ETV Bharat / bharat

আগৰ বা সাঁচিগছৰ খেতিৰ বাবে ত্ৰিপুৰাক পৰ্যাপ্ত সহায় কৰিব কেন্দ্ৰীয় চৰকাৰে

author img

By

Published : Jul 18, 2021, 11:52 AM IST

আগৰ কাঠৰ (Agar Wood) ব্যৱসায়েৰে ৰাজ্যখনৰ অৰ্থনৈতিক স্থিতি সবল কৰাৰ বাবে ত্ৰিপুৰা চৰকাৰৰ প্ৰচেষ্টাৰ সলাগ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । লগতে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে ।

Biplab Kumar Deb
আগৰ বা সাঁচিগছৰ খেতিৰ বাবে ত্ৰিপুৰাক পৰ্যাপ্ত সহায় কৰিব কেন্দ্ৰীয় চৰকাৰে

নেশ্যনেল ডেস্ক, ১৮ জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Narendra Modi) সৈতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ (Biplab Kumar Deb) এক দীঘলীয়া বৈঠক । প্ৰায় ৪০ মিনিট ধৰি চলা এই বৈঠকত ত্ৰিপুৰাৰ বিভিন্ন বিষয়কলৈ আলোচনা কৰা হয় আৰু এই আলোচনাত স্থান পায় ত্ৰিপুৰাৰ আগৰ গছ বা সাঁচিগছৰ খেতিয়ে । আগৰ কাঠৰ (Agar Wood) ব্যৱসায়েৰে ৰাজ্যখনৰ অৰ্থনৈতিক স্থিতি সবল কৰাৰ বাবে ত্ৰিপুৰা চৰকাৰৰ প্ৰচেষ্টাৰ সলাগ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে । লগতে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ যে, মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে ২০১৮ চনত নিৰ্বাচনী বিজয়ৰ পিছতে গাঞ্জা মুক্ত ত্ৰিপুৰাৰ ঘোষণা কৰিছিল । কিয়নো পূৰ্বৰ বাওঁমৰ্চাৰ ৰাজনৈতিক পৃষ্ঠপোষকতাৰ অধীনত গ্ৰাম্য ত্ৰিপুৰাৰ বাবে গাঞ্জা খেতি আৰু ব্যৱসায় এক অনানুষ্ঠানিক অৰ্থনীতিলৈ পৰিণত হৈছিল । গ্ৰাম্য কৃষকসকলক আনুষ্ঠানিক কৃষি আৰু সম্পদ আহৰণ কৰিব পৰা অৰ্থনৈতিক কাৰ্যকলাপৰ পথলৈ ঘূৰাই অনাৰ কেইবাটাও প্ৰচেষ্টাৰ ভিতৰত বিজেপি-আইপিএফটি চৰকাৰে পৰম্পৰাগতভাৱে উৎপাদিত শস্য যেনে আনাৰস, আগৰ, মাকৈ আৰু অন্যান্য লাভজনক নগদ শস্যৰ ওপৰত গুৰুত্ব দিছিল ।

ইফালে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে আগৰ বা অগৰু খেতিৰ ওপৰত বিশেষ মিছন মোডৰ চিন্তা কৰিছে য'ত তেওঁ ত্ৰিপুৰাৰ অৰ্থনৈতিক বিকাশৰ এক বৃহৎ সম্ভাৱনা দেখিছে । কিন্তু অন্যান্য কৃষিজাত বা বনজাত সামগ্ৰীৰ বিপৰীতে আগৰ হৈছে এনে এক বস্তু যাক লৈ বিশ্বজুৰি আইনী বাণিজ্যত নিয়োজিত হ'বলৈ কেন্দ্ৰীয় মন্ত্ৰালয় আৰু সংস্থাৰ পৰা দীঘলীয়া কাগজপত্ৰ আৰু অনুমোদনৰ প্ৰয়োজন ।

অৱশ্যে, মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে বিষয়টো সন্দৰ্ভত সংশ্লিষ্ট সকলো মন্ত্ৰালয়ৰ সৈতে কথা বতৰা পাতিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে হোৱা বৈঠকত এই বিষয়টোও আলোচনাৰ মাজলৈ আহিছিল । বিষয়টোত গুৰুত্ব আৰোপ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ ওচৰত বিশেষ আহ্বান জনাইছে । উল্লেখ্য যে, চিআইটিইএছৰ(CITES) অধীনত আগৰ কাঠ আৰু আগৰৰ বিভিন্ন সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্ৰত বিভিন্ন নিয়ম আছে । মুখ্যমন্ত্ৰীৰ মতে, ত্ৰিপুৰাত আগৰ গছৰ প্ৰাচুৰ্য আছে আৰু বৰ্তমান ৰাজ্যখনত ৫০ লাখতকৈও অধিক আগৰ গছ উপলব্ধ । ৰাজ্যিক অৰ্থনীতিৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে ত্ৰিপুৰা আগৰ গছ নীতি ২০২১ (Tripura Agarwood Policy 2021) আৰম্ভ কৰিছে, য'ত পৰৱৰ্তী পাঁচ বছৰৰ বাবে কেইবাটাও নীতি গ্ৰহণ কৰা হৈছে ।

এই আঁচনিখনৰ মুখ্য বিষয়সমূহ হৈছে ২০২৫ চনৰ ভিতৰত আগৰ গছৰ খেতিৰ অধীনৰ এলেকা দুগুণ কৰা । পৰীক্ষাগাৰ আৰু বাণিজ্য কেন্দ্ৰ স্থাপন কৰা । কৃত্ৰিম টীকাকৰণৰ বাবে বিশেষ প্ৰযুক্তি গ্ৰহণ কৰা । চিআইটিইএছ নিয়মৰ অধীনত আগৰ কাঠৰ প্ৰজাতিৰ ক্ষেত্ৰত গৱেষণা আৰম্ভ কৰা । ইফালে এগৰাকী শীৰ্ষ বিষয়াই অনুমান কৰা মতে এই খণ্ডৰ জৰিয়তে ২০ বিলিয়ন আনুষ্ঠানিক অৰ্থনীতি লাভ কৰিব পাৰিব ।

অৱশ্যে এই ক্ষেত্ৰত আগৰ কাঠ ৰপ্তানিৰ বাবে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ পৰা অনুমতি গ্ৰহণ কৰাটো তীব্ৰ প্ৰত্যাহ্বান হৈ আছে ত্ৰিপুৰা ৰাজ্যৰ বাবে । মন্ত্ৰালয়ে ত্ৰিপুৰাক সমগ্ৰ দেশলৈ ২৫,০০০ কিলোগ্ৰাম আগৰ গছৰ চিপ আৰু ১,৫০০ কিলোগ্ৰাম আগৰৰ তেল ৰপ্তানি কৰাৰ পৰামৰ্শ দিছে । কিন্তু ত্ৰিপুৰাত আগৰ গছৰ চাহিদা অনুসৰি আগৰৰ চিপ ৭৫,০০০ কিলোগ্ৰাম আৰু ১,৫০০ কিলোগ্ৰাম আগৰৰ তেলৰ ৰপ্তানিৰ আশা কৰে ৰাজ্য চৰকাৰে । মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে বিবিআইএন নেটৱৰ্ক (BBIN network), চিটাগং বন্দৰ (Chittagong port), পিএমএৱাই আঁচনি (PMAY scheme) আৰু অন্যান্য কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ বিষয়বোৰো উত্থাপন কৰিছিল ।

লগতে পঢ়ক : বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে কংগ্ৰেছ সাংসদৰ সৈতে ছোনিয়া গান্ধীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.