নেশ্যনেল ডেস্ক, ২৬ ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী তথা চিপিআইএমৰ বিধায়ক বাদল চৌধুৰীৰ বিৰুদ্ধে ক্ষোভিত হৈ তেওঁৰ গ্ৰেপ্তাৰৰ দাবী জনালে স্থানীয় একাংশ লোকে । পুৱা প্ৰায় ৮.৩০ বজাত শতাধিক স্থানীয় লোকসকলে বাদল চৌধুৰীৰ বেল'নিয়াৰ দক্ষিণ মিৰ্জাপুৰস্থিত বাসগৃহ ঘেৰাও কৰে । তেওঁলোকৰ অভিযোগ অনুসৰি, অধিক ধন ঘূৰাই দিয়াৰ আশা দি গ্ৰাহকৰ ধন লুটি নিয়া ৰ'জ ভেলী কোম্পানীৰ চিট ফান্দ কেলেংকাৰীৰে বাদল চৌধুৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ জড়িত হৈ আছিল ।
সেয়ে, বৃহস্পতিবাৰে প্ৰাক্তন মন্ত্ৰী তথা চিপিআইএম নেতা বাদল চৌধুৰীক গ্ৰেপ্তাৰৰ দাবী জনাই একাংশ লোকে তেওঁ বাসগৃহ ঘেৰাও কৰে । চাকৰিৰ পৰা বঞ্চিত ১০,৩২৩ জন শিক্ষকৰ মাজৰ বহু শিক্ষকেও বৃহস্পতিবাৰে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বাসগৃহ ঘেৰাও কৰা কাৰ্যসূচীত অংশ লৈছিল । এই শিক্ষকসকলে তেওঁলোকৰ বিৰুদ্ধে কৰা অন্যায়ৰ বাবে ক্ষতিপূৰণ প্ৰদানৰ দাবী কৰিছিল । আনহাতে, বাদল চৌধুৰীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, সমগ্ৰ ঘটনাটো বিজেপিৰ কেইগৰাকীমান নেতাৰ পৃষ্ঠপোষকতাত সংঘটিত হৈছিল ।
![চিট ফান্দ কেলেংকাৰীঃ স্থানীয় লোকে ঘেৰাও কৰিলে ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰীৰ বাসগৃহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-former-minister-chit-fund_25022021194428_2502f_1614262468_958.jpg)
এই ঘটনাৰ পিছতে বাদল চৌধুৰীয়ে দাখিল কৰা এখন এজাহাৰত উল্লেখ কৰিছে যে, প্ৰতিবাদকাৰীসকলক তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ষড়যন্ত্ৰমূলভাৱে ব্যৱহাৰ কৰা হৈছে আৰু তাত বাস কৰা জ্যেষ্ঠ লোকসকলক কষ্ট দিয়া হৈছে । প্ৰতিবাদী কাৰ্যসূচীৰ বিষয়ে অৱগত হোৱাৰ পিছতে বেল'নিয়া আক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । বিজেপিৰ ঋষিমুখ মণ্ডলৰ সভাপতিগৰাকীয়ে কয় যে, স্থানীয় একাংশ লোকে ৰ'জ ভেলী চিট ফান্দ কেলেংকাৰীৰে প্ৰাক্তন মন্ত্ৰী বাদল চৌধুৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ জড়িত থকাৰ অভিযোগ তুলি দুয়োকে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় ।
লগতে আইন-শৃংখলা পৰিস্থিতি বিঘ্নিত হোৱা নাই বুলিও জানিবলৈ দিয়ে মণ্ডল সভাপতি গৰাকীয়ে । পিছত ঋষিমুখ সমষ্টিৰ বিধায়ক বাদল চৌধুৰীয়ে আৰক্ষী সঞ্চালক প্ৰধানলৈ এখন অভিযোগ পত্ৰ প্ৰেৰণ কৰে আৰু এই অভিযোগ পত্ৰত সমগ্ৰ ঘটনাক পূৰ্ব পৰিকল্পিত আক্ৰমণৰ ঘটনা আখ্যা দিয়ে । সমগ্ৰ ঘটনা ঋষিমুখৰ বিজেপিৰ মণ্ডল সভাপতি আশেষ বৈদ্যৰ নেতৃত্বত সংঘটিত হোৱাৰ অভিযোগ তুলিছে বিধায়কগৰাকীয়ে । লগতে একাংশ প্ৰতিবাদাকৰীয়ে তেওঁৰ ব্যক্তিগত সম্পত্তি ধ্বংস কৰাৰো অভিযোগ উত্থাপন কৰে । লগতে বাবুল ভৌমিক, ৰাজীৱ পল, নিধু ৰয়েও এই ঘটনা সংঘটিত কৰাত নেতৃত্ব লৈছিল বুলি অভিযোগ তোলে বাদল চৌধুৰীয়ে ।
বিধায়কগৰাকীৰ অভিযোগ মতে, প্ৰায় ২০০ গৰাকী লোকে বিধায়গৰাকীৰ বাসগৃহ ঘেৰাও কৰে আৰু তেওঁৰ বাসগৃহলৈ লক্ষ্য কৰি শিলগুটি দলিয়ায় । লগতে বাসগৃহৰ চৌপাশে থকা বাঁহৰ বেৰাও প্ৰতিবাদকাৰীয়ে ভাঙি পেলায় আৰু গালি-গালাজ কৰে বুলি অভিযোগ উত্থাপন কৰিছে বাদল চৌধুৰীয়ে । বিধায়কগৰাকীৰ জ্যেষ্ঠ ভাতৃ আৰু বৌৱেক দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে আৰু এনে ঘটনা প্ৰত্যক্ষ কৰাৰ পিছত শংকিত হৈ পৰিছে । যদি দিনতে এগৰাকী বিধায়কৰ ঘৰত এনেদৰে আক্ৰমণ কৰিব পাৰে, তেন্তে বেল'নিয়া মহকুমাৰ সাধাৰণ লোকৰ কি অৱস্থা হ'ব বুলি চিন্তা ব্যক্ত কৰিছে বাদল চৌধুৰীয়ে । লগতে ইয়াৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰো দাবী জনায় । উল্লেখ্য যে, লোক নিৰ্মাণ বিভাগৰ প্ৰকল্পৰ সৈতে সম্পৰ্কিত এটা গোচৰত জড়িত থকাৰ অভিযোগত পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল বিদায়ক বাদল চৌধুৰীক ।