আগৰতলা, ১ জুলাই : শেহতীয়াকৈ ত্ৰিপুৰা চৰকাৰে কেবিনেটত নতুন পদোন্নতি নীতি (new promotion policy) অনুমোদনৰ সিদ্ধান্ত লৈছে । ইয়াৰ পিছতে সৰৱ হৈছে বিৰোধী দলসমূহ । চৰকাৰৰ এনে সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে চিপিআইএমৰ(CPIM) প্ৰবীণ নেতা তথা ত্ৰিপুৰা উপজাতি গণমুক্তি পৰিষদৰ (Tripura Upajati Ganamukti Parishad) সভাপতি জিতেন্দ্ৰ চৌধুৰীয়ে । তেওঁৰ মতে সমগ্ৰ প্ৰক্ৰিয়াটোৰ জৰিয়তে পিছপৰা শ্ৰেণী,অনুসূচীত জনজাতি আৰু অনুসূচীত জাতিৰ কৰ্মচাৰীসকলৰ সাংবিধানিক অধিকাৰৰ উলংঘন কৰা হ'ব ।
চৌধুৰীয়ে কয় যে উচ্চতম ন্যায়ালয়ে ইয়াৰ প্ৰাৰম্ভিক আদেশত এছএলপি (Special Leave Petition)ৰ শুনানিৰ সময়ত বাওঁমৰ্চাৰ চৰকাৰক (while the Left front was in power) স্থিতি বজাই ৰাখিবলৈ নিৰ্দেশ দিছিল । বাওঁমৰ্চা চৰকাৰে ন্যায়ালয়ৰ আদেশৰ প্ৰতি সন্মান জনাই বিভাগসমূহৰ বাবে ইন-চাৰ্জ নিয়োগৰ কাম অব্যাহত ৰাখিছিল । কিন্তু বৰ্তমানৰ ৰাজ্য চৰকাৰে যোৱা ২২ জুনত এক পদোন্নতি নীতিত সন্মতি প্ৰদান কৰিছে য'ত স্পষ্টতাৰ অভাৱ দেখা গৈছে আৰু ৰাজ্যখনৰ অনুসূচীত জাতি,জনজাতি কৰ্মচাৰীৰ অধিকাৰ সৰ্ব কৰাৰ এক স্পষ্ট প্ৰয়াস কৰা দেখা গৈছে । তেওঁৰ মতে এইখন চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্ণায়ক ৰায়ৰ বাবে অপেক্ষা কৰিব লাগিব কিয়নো ন্যায়ালয়ে পূৰ্বে ৰাজ্য চৰকাৰক স্থিতি বজাই ৰাখিবলৈ নিৰ্দেশ দিছিল ।
বিষয়টো সন্দৰ্ভত অধিক বাখ্যা আগবঢ়াই তেওঁ কয় যে ভাৰতীয় সংবিধানৰ অধীনত অনুচ্ছেদ ১৬(৪), অনুচ্ছেদ ১৬(৪) (ক) আৰু ধাৰা ৩৩৫ অনুসৰি বাওঁমৰ্চা চৰকাৰে ত্ৰিপুৰা অনুসূচীত জনজাতি,অনুসূচীত জাতি সংৰক্ষণ আইন ১৯৯১ প্ৰণয়ন কৰিছিল । পিছত ১৯৯২ চনত সংৰক্ষণৰ নিয়মসমূহ বাতিল কৰা হৈছিল । ত্ৰিপুৰা চৰকাৰী কৰ্মচাৰীৰ এটা অংশই ২০১২ চনত নিয়মসমূহক প্ৰত্যাহ্বান জনাই ত্ৰিপুৰা উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল ।
তদানীন্তন ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক গুপ্তাৰ নেতৃত্বত পাঁচ জনীয়া বিচাৰপীঠে কৰ্মচাৰীসকলৰ সপক্ষে এটা ৰায় ঘোষণা কৰিছিল যিটোত তেতিয়াৰ ৰাজ্য চৰকাৰে সকলো কৰ্মচাৰীক ন্যায় নিদিয়াৰ কথা কোৱা হৈছিল । চৰকাৰে উচ্চতম ন্যায়ালয়লৈ গৈছিল আৰু প্ৰাৰম্ভিক নিৰ্দেশত শীৰ্ষ ন্যায়ালয়ে ৰাজ্য চৰকাৰক স্থিতি বজাই ৰাখিবলৈ নিৰ্দেশ দিছিল । তেওঁ দাবী কৰে যে বৰ্তমানৰ চৰকাৰে চূড়ান্ত ৰায়ৰ বাবে অপেক্ষা নকৰাকৈ উচ্চ ন্যায়ালয়ৰ আদেশ জাপি দিবলৈ চেষ্টা কৰিছে ।
যদি এই পদোন্নতি নীতি কাৰ্যকৰী কৰা হয়, ই ত্ৰিপুৰা চৰকাৰী সেৱাত থকা হাজাৰ হাজাৰ অনুসূচীত জনজাতি,অনুসূচীত জাতিৰ কৰ্মচাৰীৰ বাবে অন্যায় হ'ব । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ অধীনত এখন সমিতি গঠন কৰা হৈছিল যাতে ৰোষ্টাৰ বজাই ৰখাৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট সম্প্ৰদায়ক কোনো বিশেষ সুবিধা আগবঢ়োৱা হৈছে নে নাই মূল্যায়ন কৰিব পাৰি । দেখা গৈছিল যে যদিও অনুসূচীত জনজাতি আৰু অনুসূচীত জাতি শ্ৰেণীৰ বাবে ক্ৰমান্বয়ে ৩১ শতাংশ আৰু ১৭ শতাংশ পদ সংৰক্ষিত আছিল সেই সম্প্ৰদায়বোৰৰ প্ৰতিনিধি সেই হিচাপে নাছিল । তথাপিও ত্ৰিপুৰা চৰকাৰী সেৱাত সেই সম্প্ৰদায়বোৰৰ লোকসকল যথেষ্ট কম ।
নিজকে সকলোৰে ক্ষেত্ৰত সমান বুলি দাবী কৰা চৰকাৰে কেনেকৈ নিযুক্তিৰ বাবে অন্যায়ৰ এনে নীতি অনুমোদন জনাব পাৰে বুলি প্ৰশ্ন কৰে চৌধুৰীয়ে । তেওঁ আনকি আঞ্চলিক ৰাজনৈতিক দলসমূহক লক্ষ্য কৰি কয় যে যিসকলে খিলঞ্জীয়া লোকসকলৰ সম অধিকাৰৰ বাবে মাত মাতি আহিছে তেওঁলোক এতিয়া কিয় নীৰৱ হৈ আছে ? তেওঁলোকে ৰাজনৈতিক লাভালাভৰ ওপৰতহে এতিয়া ব্যস্ত হৈ আছে বুলি তেওঁ অভিযোগ কৰে ।
লগতে পঢ়ক: দৰভাংগা বিস্ফোৰণত জড়িত দুই ভাতৃক গ্ৰেপ্তাৰ