ETV Bharat / bharat

পৰ্যতনস্থলীৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ ত্ৰিপুৰা চৰকাৰৰ

জৈৱ বৈচিত্ৰৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে ত্ৰিপুৰা চৰকাৰে ৷ ইয়াৰ জৰিয়তে ৰাজ্যখন পৰ্যতকৰ আকৰ্ষণস্থলী হিচাপে গঢ়ি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ এক সভাত উপস্থিত থাকি উপ-মুখ্যমন্ত্ৰী (Deputy Chief Minister of Tripura) জিষ্ণু দেৱ বাৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা জানিবলৈ দিয়ে ৷

author img

By

Published : Mar 13, 2022, 10:19 PM IST

Deputy Chief Minister of Tripura
পৰ্যতনস্থলীৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ ত্ৰিপুৰা চৰকাৰৰ

আগৰতলা, ১৩ মাৰ্চ: ‘‘জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে বন আৰু বন্যপ্ৰাণীৰ প্ৰয়োজনীয়তা অপৰিসীম হোৱাৰ লগতে বন আৰু বন্যপ্ৰাণী অবিহনে পৰ্যটনৰ বিকাশো অসম্ভৱ ।‘‘ দেওবাৰে মেঘলা চিতা উৎসৱত (Meghla Chita Utsav) অংশগ্ৰহণ কৰি এনেদৰে কয় ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাই (Deputy Chief Minister of Tripura Jishnu Dev Verma)৷

উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, যিদৰে পৃথিৱীত মানুহ জীয়াই থকাৰ অধিকাৰ আছে, ঠিক সেইদৰে বন্যপ্ৰাণীসমূহৰো আছে । সেয়েহে সমগ্ৰ বিশ্বতে বন আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷ বৰ্তমানৰ ৰাজ্য চৰকাৰে জৈৱ্য বৈচিত্যৰ সুৰক্ষাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা বুলিও জানিবলৈ দিয়ে ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

অৰণ্য আৰু বন্যপ্ৰাণীৰ প্ৰতি পৰ্যতকসকল আকৰ্ষিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত পৰিৱেশানুকুল পৰ্যতন ক্ষেত্ৰৰ লগতে অক্সিজেন পাৰ্ক স্থাপন কৰা বুলিও ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাই মন্তব্য কৰে ৷

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক বীৰেন্দ্ৰ কিশোৰ দেববৰ্মাই কয় যে, চেপাহিজালা অভয়াৰণ্য আমাৰ ৰাজ্যৰ অন্যতম পৰ্যটনস্থলী । স্থানীয় ৰাইজে এই অভয়াৰণ্যখন সুন্দৰ কৰি ৰখাৰ দায়িত্ব ল'ব লাগিব ৷

লগতে পঢ়ক: বিজেপিত যোগদান কৰিলেই সকলো জ্যেষ্ঠ হৈ পৰে : ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.