ETV Bharat / bharat

শৈলেশ যাদৱক আগৰতলাৰ পৰা বদলি কৰিবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

author img

By

Published : May 5, 2021, 2:15 PM IST

সোমবাৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ এ কুৰেশী আৰু ন্যায়াধীশ এছ জি চট্টোপাধ্যায়ৰ খণ্ড বিচাৰপীঠে ৰাজ্য চৰকাৰক শৈলেশ যাদৱক আগৰতলাৰ পৰা 'বদলিকৰণ' কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । শক্তিশালী প্ৰাথমিক দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰি যাদৱক বদলি কৰাটো অত্যাৱশ্যকীয় হ'ব বুলি কয় ন্যায়ালয়ে ।

Tripura HC
শৈলেশ যাদৱক আগৰতলাৰ পৰা বদলি কৰিবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

আগৰতলা, ৫ মে': পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ শৈলেশ যাদৱ সন্দৰ্ভত ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া । যাদৱৰ বিৰুদ্ধে বিভাগীয় তদন্ত স্থগিত ৰাখি আগৰতলাৰ পৰা 'বদলিকৰণ' কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ন্যয়ালয়ে । সোমবাৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ এ কুৰেশী আৰু ন্যায়াধীশ এছ জি চট্টোপাধ্যায়ৰ খণ্ড বিচাৰপীঠে ৰাজ্য চৰকাৰক এই নিৰ্দেশ প্ৰদান কৰে ।

শক্তিশালী প্ৰাথমিক দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰি যাদৱক বদলি কৰাটো আৱশ্যকীয় হ'ব বুলি কয় ন্যায়ালয়ে । শৈলেশ যাদৱ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে পৰৱৰ্তী শুনানিৰ তাৰিখ ৫ মে'ত নিৰ্ধাৰণ কৰিছিল যদিও পৰৱৰ্তী শুনানি অহা ২০ তাৰিখে হ'ব বুলি জানিব পৰা গৈছে ।

জ্যেষ্ঠ অধিবক্তা সোমিক দেৱ আৰু অধিবক্তা ৰোমেলা গুহা আদালতত আবেদনকাৰীসকলৰ হৈ হাজিৰ হৈছিল । পৰৱৰ্তী নিৰ্দেশ গ্ৰহন নকৰালৈকে জিলা দণ্ডাধীশৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া আগনবঢ়াবলৈ খণ্ড বিচাৰপীঠে চৰকাৰক নিশ্চিত কৰিবলৈ কয় । লগতে উচ্চ ন্যায়ালয়ে যাদৱক ঘটনা সন্দৰ্ভত যিকোনো প্ৰকাৰৰ বিবৃতি দিয়াৰ পৰা সংবাদ মাধ্যমৰ পৰা বিৰত থাকিবলৈ কয় ।

শৈলেশ যাদৱৰ বিৰুদ্ধে ন্যায়ালয়ত অভিযোগ জনোৱা আবেদনকাৰী আৰু ৰাজ্যিক প্ৰশাসনৰ পৰা সামাজিক মাধ্যমত প্ৰচাৰিত ভিডিঅ' ক্লিপবোৰৰ সম্পূৰ্ণ ফুটেজ বিচাৰিছে খণ্ড বিচাৰপীঠে । ইয়াৰোপৰিও জিলা দণ্ডাধীশৰ বিৰুদ্ধে তদন্তৰ সঠিক পৰ্যায় আৰম্ভ কৰিবলৈ এডভোকেট জেনেৰেলক কোৱা হৈছিল ।

লগতে যোৱা ২৬ এপ্ৰিলৰ নিশা আৰক্ষী থানাত কোনো মহিলা সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল নে আটক কৰা হৈছিল আৰু জিলা দণ্ডাধীশৰ সৈতে অভিযানকাৰী দলটোত কোনো মহিলা আৰক্ষী বিষয়া আছিল নেকি সেই বিষয়েও তদন্ত কৰিবলৈ এডভোকেট জেনেৰেলক কোৱা হৈছিল ।

সামাজিক মাধ্যমত প্ৰচাৰ হোৱা উক্ত দৃশ্যসমূহে কোনোধৰণৰ সঠিক তথ্য প্ৰকাশ কৰা নাই । গতিকে এই ঘটনাটোৰ বাবে জিলা দণ্ডাধীশৰ ওপৰত দোষাৰোপ কৰাটো শুদ্ধ নহয় বুলি কয় এডভোকেট জেনেৰেলে ।

ইফালে, উচ্চ ন্যায়ালয়ে জিলা দণ্ডাধীশৰ সৈতে উক্ত বিবাহ অনুষ্ঠানত যোৱা সদস্যসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত থাকে কিয়নো তেওঁলোকে কেৱল তেওঁলোকৰ উচ্চপদস্থ বিষয়াই তেওঁলোকক জাৰী কৰা আদেশহে পালন কৰিছিল । উল্লেখযোগ্য যে, দেশজুৰি কৰ'ণাৰ ভয়ংকৰ সংক্ৰমণৰ মাজতে যোৱা ২৬ এপ্ৰিলত ত্ৰিপুৰাত এখন বিয়াত দৰা কইনাৰ গাত হাত দিয়া ঘটনাক লৈ সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল ।

পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ শৈলেশ যাদৱে বিবাহ অনুষ্ঠানত গৈ সকলোৱে কৰ'ণাৰ নীতি-নিয়ম ধূলিসাৎ কৰাৰ বাবে দৰা কইনাৰ গাতো হাত দিছিল আৰু ইয়াৰ পাচতেই শৈলেশ যাদৱক তেওঁৰ পদৰ পৰা অব্যাহতি দিয়া হৈছিল । তাৰ পিছত তেওঁৰ এই আচৰণৰ বাবে তদন্তৰ কৰিবলৈ যাদৱে খোদ নিলম্বন বিচাৰি ৰাজ্যখনৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল ।

উক্ত ঘটনাটোৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক: ত্ৰিপুৰাত ক'ভিড ৰোগীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.