ETV Bharat / bharat

Covid Vaccination Campaign in Tripura : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ ক’ভিড টীকাকৰণ অভিযান পৰিদৰ্শন - Tripura CM visits school

ত্ৰিপুৰাৰ বিদ্যালয়ে বিদ্যালয়ে মুখ্যমন্ত্ৰীৰ পৰিদৰ্শন ৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে বৃহস্পতিবাৰে গোমতী জিলাৰ বিভিন্ন বিদ্যালয়ত উপস্থিত হৈ ১৫-১৮ বছৰ বয়সৰ শিক্ষাৰ্থীসকলৰ মাজত চলি থকা বিশেষ তিনিদিনীয়া ক’ভিডৰ টীকাকৰণ শিবিৰসমূহ (Tripura CM visits school to inspect Covid vaccination campaign) পৰিদৰ্শন কৰে ৷

Covid Vaccination Campaign in Tripura
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ ক’ভিড টীকাকৰণ অভিযান পৰিদৰ্শন
author img

By

Published : Jan 20, 2022, 10:49 PM IST

আগৰতলা, 20 জানুৱাৰী : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে বৃহস্পতিবাৰে গোমতী জিলাৰ বিভিন্ন বিদ্যালয়ত উপস্থিত হৈ ১৫-১৮ বছৰ বয়সৰ শিক্ষাৰ্থীসকলৰ মাজত চলি থকা বিশেষ তিনিদিনীয়া ক’ভিডৰ টীকাকৰণ শিবিৰসমূহ (Tripura CM visits school to inspect Covid vaccination campaign) পৰিদৰ্শন কৰে ৷

Covid Vaccination Campaign in Tripura
ত্ৰিপুৰাত তিনিদিনীয়াকৈ বিশেষ টীকাকৰণ শিবিৰৰ আয়োজন

ইয়াৰ লগতে জিলাখনৰ উদয়পুৰ উপ-সংমণ্ডলস্থিত ত্ৰিপুৰা সুন্দৰী মন্দিৰ পৰিদৰ্শন কৰি দেশৰ 51 খন শক্তিপীঠৰ অন্যতম এই মন্দিৰ বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ এই সন্দৰ্ভত দেৱে কয়, "ত্ৰিপুৰা সুন্দৰী মাৰ কৃপাৰ বাবেই আজি মই মন্দিৰটো ভ্ৰমণ কৰিবলৈ সক্ষম হৈছো । তাৰোপৰি মাৰ আশীৰ্বাদ আৰু প্ৰধানমন্ত্ৰী মোডীৰ সু-পৰিকল্পনাৰ বাবেই আমি শীঘ্ৰে ক’ভিড 19 ক ৰোধিবলৈ সক্ষম হ'ম"।

tripura-cm-visits-school-to-inspect-covid-vaccination-campaign
ত্ৰিপুৰাৰ বিদ্যালয়ে বিদ্যালয়ে মুখ্যমন্ত্ৰীৰ পৰিদৰ্শন

তদুপৰি গোমতী জিলাৰ মাতাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৫-১৮ বছৰ বয়সৰ সকলো শিক্ষাৰ্থীৰ ক’ভিডৰ টীকাকৰণ সম্পূৰ্ণ হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷

"জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানত চলি থকা টীকাকৰণ শিবিৰসমূহ পৰিভ্ৰমণৰ সময়ত মই বহু শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ কৰিছো ৷ শিক্ষানুষ্ঠানসমূহত তেওঁলোকে বিভিন্ন বিষয়ত শিকাৰ সুযোগ পাইছে । আমাৰ ৰাজ্যৰ শিক্ষাৰ্থীসকলে ৰাষ্ট্ৰীয় শিক্ষা নীতি সংশোধনৰ লাভালাভ আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে ভালদৰে অৱগত", বুলি মুখ্যমন্ত্ৰীয়ে কয় ৷

tripura-cm-visits-school-to-inspect-covid-vaccination-campaign
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ ক’ভিড টীকাকৰণ অভিযান পৰিদৰ্শন

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে ক’লে, জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ উদ্দেশ্যে দেশজুৰি হৈ থকা ক’ভিড টীকাকৰণ কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যখনতো ১৫-১৮ বছৰ বয়সৰ সকলো শিশুৰ টীকাকৰণ কাৰ্যসূচী সম্পন্ন কৰা হৈছে ।

"সমগ্ৰ ৰাজ্যজুৰি তিনিদিনীয়াকৈ বিশেষ টীকাকৰণ শিবিৰৰ আয়োজন (Covid Vaccination Campaign in Tripura) কৰা হৈছে । এটা লক্ষ্যত থাকি আমি 15-18 বছৰ বয়সৰ শিক্ষাৰ্থীসকলক ক’ভিড ভেকচিন প্ৰদান কৰিছো ৷ মই অভিভাৱকসকলকো অনুৰোধ কৰিব বিচাৰো যে, তেওঁলোকে তেওঁলোকৰ সন্তানক ভেকচিন ল’বলৈ বিদ্যালয়লৈ পঠিয়াব লাগে ৷

আমি ৰাজ্যজুৰি ৭৩৪ টা টীকাকৰণ কেন্দ্ৰ স্থাপন কৰিছো । মই বিশ্বাস কৰোঁ যে ৰাজ্যবাসীয়ে যিদৰে ক’ভিড ভেকচিনৰ প্ৰথম আৰু দ্বিতীয় পালি গ্ৰহণ কৰিছিল, ঠিক একেদৰে তেওঁলোকে সূৰক্ষাসূচক পালিও গ্ৰহণ কৰিব", এইদৰে কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ।

লগতে চাওক: Drug Seized in India Bangladesh Border : ভাৰত-বাংলা সীমান্তত জব্দ 14 লাখ টকাৰ নিচাজাতীয় সামগ্ৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.