নিউজ ডেস্ক,২৫ ফেব্ৰুৱাৰী: শেহতীয়াকৈ ক'ভিড মহামাৰীৰ পিছত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি আৰু পৰিবহণৰ ক্ষেত্ৰত বিভিন্ন কৰ বৃদ্ধি হোৱাৰ লগে লগে এতিয়া ত্ৰিপুৰাৰ পৰিবহণ সেৱাৰ লগত জড়িত লোকসকলৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান আহিছে । যাৰ বাবে ত্ৰিপুৰাৰ বাছ মালিক সন্থাই বাছ ভাড়া বৃদ্ধিৰ বাবে চৰকাৰক বহুবাৰ আবেদন জনাইছে । কিন্তু চৰকাৰে বাছ মালিক সন্থাৰ কথাত কোনো গুৰুত্ব নিদিয়াত শুকুৰবাৰে ৰাজ্যজুৰি ধৰ্মঘট কাৰ্যসূচীৰ ঘোষণা কৰে বাছ মালিক সন্থাই । তেওঁলোকে এই বন্ধৰ প্ৰতি সকলো ৰাইজকে সঁহাৰি দিবলৈ আহ্বান জনায় ।
সংবাদমেল যোগে বাছ মালিক সন্থাৰ সচিবে এই ধৰ্মঘটৰ কথা ঘোষণা কৰে । সচিব গৰাকীয়ে জনোৱা মতে কৰ'ণা মহামাৰীৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে বাছ মালিকসকল । তাৰ পিছতো বিভিন্ন কৰ আৰু পৰিবহণৰ ক্ষেত্ৰত জৰিমণা বৃদ্ধি কৰা হৈছে । সমান্তৰালকৈ চালক আৰু কৰ্মচাৰীসকলৰো মজুৰি বৃদ্ধি কৰিবলগীয়া হৈছে । সেয়ে বাছ ভাড়া বৃদ্ধি হ'লে মালিকসকলে কিছু সকাহ পাব বুলি উল্লেখ কৰে সচিব গৰাকী লগতে আন মালিকসকলে ।
ইফালে যোৱা ৬ ফেব্ৰুৱাৰীত পৰিবহণ মন্ত্ৰীক তেওঁলোকৰ অসুবিধাৰ কথা অৱগত কৰা হৈছে যদিও কোনো গুৰুত্ব নিদিলে মন্ত্ৰীগৰাকীয়ে । ইয়াৰ পিছতো বহুবাৰ চৰকাৰৰ প্ৰতিনিধিৰ সৈতে তেওঁলোকৰ বাছ ভাড়া বৃদ্ধিৰ দাবী সম্পৰ্কে জনাইছিল যদিও কোনো ফল নধৰিলে । সেয়ে অৱশেষত ৰাজ্যখনৰ সকলো বাছ মালিক সংগঠনে শুকুৰবাৰৰ দিনটো ৰাজ্যজুৰি বাছ ভাড়া বৃদ্ধিৰ দাবীত ধৰ্মঘট পালন কৰাৰ সিদ্ধান্ত লৈছে ।