ETV Bharat / bharat

ত্ৰিপুৰাত বিশেষ টিকাকৰণ অভিযানৰ শুভাৰম্ভণি বিপ্লৱ কুমাৰ দেৱৰ - covid case latest

ত্ৰিপুৰাত আৰম্ভ হৈছে বিশেষ টিকাকৰণ অভিযান । ১৮ বছৰৰ উৰ্ধৰ লোকসলৰ বাবে এই বিশেষ টিকাকৰণ অভিযান(Special vaccination drive)ৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে(Biplab Kumar Dev) । ৰাজ্যখনত এতিয়ালৈকে ৬২ হাজাৰৰো অধিক লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে ।

Tripura chief minister inaugurated  special vaccination drive
ত্ৰিপুৰাত বিশেষ টিকাকৰণ অভিযানৰ শুভাৰম্ভণি কৰিলে বিপ্লৱ কুমাৰ দেৱে
author img

By

Published : Jun 22, 2021, 1:36 PM IST

নেশ্যনেল ডেস্ক, ২২ জুন: সোমবাৰে ত্ৰিপুৰাত ১৮ বছৰৰ উৰ্ধৰ লোকসলৰ বাবে বিশেষ টিকাকৰণ অভিযান(Special vaccination drive)ৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে(Biplab Kumar Dev) । ইণ্ডিয়ান মেডিকেল এছ'চিয়েছন(INDIAN MEDICAL ASSOCIATION)ৰ আগৰতলাস্থিত ভৱনত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্য সচিব জে কে সিনহা, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সঞ্চালক সিদ্ধাৰ্থ শিৱ জৈছৱাল আৰু বিভাগটোৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে । এই অভিযানৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, "আন্দোলন সংস্কৃতি" বিকাশ বিৰোধী আৰু আন্দোলন কৰিবলগীয়া নোহোৱাকৈয়ে কেন্দ্ৰীয় চৰকাৰে সকলো সা-সুবিধা প্ৰদান কৰিছে ।

পূৰ্বৰ বাঁওপন্থী চৰকাৰক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে, যোৱা ৩০-৩৫ বছৰৰ ভিতৰত ত্ৰিপুৰাৰ জনসাধাৰণক কেন্দ্ৰীয় চৰকাৰৰ বিৰোধিতা কৰিবলৈ বাৰে বাৰে উচতনি দি অহা হৈছে । সেয়ে, কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি জনতাৰ মনত ক্ষোভৰ উদ্ৰেক হৈছে । সমগ্ৰ ভাৰততে ২১ আৰু ২২ জুনত ১৮ বছৰৰ উৰ্ধৰ লোকসকলক প্ৰতিষেধক(VACCINE) প্ৰদানৰ বাবে এক অভিযান আৰম্ভ হৈছে । চৰকাৰী তথ্য অনুসৰি, টিকাকৰণ কেন্দ্ৰৰ সংখ্যা ১,৩৪২টালৈ বৃদ্ধি কৰা হৈছে ।

প্ৰথম আৰু দ্বিতীয় পালিসহ ত্ৰিপুৰাত এতিয়ালৈকে ১৯ লাখ ৪০ হাজাৰ ৩৪০টা পালি প্ৰদান কৰা হৈছে । দেশৰ ভিতৰতে ৪৫ বছৰৰ উৰ্ধৰ লোকৰ আটাইতকৈ বেছি টিকাকৰণ সম্পন্ন হোৱা ৰাজ্যসমূহৰ ভিতৰত প্ৰথম স্থানত আছে ত্ৰিপুৰা । ৰাজ্যখনত ইতিমধ্যে এই নিৰ্দিষ্ট বয়সৰ ৯২ শতাংশ লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে । ১৮-৪৪ বছৰ বয়সৰ লোকৰ টিকাকৰণৰ ক্ষেত্ৰত ত্ৰিপুৰাত এতিয়ালৈকে ৩ লাখ পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

নিৰ্বাচনী তথ্য অনুসৰি, সেই শ্ৰেণীত অন্তৰ্ভুক্ত হোৱা লোকৰ সংখ্যা ১৬ লাখ । ত্ৰিপুৰাত ৬২ হাজাৰৰো অধিক লোক ক'ভিড-১৯(COVID_19)ৰ কবলত পৰিছে । আনহাতে ৬৫০ জনৰ প্ৰাণ কাঢ়িছে মহামাৰীয়ে । ৫৭,৭৩২ জন লোক এতিয়ালৈকে আৰোগ্য হৈ উঠিছে ।

ৰাজ্যখনত সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি থকাৰ লগতে টিকাকৰণ অভিযানো অব্যাহত আছে ।

লগতে পঢ়ক:১৫ আগষ্টৰ পিছত অনুষ্ঠিত হ'ব CBSE ৰ বিকল্প শাৰীৰিক পৰীক্ষা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.