ETV Bharat / bharat

Tripura Tourism : ডাম্বুৰ হ্ৰদৰ বিকাশৰ বাবে ত্ৰিপুৰা চৰকাৰৰ পৰিকল্পনা

ত্ৰিপুৰাৰ অৰ্থনীতিৰ অন্যতম অংশ হৈ পৰিছে পৰ্যটন খণ্ড । ত্ৰিপুৰাৰ পৰ্যটন খণ্ডৰ সামগ্ৰিক বিকাশৰ বাবে ৰাজ্য চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে (initiatives for development tourism sector by Tripura Government) ।

author img

By

Published : Jul 20, 2022, 3:31 PM IST

Dumboor Lake
Dumboor Lake

নিউজ ডেস্ক, ২০ জুলাই : পৰ্যটন ক্ষেত্ৰত ত্ৰিপুৰা চৰকাৰৰ গুৰুত্ব আৰোপ । ত্ৰিপুৰাত অধিক পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে একাধিক সিদ্ধান্ত । তাৰ অংশ হিচাবে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ জলাশয় ডাম্বুৰ হ্ৰদক বিশ্বমানৰ পৰ্যটনস্থলী হিচাপে বিকশিত কৰাৰ বাবে একাধিক সিদ্ধান্ত গ্ৰহণ কৰিছে (Tripura government multiple plans to develop Dumboor Lake) ।

২০১৮ চনত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পিছত ত্ৰিপুৰাৰ অৰ্থনীতিৰ অন্যতম অংশ হৈ পৰিছে পৰ্যটন খণ্ড । ত্ৰিপুৰাৰ পৰ্যটন খণ্ডৰ সামগ্ৰিক বিকাশৰ বাবে ৰাজ্য চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে (initiatives for development tourism sector by Tripura Government) । ইয়াৰ অংশ হিচাপে পূব ত্ৰিপুৰা সংসদীয় সমষ্টিৰ সাংসদ ৰেবাটি ত্ৰিপুৰাই ছ'চিয়েল মিডিয়াত কয় যে গন্দাচেৰা উপ-সংমণ্ডলৰ এক মনোমোহা জলাশয় ডাম্বুৰ হ্ৰদ ত্ৰিপুৰাৰ অন্যতম শ্ৰেষ্ঠ পৰ্যটন ক্ষেত্ৰ হৈ পৰিছে আৰু ৰাজ্য চৰকাৰে এই পৰ্যটনস্থলীৰ বিকাশৰ বাবে বিভিন্ন ব্যৱস্থা আৰম্ভ কৰিছে ।

তেওঁ লিখিছে, "ডাম্বুৰ হৈছে ত্ৰিপুৰাৰ অন্যতম শ্ৰেষ্ঠ পৰ্যটন ক্ষেত্ৰ (best tourist area in Tripura Dumboor) । বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে এই পৰ্যটন খণ্ডৰ উন্নয়নৰ বাবে ৭৮ কোটি টকাৰ পথ নিৰ্মাণকে ধৰি বিভিন্ন কাৰ্যসূচী হাতত লৈছে ।" আনহাতে, গ্ৰহণ কৰা পদক্ষেপৰ উদাহৰণ দাঙি ধৰি সাংসদ ৰেবাটিয়ে কয়, "৫২ কোটি টকাৰ গোমতী জিলাৰ জাটানবাৰীৰ পৰা মন্দিৰ ঘাটলৈ নতুন পথ নিৰ্মাণ কৰা হৈছে ।

ধলাই জিলাৰ গান্দাচেৰা হৈ হেলিপেডলৈ যোৱা ২৬ কোটি টকা ব্যয়ৰ নতুন পথ নিৰ্মাণ, পৰ্যটকক ৰাতি ৰখাৰ বাবে নাৰিকেল কুঞ্জাত লগ হাট নিৰ্মাণ, পৰ্যটকৰ সুৰক্ষাৰ বাবে আৰক্ষী চকীৰ ব্যৱস্থা কৰা, পৰ্যটকসকলক ডাম্বুৰ হ্ৰদৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগৰ বাবে দূৰসংযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে লোৱা ব্যৱস্থা, গান্দাচেৰা চহৰত নতুন ৰাজহ কাৰ্যালয় ডাক বাংলো নিৰ্মাণ, হ্ৰদত ওপঙি থকা হাউছবোট নিৰ্মাণৰ দৰে সিদ্ধান্ত ইতিমধ্যে লোৱা হৈছে ।"

এইখিনিতে উল্লেখ কৰিবলগীয়া যে ত্ৰিপুৰা চৰকাৰে এই বছৰৰ আৰম্ভণিতে ধুনীয়া ডাম্বুৰ হ্ৰদত এটা হাউছবোটৰ সুবিধা প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে (Tripura government planned to houseboat in Dumboor Lake) ।

লগতে পঢ়ক :National Food Security Act award: ত্ৰিপুৰালৈ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা পুৰস্কাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.