নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: সমগ্ৰ দেশৰ লগতে ত্ৰিপুৰাতো ক'ভিড সংক্ৰমণৰ ভয়ংকৰ কালৰূপ অব্যাহত আছে । ৰাজ্যখনতো প্ৰতিদিনে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা । ৰাজ্যখনৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰখনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ৰাজ্যখনলৈ অহা সকলো ব্যক্তিৰে কোৱাৰেন্টাইন নিয়মসমূহ পুনৰ কঠোৰ কৰি তুলিছে ।
ৰাজ্যখনৰ প্ৰৱেশ পথৰ মূল বিন্দুত চৰকাৰে এশ শতাংশই কঠোৰ নিয়মাৱলী গ্ৰহণ কৰিছে বুলি এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে । ৰাজ্যখনৰ সীমাত প্ৰৱেশ কৰাৰ বাবে ক'ভিডৰ নেগেটিভ পৰীক্ষা নিয়মটো বৰ্তমানেও বলবৎ থাকিব । কিন্তু, পূৰ্বৰ নিচিনাকৈ বাংগালুৰু, দিল্লী, চেন্নাই আৰু মহাৰাষ্ট্ৰৰ পৰা ত্ৰিপুৰালৈ কিছুমান বিশেষ ৰে’ল যাত্ৰা কৰিছে । এই চাৰি ৰাজ্য এতিয়া ক'ভিড হটস্পট হিচাপে চিনাক্ত হৈছে । যাৰবাবে এই কঠোৰ নিয়ম গ্ৰহণ কৰা হৈছে বুলি জনায় বিষয়াগৰাকীয়ে ।
ৰাজ্যখনলৈ অহা সকলো ব্যক্তিয়ে এসপ্তাহৰ বাবে হোম আইছলেচনত থকাটো বাধ্যতামূলক আৰু এসপ্তাহৰ পাচত কোনো লক্ষণ দেখা নাপালে পৰৱৰ্তী সময়ত মুক্ত কৰা হ'ব । ইফালে, পজিটিভ ৰোগীসকলৰ ক্ষেত্ৰত তেওঁলোকক তেওঁলোকৰ নিজ নিজ জিলালৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰা হ'ব আৰু তেওঁলোকক জিলা প্ৰশাসনক হস্তান্তৰ কৰা হ'ব বুলি কয় বিষয়াগৰাকীয়ে । মুখ্য সচিব স্বাস্থ্য বিভাগৰ অধ্যক্ষতাত এক ঘণ্টা জোৰা ভিডিঅ' কনফাৰেন্সৰ অন্তত এই সিদ্ধান্ত লোৱা হয় ।
ইফালে, যোৱা ২৪ ঘণ্টাত ত্ৰিপুৰাত মুঠ ১৬৬ জন লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে । আক্ৰান্তসকলৰ ভিতৰত পশ্চিম ত্ৰিপুৰা জিলাৰ সৰ্বাধিক লোক আক্ৰান্ত হৈছে । মুঠ পৰীক্ষা কৰা লোকৰ সংখ্যাও পাঁচ হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে । মুঠ ১০২০ টা ঘটনা সক্ৰিয় হৈ আছে । ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি, বৃহবস্পতিবাৰৰ দিনটোত সৰ্বাধিক লোক আক্ৰান্ত হৈছিল ।
লগতে পঢ়ক: তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ ৰেপিড এণ্টিজেন-আৰটি-পিচিআৰ পৰীক্ষাত মিশ্ৰিত ফলাফল