো । ট্ৰেডাৰ বিষয়াসকলৰ সৈতে সকলো জিলাৰ সভাধিপতিসকল উপস্থিত হৈ আঁচনিসমূহ পৰ্যবেক্ষণ কৰিছে ।"
লগতে পঢ়ক : Yasin Malik awarded life imprisonment: য়াচিন মালিকক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ