ETV Bharat / bharat

ত্ৰিপুৰাসুন্দৰী মন্দিৰত দীপাৱলীৰ অনুষ্ঠান উদ্বোধন কৰিব মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে - Chief Minister to inaugurate Diwali festival

দুদিনীয়া কাৰ্যসূচীৰে উলহ-মালহেৰে ত্ৰিপুৰাসুন্দৰী মন্দিৰত আয়োজন কৰা হৈছে পোহৰ উৎসৱ দীপাৱলী । বৃহস্পতিবাৰে দীপাৱলী উপলক্ষে আয়োজিত মেলা উদ্বোধন কৰিব মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে(Biplab Kumar Deb) । ৫১ খন শক্তি পীঠৰ ভিতৰত উদয়পুৰৰ ত্ৰিপুৰাসুন্দৰী মন্দিৰক অন্যতম বুলি গণ্য কৰা হয় ।

Diwali festival at Tripurasundari temple
ত্ৰিপুৰাসুন্দৰী মন্দিৰত দীপাৱলীৰ উৎসৱৰ আয়োজন
author img

By

Published : Nov 3, 2021, 7:49 PM IST

নেশ্যনেল ডেস্ক, ৩ নৱেম্বৰ : শ শ বছৰ ধৰি ভক্তই পূজা-অৰ্চনা আগবঢ়াই আহিছে ত্ৰিপুৰাৰ উদয়পুৰস্থিত ত্ৰিপুৰাসুন্দৰী মন্দিৰত । ৫১ খন শক্তি পীঠৰ ভিতৰত অন্যতম বুলি গণ্য কৰা ত্ৰিপুৰাসুন্দৰী মন্দিৰত প্ৰতি বছৰৰ দৰে এইবাৰো দীপাৱলী উপলক্ষে ৪ আৰু ৫ নৱেম্বৰত ধৰ্মীয় অনুষ্ঠানৰ লগতে মেলাৰ আয়োজন কৰা হৈছে ।

চৰকাৰী বিষয়াই জনোৱা মতে, ৰাজ্যখনৰ গোমতী জিলাৰ উদয়পুৰ উপ-সংমণ্ডলত অৱস্থিত ত্ৰিপুৰাসুন্দৰী মন্দিৰ চৌহদত দীপাৱলী উদযাপন কৰা হ'ব । এই উৎসৱৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লগতে বিদেশৰ পৰাও মন্দিৰলৈ লাখ লাখ ভক্তৰ আগমণ ঘটে । অসমৰ গুৱাহাটীত থকা মা কামাখ্যা মন্দিৰৰ পিছতে সৰ্বাধিক ভক্তৰ আগমণ ঘটা উত্তৰ-পূৱ ভাৰতৰ মন্দিৰ হৈছে ত্ৰিপুৰাসুন্দৰী মন্দিৰ ।

ত্ৰিপুৰা ৰাজমালাৰ মতে, ত্ৰিপুৰাৰ মণিক্য ৰজাসকলৰ ৰাজকীয় ইতিহাসৰ সাক্ষ্য বহন কৰি আহিছে এই মন্দিৰভাগে । মহাৰাজা ধন্য মাণিক্য বাহাদুৰে সপোনত 'আদিশক্তি'ৰ পৰা ঐশ্বৰিক আদেশ লাভ কৰাৰ পিছতে ১৫০১ত এই মন্দিৰ নিৰ্মাণ কৰিছিল ।

শেহতীয়াকৈ ত্ৰিপুৰাসুন্দৰী মন্দিৰ চৌহদত সম্বোধন কৰা এখন সংবাদমেলত গোমতীৰ জিলা দণ্ডাধীশ ৰাভেল হেমেন্দ্ৰ কুমাৰে জানিবলৈ দিয়ে যে, ৪ নৱেম্বৰত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে আনুষ্ঠানিকভাৱে দীপাৱলী উপলক্ষে আয়োজিত মেলা উদ্বোধন কৰিব । তেওঁ লগতে জনায় যে, উৎসৱৰ সময়ত মেলাত মুঠ ৬৫০ খন বিপণী থাকিব । মেলাত বিভিন্ন বিভাগৰ প্ৰদৰ্শনী ষ্টলো খোলা হ'ব ।

স্থানীয় শিল্পীৰ লগতে বহিঃৰাজ্যৰ শিল্পীসকলেও সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰিব । তীৰ্থযাত্ৰীসকলে দূৰৰ পৰাই যাতে মেলাৰ পোনপটীয়া আভাস পায় তাৰ বাবে এল ই ডি স্ক্ৰীণৰো ব্যৱস্থা কৰা হ'ব । মেলাৰ সময়ত অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত নহয়, তাৰ বাবেও ব্যৱস্থা কৰা হৈছে । মেলা সমিতিৰ অধ্যক্ষ তথা শাসনাধিষ্ঠিত বিজেপি দলৰ বিধায়ক বিপ্লৱ কুমাৰ ঘোষ আৰু গোমতী জিলা পৰিষদ সভাপতি স্বপ্ন অধিকাৰীয়ে মেলা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সহযোগ কৰিবলৈ সকলোকে আহ্বান জনায় ।

লগতে পঢ়ক:পানীসাগৰ হিংসাত্মক ঘটনা : ত্ৰিপুৰা প্ৰশাসনলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.