ETV Bharat / bharat

বনাঞ্চলতে পানীৰ উৎস সৃষ্টিৰে তৃষ্ণাতুৰ বন্যহস্তীৰ তৃষ্ণা নিবাৰণৰ চেষ্টা

বন্যহস্তীক জনাঞ্চলৰ পৰা দূৰত ৰাখিবলৈ অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে ত্ৰিপুৰা বন বিভাগে । বনাঞ্চলতে সৃষ্টি কৰিছে পানীৰ উৎস । উৎকট গৰমত পানী বিচাৰি বনৰীয়া হাতীয়ে যাতে বনাঞ্চলৰ পৰা ওলাই আহি জনবসতিপূৰ্ণ অঞ্চলত ত্ৰাসৰ সৃষ্টি নকৰে, তাৰ বাবে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বন বিভাগে । আনহাতে, বন বিষয়াই শ্বেয়াৰ কৰা এটা ভিডিঅ'ত দেখা গৈছে বন্যহস্তীয়ে জলক্ৰীড়া কৰাৰ দৃষ্টিনন্দন দৃশ্য ।

author img

By

Published : Apr 24, 2021, 4:41 PM IST

বনাঞ্চলতে পানীৰ উৎস সৃষ্টিৰে তৃষ্ণাতুৰ বন্যহস্তীৰ তৃষ্ণা নিবাৰণৰ চেষ্টা
বনাঞ্চলতে পানীৰ উৎস সৃষ্টিৰে তৃষ্ণাতুৰ বন্যহস্তীৰ তৃষ্ণা নিবাৰণৰ চেষ্টা

নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল: ত্ৰিপুৰা বন বিভাগে জনাঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ হ্ৰাস কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । পিছে এইবাৰে এইবাৰ এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে ত্ৰিপুৰা বন বিভাগে । গ্ৰীষ্মকালত তৃষ্ণা নিবাৰণৰ বাবে বনাঞ্চলৰ পৰা ওলাই আহে জাকে জাকে বনৰীয়া হাতী ।

কাষৰীয়া অঞ্চলবোৰত মানুহৰ বাসগৃহ, কৃষিভূমি সকলো ক্ষতিসাধন কৰে হাতীয়ে । ৰাইজক হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ আৰু তৃষ্ণাতুৰ বন্যহস্তীৰ বাবে এতিয়া বন বিভাগে বনাঞ্চলতে পানীৰ উৎস সৃষ্টি কৰিছে । ত্ৰিপুৰাৰ খোৱাই জিলাৰ তেলিয়ামুৰা আৰু কল্যাণপুৰ উপ-সংমণ্ডলত ৰাজ্যখনৰ একমাত্ৰ হস্তী কৰিডৰটো আছে । এই অঞ্চলত হাতী-মানুহৰ সংঘাত হোৱাৰ ঘটনাও নিয়মিতভাৱে শুনিবলৈ পোৱা যায় ।

বিশেষকৈ অঞ্চলটোৰ কৃষকসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে । হাতীয়ে প্ৰতি বছৰে লাখ লাখ টকাৰ শস্য খাই-গচকি নষ্ট কৰে । বন্যহস্তীক অৰণ্যতে আৱদ্ধ কৰি ৰাখিবলৈ কল্যাণপুৰ উপ-সংমণ্ডলৰ প্ৰেম সিং এডিচি গাঁৱৰ অন্তৰ্গত গোদাইবাৰী অঞ্চলত এটা চেক বান্ধ নিৰ্মাণ কৰা হৈছিল । এগৰাকী জ্যেষ্ঠ বন বিষয়াই জনোৱা মতে, এই বান্ধ হাতীৰ বাবে পানীৰ উৎস সৃষ্টি কৰাৰ বাবে নিৰ্মাণ কৰা হৈছে ।

বন বিভাগৰ সমীক্ষাত পোহৰলৈ আহিছে যে, পানীৰ সন্ধানত বন্যহস্তীয়ে বনাঞ্চলৰ পৰা ওলাই আহে । তেওঁ লগতে কয় যে, যদি বনাঞ্চলৰ ভিতৰতে পানীৰ ব্যৱস্থা কৰিব পাৰি, তেন্তে জনবসতিপূৰ্ণ অঞ্চলত বন্যহস্তীয়ে উপদ্ৰৱ কৰাৰ সম্ভাৱনা হ্ৰাস পাব বুলি আশা কৰিব পাৰি । কিয়নো, বন্যহস্তীয়ে বনাঞ্চলৰ ভিতৰতে বাস কৰিবলৈ ভাল পায় ।

শেহতীয়াকৈ বন বিষয়া বিকাশ ঘোষৰ নেতৃত্বত বন বিভাগৰ বিষয়াৰ এটা দলে বন্যহস্তীয়ে পানী বিচাৰি চেক বান্ধটোলৈ আহিছে নে নাই সেয়া জানিবলৈ চেক বান্ধৰ পৰা সুৰক্ষিত দূৰত্বত থাকি বনাঞ্চলৰ ভিতৰতে অস্থায়ী শিবিৰ স্থাপন কৰি তাত আছিল । বিকাশ ঘোষে দ্বাৰা শ্বেয়াৰ কৰা এটা ভিডিঅ'ত দেখা গৈছে যে, হাতীৰ এটা জাকে পোৱালি লগত লৈ বান্ধত গা ধুবলৈ আহিছে । হাতীয়ে পানীত নামি গা ধুই, জলক্ৰীড়া কৰি আনন্দ কৰা দেখা গৈছে ।

বন বিষয়াগৰাকীয়ে কোৱা মতে, পানীত গা ধোৱাৰ পিছত হাতীৰ জাকটো পুনৰ বনাঞ্চললৈ উভতি গৈছে আৰু জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই অহা নাই । তেওঁ লগতে কয় যে, তেওঁলোকে হাতীৰ জাকটোৰ কাৰ্যকলাপ ৰেকৰ্ড কৰি থাকিব আৰু পৰৱৰ্তী সময়ত সম্ভৱ হ'লে আন উপ-সংমণ্ডলসমূহতো একে কৌশল ব্যৱহাৰ কৰি পৰিকল্পনা যুগুত কৰিব ।

লগতে পঢ়ক:ক’ভিড 19: দেশৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.