আগৰতলা, ২৭অক্টোবৰ: ত্ৰিপুৰাত চৰকাৰে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিবলৈ গ্ৰামাঞ্চলৰ উন্নয়নত সৰ্বাধিক গুৰুত্ব দিছে । এই মন্তব্য় ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাৰ (Tripura Deputy Chief Minister Jishnu Dev Varma)। বুধবাৰে খোৱাই জিলাৰ ধলাবিল গাঁও পঞ্চায়তত জিলা পঞ্চায়ত (Dhalabil Village Panchayat in Khowai district) সম্পদ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি তেওঁ এইদৰে কয় ।
উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,"অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিবলৈ ৰাজ্যখনৰ গ্ৰামাঞ্চলসমূহৰ উন্নয়নত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে । চৰকাৰে প্ৰতিটো ঘৰত সু-শাসন বিচাৰে । ৰাজ্যখনৰ চহৰসমূহৰ অন্তিম জনব্যক্তিক চৰকাৰী আঁচনি আৰু সেৱা প্ৰদানৰ বাবে সমগ্ৰ ৰাজ্যতে বিকাশ মেলা (Bikash fairs) আৰু সু-শাসন শিবিৰ (good governance camp) অনুষ্ঠিত কৰা হৈছে ।"
উল্লেখ্য় যে এই জিলা পঞ্চায়ত সম্পদ কেন্দ্ৰৰ নিৰ্মাণৰ বাবে ২ কোটি টকা ব্যয় হ'ব । ইপিনে,কালি ধলাবিল গাঁও পঞ্চায়তত এটা সু-শাসন শিবিৰও অনুষ্ঠিত হয় । এই সু-শাসন শিবিৰত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ২৪ টা প্ৰদৰ্শনী ষ্টলে অংশগ্ৰহণ কৰে । উপ মুখ্যমন্ত্ৰীয়ে উক্ত অনুষ্ঠানটোৰ সু-শাসনৰ প্ৰদৰ্শনী কৰা বিপনীসমূহ পৰিদৰ্শন কৰি কয় যে গ্ৰাম্য অঞ্চলৰ বিকাশ হ'লেহে চহৰখন বিকশিত কৰা হ'ব । সেয়েহে, চৰকাৰে গ্ৰাম্য অঞ্চলৰ লোকসকলৰ জীৱনৰ মান উন্নত কৰাৰ বাবে এক বহুমুখী কাৰ্যসূচী গ্ৰহণ কৰিছে । মাতৃ আৰু ভগ্নীসকলক এই সকলো উন্নয়মূলক কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে বুলি দেৱ বৰ্মাই কয় ।
উপ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে মহিলাসকল স্বাৱলম্বী হ'লেহে এখন ৰাজ্যৰ বিকাশ ত্বৰান্বিত হ'ব । সেয়েহে মহিলা স-শক্তিকৰণ চৰকাৰৰ এক অগ্ৰাধিকাৰৰ ক্ষেত্ৰ বুলিও মন্ত্ৰীগৰাকীয়ে কয় । চৰকাৰে ৰাজ্যখনৰ ১২ টা পিছপৰা খণ্ডৰ উন্নয়নৰ বাবে গুৰুত্বসহকাৰে কাম কৰি থকা বুলিও তেওঁ মন্তব্য় কৰে ।
তেওঁ লগতে কয়, "মুংগিয়াকামি খণ্ডৰ (Mungiakami block) অধীনত চুবুৰীয়া অঞ্চলত কোনো বিদ্যুৎ সেৱা নাছিল । বৰ্তমানৰ চৰকাৰে সৌৰ শক্তিৰ (solar Power) সহায়ত এই গাঁওখন আলোকিত কৰিছে ।"
লগতে পঢ়ক:Tripura Assembly Election: বিধানসভা নিৰ্বাচনত অকলে জয়ী হ’ব নোৱাৰে চিপিআইএম: সাংসদ বিপ্লৱ কুমাৰ দেৱ