ETV Bharat / bharat

দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ত্ৰিপুৰাত বিকল্প পদ্ধতি গ্ৰহণ

ত্ৰিপুৰাত একাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলে ভাগ্য নিৰ্ণয় কৰিব দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ । একাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি চূড়ান্ত কৰা হ'ব দ্বাদশ শ্ৰেণীৰ পৰীক্ষা । শিক্ষা বিভাগৰ সিদ্ধান্তক লৈ অসন্তুষ্ট দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থী ।

Tripura exam
দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ত্ৰিপুৰাত বিকল্প পদ্ধতি গ্ৰহণ
author img

By

Published : Jun 22, 2021, 1:38 PM IST

নেশ্যনেল ডেস্ক, ২২ জুন: পৰীক্ষা অনুষ্ঠিত কৰাক লৈ ত্ৰিপুৰাৰ শিক্ষা বিভাগে গ্ৰহণ কৰা সিদ্ধান্তক লৈ মুঠেও সন্তুষ্ট নহয় দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীসকল । প্ৰাক-ব'ৰ্ড পৰীক্ষাৰ ফলাফল আৰু আগৰ বছৰৰ বাৰ্ষিক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নম্বৰৰ ওপৰত ভিত্তি কৰি ৰাজ্যখনৰ ৬০ হাজাৰৰো অধিক পৰীক্ষাৰ্থীৰ ফলাফল নিৰ্ধাৰণ কৰা হ'ব । শেহতীয়াকৈ এই শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শন পত্ৰিকাবোৰ বিচাৰিছিল পৰিষদে । ইয়াৰ পাছতে, ত্ৰিপুৰা মাধ্যমিক শিক্ষা পৰিষদে(TBSE) পৰীক্ষা বাতিল কৰে ।

আনহাতে, সম্ভাৱ্য মূল্যাংকন প্ৰক্ৰিয়াক লৈ নতুন জল্পনা-কল্পনা আৰম্ভ হৈছে । বিষয়টো সন্দৰ্ভত অনিশ্চয়তা আছিল যদিও অৱশেষত মাধ্যমিক শিক্ষা বিভাগে ত্ৰিপুৰা মাধ্যমিক শিক্ষা পৰিষদে বাছনি কৰিবলগীয়া মূল্যাংকন পদ্ধতি প্ৰকাশ কৰি এক নতুন জাননী জাৰি কৰিছে । কিন্তু এই নতুন জাননীক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে প্ৰক্ৰিয়াটোৱে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীসকলে । কেইবাগৰাকীও শিক্ষাৰ্থীয়ে এই পদ্ধতিটোক "নিৰ্দিষ্টভাৱে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষাৰ্থীসকলৰ প্ৰকৃত সম্ভাৱনা বিচাৰ কৰিবলৈ অবাস্তৱ" বুলি অভিহিত কৰিছে ।

Tripura exam
দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ত্ৰিপুৰাত বিকল্প পদ্ধতি গ্ৰহণ

চৰকাৰী নিৰ্দেশ অনুসৰি, যোৱা ২১ জুনত অনুষ্ঠিত বিশেষজ্ঞ সমিতিৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, প্ৰধান শিক্ষক আৰু আন শিক্ষকসকলক পৰিষদৰ পৰীক্ষাৰ্থীসকলৰ প্ৰদৰ্শন পত্ৰিকা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হয় । মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীসকলে নৱম শ্ৰেণী(Class-IX)ৰ বাৰ্ষিক পৰীক্ষা(Annual Examination)ৰ(তত্ত্ব অংশ) নম্বৰ, দশম শ্ৰেণী(Class-X)ৰ প্ৰাক-ব'ৰ্ড পৰীক্ষাৰ নম্বৰ(কেৱল পৰীক্ষা অনুষ্ঠিত হোৱা বিষয়ত) আৰু ২০২০-২১ৰ শিক্ষাবৰ্ষত দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ আভ্যন্তৰীণ মূল্যায়নৰ নম্বৰ বিচৰা হৈছে । প্ৰদৰ্শন পত্ৰিকাবোৰত বিদ্যালয় পৰিদৰ্শক (মাধ্যমিকৰ বাবে) আৰু জিলা শিক্ষা বিষয়াৰ (উচ্চতৰ মাধ্যমিকৰ বাবে) স্বাক্ষৰ থকাটো বাধ্যতামূলক কৰা হৈছে ।

প্ৰতিষ্ঠানসমূহৰ সকলো মুৰব্বীক তথ্য সংকলন কৰিবলৈ এসপ্তাহৰ (২৮ জুনলৈকে) সময় দিয়া হৈছিল । অৱশ্যে, শিক্ষা বিভাগৰ নিৰ্দেশক লৈ মুঠেও সন্তুষ্ট নাছিল শিক্ষাৰ্থীসকল । উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে একাদশ শ্ৰেণীৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ফলাফল ঘোষণাৰ কৰিব বিচৰা কাৰ্যক লৈ প্ৰশ্ন উত্থাপন কৰিছিল বহু শিক্ষাৰ্থীয়ে । আনহাতে, একাদশ শ্ৰেণীত বেছিভাগ শিক্ষাৰ্থীয়ে বিশেষ কষ্ট কৰা দেখা নাযায় আৰু তেওঁলোকে চূড়ান্ত বৰ্ষৰ বাবে প্ৰস্তুতি চলায় ।

একাদশ শ্ৰেণীত মাত্ৰ ৪৫ শতাংশ নম্বৰ লাভ কৰা শিক্ষাৰ্থীয়ে যথেষ্ট ভাল নম্বৰ লাভ কৰি দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ উদাহৰণ আছে । আনকি যুটীয়া প্ৰৱেশ পৰীক্ষাতো স্থান লাভ কৰিবলৈ সক্ষম হয় । চৰকাৰক বিষয়টো সন্দৰ্ভত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীয়ে ।

লগতে পঢ়ক:চ’ছিয়েল মিডিয়াৰ নতুন গোপনীয়তা নীতিৰ ওপৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায় সংৰক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.