ETV Bharat / bharat

চ’ছিয়েল মিডিয়াত কিশোৰৰ পোষ্ট দেখি কেঞ্চাৰ ৰোগীক সহায় মুখ্যমন্ত্ৰীৰ

author img

By

Published : Nov 3, 2021, 10:06 PM IST

এটি 8 বছৰীয়া কিশোৰে মাতৃৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰি ছ’চিয়েল মিডিয়াযোগে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক আবেদন জনাইছিল ৷ কিশোৰটিৰ এই ভিডিঅ' দেখাৰ পাছত সহায়ৰ বাবে আগবাঢ়ি আহে মুখ্যমন্ত্ৰীগৰাকী ৷

Tripura CM helps cancer patient after son seeks financial help on social media
কিশোৰৰ আহ্বানৰ প্ৰতি সঁহাৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক, 3 নৱেম্বৰ : কৰ্কট ৰোগত আক্ৰান্ত অসুস্থ মাতৃৰ চিকিৎসাৰ বাবে এটি 8 বছৰীয়া কিশোৰে জনোৱা আবেদনৰ সঁহাৰি জনাই মহিলাগৰাকীৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ ৷ মহিলাগৰাকীৰ চিকিৎসাৰ বাবে তৎক্ষণিকভাবে আৰ্থিক সাহায্য আগবঢ়াইছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ত্ৰিপুৰা খাদী আৰু গ্ৰামোন্নয়ন বিভাগৰ অধ্যক্ষ ৰাজীৱ ভট্টাচাৰ্য

উল্লেখ্য যে, শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল এটা ভিডিঅ' ৷ ভিডিঅ’টোত এটি কিশোৰে মাতৃৰ চিকিৎসাৰ বাবে আৰ্থিক সহায়ৰ বাবে আবেদন কৰা দেখা গৈছিল । আগৰতলাৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ নিলগত অৱস্থিত ধলাই জিলাৰ অন্তৰ্গত গন্দাচেৰা উপ-সংমণ্ডলৰ এখন স্থানীয় চিকিৎসালয়ত কিশোৰটিয়ে মাতৃক ভৰ্তি কৰাই এই আবেদন কৰিছিল ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভিডিঅ'টো চোৱাৰ পাছত ত্ৰিপুৰা খাদী আৰু গ্ৰামোন্নয়ন বিভাগৰ অধ্যক্ষ ৰাজীৱ ভট্টাচাৰ্যক সমগ্ৰ বিষয়টো চোৱা-চিতা কৰাৰ দায়িত্ব অৰ্পণ কৰে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই খাদী আৰু গ্ৰামোন্নয়ন বিভাগৰ অধ্যক্ষগৰাকীয়ে কিশোৰটিৰ অসুস্থ মাতৃ নিহাৰুং বেগমক মঙলবাৰে আঞ্চলিক কৰ্কট চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু প্ৰাৰম্ভিক চিকিৎসাৰ বাবে 10,000 টকাৰ আৰ্থিত সাহাৰ্য প্ৰদান কৰে ৷ অধ্যক্ষগৰাকীয়ে মহিলাগৰাকীৰ চিকিৎসাৰ সমস্ত ব্যয় ৰাজ্য চৰকাৰ আৰু চিকিৎসালয় কৰ্তৃপক্ষই গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ।

লগতে পঢ়ক : সামাজিক মাধ্যমত উৰা বাতৰি বিয়পোৱা ব্যক্তিৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীৰ গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.