ETV Bharat / bharat

ত্ৰিপুৰাৰ সাত লাখ দৰিদ্ৰ পৰিয়াললৈ 1000 টকাকৈ নগদ আৰ্থিক সাহাৰ্যৰ ঘোষণা

author img

By

Published : May 26, 2021, 8:57 PM IST

ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে সাত লাখ দৰিদ্ৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্যৰ ঘোষণা ত্ৰিপুৰা কেবিনেটৰ ৷ পোনপটীয়া বেংক ট্ৰান্সফাৰৰ জৰিয়তে 1000 টকাকৈ নগদ আৰ্থিক সাহাৰ্য প্ৰদান কৰিব কেবিনেটে ৷ কৃষকৰ আৰ্থিক সমস্যা সমাধানৰ বাবে প্ৰতি কিলোগ্ৰামত নূন্যতম 18.68 টকা দৰত 20 মেট্ৰিক টন ধান ক্ৰয়ৰ সিদ্ধান্ত ৷

tripura government announces financial assistance of rs 1000 to seven lakh needy families
ত্ৰিপুৰাৰ সাত লাখ দৰিদ্ৰ পৰিয়াললৈ 1000 টকাকৈ নগদ আৰ্থিক সাহাৰ্যৰ ঘোষণা

আগৰতলা, 26 মে' : ক'ভিডসৃষ্ট পৰিস্থিতিৰ ফলস্বৰূপে ৰাজ্যখনত উদ্ভৱ হোৱা অৰ্থনৈতিক মন্দাৱস্থাৰ কথা বিবেচনা কৰি ত্ৰিপুৰা কেবিনেটে কিছুমান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, ৰাজ্যখনৰ সাত লাখ দৰিদ্ৰ পৰিয়ালক ৰাজ্য চৰকাৰে পোনপটীয়া বেংক ট্ৰান্সফাৰৰ জৰিয়তে 1000 টকাকৈ নগদ আৰ্থিক সাহাৰ্য প্ৰদান কৰিব ৷ ইয়াৰ লগতে কৃষক সকলৰ অৰ্থনৈতিক সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে ধান ক্ৰয় অভিযান পুনৰ আৰম্ভ কৰাৰো এক সিদ্ধান্ত লৈছে ৷ মঙলবাৰে এক সংবাদমেলযোগে শিক্ষামন্ত্ৰী তথা কেবিনেট মুখপাত্ৰ ৰতনলাল নাথে এই সিদ্ধান্তসমূহৰ কথা ঘোষণা কৰে ৷

তেওঁ কয় যে, "ক'ভিডৰ এই সময়ছোৱাত সহায় কৰাৰ বাবে ৰাজ্য চৰকাৰে 7000 দৰিদ্ৰ পৰিয়ালৰ প্ৰত্যেককে 1000 টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰিব ৷ পোনপটীয়া বেংক ট্ৰান্সফাৰৰ জৰিয়তে হিতাধিকাৰী সকলক বিত্তীয় সাহাৰ্যসমূহ প্ৰদান কৰা হ'ব ৷ এই উদ্দেশ্যে মুঠ 70 কোটি ব্যয় হ'ব ৷" অন্য এক ঘোষণা কৰি নাথে কয় যে, 2020-21 ৰ দ্বিতীয় পৰ্যায়ত কেবিনেটে প্ৰতি কিলোগ্ৰামত নূন্যতম 18.68 টকা দৰত 20 মেট্ৰিক টন ধান ক্ৰয়ত অনুমোদন জনাইছে ৷ এই পৰ্যন্ত ৰাজ্য চৰকাৰে ৰাজ্যখনৰ কৃষক সকলৰ পৰা 60 মেট্ৰিক টন ধান ক্ৰয় কৰিছে বুলিও নাথে সাংবাদিকক জানিবলৈ দিয়ে ৷

তেওঁ দাবী কৰে যে, বিজেপি-আইপিএফটি চৰকাৰ গঠন হোৱাৰ পাচতে কৃষকসকলৰ উপাৰ্জন দুগুণ কৰাৰ উদ্দেশ্যে বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এনে সিদ্ধান্ত সমূহৰ ভিতৰত ধান ক্ৰয় অভিযানো অন্যতম ৷ উল্লেখ্য যে, এই আঁচনিখন আৰম্ভ হোৱাৰ পাচৰে পৰা বহুসংখ্যক খেতিয়কে যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: 27 মে'ৰ পৰা ত্ৰিপুৰাত 24 ঘন্টীয়া কৰ'ণা কাৰ্ফিউ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.