ETV Bharat / bharat

বিজন ধৰৰ বিৰুদ্ধে চলা তদন্ত ৪ সপ্তাহৰ বাবে স্থগিত - বিজন ধৰ

শুকুৰবাৰে বাওঁ মৰ্চাৰ আহ্বায়ক বিজন ধৰ(BIJAN DHAR)ৰ বিৰুদ্ধে চলা তদন্ত ৪ সপ্তাহৰ বাবে স্থগিত কৰিলে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে । চি পি আই এম(CPIM)ৰ প্ৰাক্তন মন্ত্ৰী ভানু লাল সাহাৰ বিৰুদ্ধে এখন এজাহাৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে আদালতে ।

tripura-high-court-stays-inquiry-on-bijan-dhar
বিজন ধৰৰ বিৰুদ্ধে চলা তদন্ত ৪ সপ্তাহৰ বাবে স্থগিত কৰিলে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে
author img

By

Published : Jun 26, 2021, 12:49 PM IST

আগৰতলা, ২৬ জুন: কিছু সময়ৰ বাবে হ'লেও তদন্তৰ পৰা সকাহ । বাওঁ মৰ্চাৰ আহ্বায়ক বিজন ধৰৰ বিৰুদ্ধে চলা তদন্ত ৪ সপ্তাহৰ বাবে স্থগিত কৰিলে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে (Tripura High Court) । এটা ছ'চিয়েল মিডিয়া পোষ্টক লৈ ধৰৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল । উক্ত পোষ্টটোক উচতনিমূলক আখ্যা দি ৰাজ্যখনৰ বিভিন্ন আৰক্ষী থানাত কেইবাখনো এজাহাৰ দাখিল কৰা হৈছিল ধৰৰ বিৰুদ্ধে ।

tripura-high-court-stays-inquiry-on-bijan-dhar
বিজন ধৰৰ বিৰুদ্ধে চলা তদন্ত ৪ সপ্তাহৰ বাবে স্থগিত কৰিলে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে

এই অভিযোগ কেৱল বিজন ধৰৰ বিৰুদ্ধেহে উত্থাপন হৈছে এনে নহয় । পোষ্টটোক লৈ সৃষ্টি হোৱা বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে চি পি আই এম(CPIM)ৰ নেতা জিতেন্দ্ৰ চৌধুৰী (JITENDRA CHOWDHURY) আৰু ভানু লাল সাহা (BHANU LAL SAHA) । প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ভানু লাল সাহাৰ বিৰুদ্ধেও বিভিন্ন আৰক্ষী থানাত একাধিক এজাহাৰ দাখিল কৰা হৈছিল । শুকুৰবাৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে এখন নিৰ্দিষ্ট আৰক্ষী থানাত পঞ্জীয়ন কৰা এটা গোচৰৰ ভিত্তিত সাহাৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে ।

পোষ্টটো সন্দৰ্ভত দাখিল কৰা এজাহাৰৰ বিৰুদ্ধে বিজন ধৰে আদালতত জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ আকিল কুৰেশীৰ একক বিচাৰপীঠে উত্তৰ বিচাৰি ৰাজ্য চৰকাৰলৈ এক জাননী জাৰি কৰে আৰু ৪ সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ সময় নিৰ্ধাৰণ কৰি দিয়ে ।

চৰকাৰে উত্তৰ দাখিল নকৰা পৰ্যন্ত ধৰৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ আদালতে নিৰ্দেশ দিয়ে । ধৰৰ পক্ষত থকা অধিবক্তাগৰাকীয়ে এই কথা জানিবলৈ দিয়ে । ইফালে, এজাহাৰৰ বিৰুধিতা কৰি চি পি আই এম নেতা জিতেন্দ্ৰ চৌধুৰীয়ে দাখিল কৰা আবেদনৰ শুনানি মঙলবাৰে গ্ৰহণ কৰা হ'ব ।

অৱশ্যে, চি পি আই এম দলে তেওঁলোকৰ নেতাসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে । আনকি, চি পি আই এমৰ প্ৰাক্তন সাংসদ জিতেন্দ্ৰ চৌধুৰীয়ে কয় যে, এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ, যি আৰক্ষীৰ দ্বাৰা কৰোৱা হৈছে । বিজেপিয়ে ত্ৰিপুৰাত দলৰ জনপ্ৰিয়তা দ্ৰুত গতিত হ্ৰাস পোৱাৰ বাবে শংকিত হৈ পৰিছে আৰু সেয়ে, বাওঁপন্থী নেতাসকলক অপযশ দিবলৈ এনে ধৰণৰ কাম কৰিছে ।

লগতে পঢ়ক:ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.