ETV Bharat / bharat

ত্ৰিপুৰা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

author img

By

Published : Apr 4, 2021, 12:22 PM IST

Updated : Apr 4, 2021, 1:54 PM IST

ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউঞ্চিল (টিটিএএডিচি) ৰ নিৰ্বাচনৰ বাবে ত্ৰিপুৰা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ ৷ ইস্তাহাৰত গ্ৰহণ কৰা হৈছে উন্নত পথ, খোৱাপানীৰ সুবিধাৰ লগতে ৰাজ্যখনত এখন অত্যাধুনিক চহৰ স্থাপন আদিৰ বিভিন্ন লক্ষ্য ৷

tripura bjp released manifesto for ttaadc election
টিটিএএডিচি নিৰ্বাচন : ত্ৰিপুৰা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

আগৰতলা,4 এপ্ৰিল: সমাগত টিটিএএডিচি (ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউঞ্চিল) নিৰ্বাচনৰ বাবে শনিবাৰে ত্ৰিপুৰা বিজেপিয়ে দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে ৷ কংগ্ৰেছ দলে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাৰ এদিন পাছতে বিজেপিয়েও ইস্তাহাৰ প্ৰকাশ কৰে ৷ বিজেপি দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মাই কয় যে, নিৰ্বাচনৰ পটভূমিত ৰাজ্যখনৰ ৰাজনৈতিক প্ৰেক্ষাপট খুব সঘনে সলনি হ'ব ধৰিছে ৷

জিলা পৰিষদীয় অঞ্চলসমূহত চিপিএম দলৰ বেনাৰ, ফেষ্টুন বা বেনাৰ লাহে লাহে পৰিলক্ষিত নোহোৱা হৈছে ৷ বহুৰূপী বাঁওপন্থীয়ে এতিয়া সেয়ে পাছফালৰ পৰা প্ৰৱেশ কৰাৰ সুবিধাৰ সন্ধানত আছে ৷ সেই উদ্দেশ্যে তেওঁলোকে আনাৰস (প্ৰদ্যুত কিশোৰ দেৱ বৰ্মন নেতৃত্বাধীন টিআইপিএ ৰ নিৰ্বাচনী চিহ্ন) ৰ চিহ্ন বাচনি কৰিছে ৷

উপ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিজেপি দলেও থানছা অৰ্থাৎ একতাৰ আহ্বানক সমৰ্থন কৰে ৷ কিন্তু তাৰ বাবে বিজেপিয়ে চিপিএমৰ সৈতে গোপন নিষ্পত্তি কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ৷ চিপিএমৰ হাতত বহু বিজেপি কৰ্মীৰ মৃত্যু হ'ল বুলি অভিযোগ উত্থাপন কৰাৰ লগতে বিজেপিয়ে ৰাজ্যখনক একত্ৰিত কৰি ৰখাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে বিৰোধীয়ে কেৱল মঞ্চত ডাঙৰ ডাঙৰ বক্তৃতাহে প্ৰদান কৰে বুলি মন্ত্ৰী গৰাকীয়ে কটাক্ষ কৰে ৷

এখন চিপিএম মুক্ত এডিচি বিচৰাৰ লগতে চিপিএমক অনাগত নিৰ্বাচনত টিআইপিএৰ পৰা ধাৰ কৰি লোৱা হওক বা নিজৰ হলেও কোনো চিহ্ন ব্যৱহাৰ কৰি শাসনত অধিষ্ঠিত হ'বলৈ দিয়া ন'হব বুলি হুংকাৰ দিয়ে ৷

নিৰ্বাচনী ইস্তাহাৰ খনৰ উল্লেখনীয় দিশসমূহ তুলি ধৰি বিজেপিৰ ৰাজ্যিক সভাপতি ড৹ মাণিক সাহাই কয় যে, জিলা পৰিষদীয় অঞ্চলসমূহত উন্নত পথ, খোৱাপানীৰ সুবিধাৰ লগতে ৰাজ্যখনৰ টিটিএএডিচিৰ মুখ্য কাৰ্যালয়ত এখন অত্যাধুনিক চহৰ স্থাপন কৰাৰ লক্ষ্য লোৱা হৈছে ৷ সাহাই জানিবলৈ দিয়া মতে, ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলে কোৱা ভাষাক বিজেপিয়ে উপযুক্ত সন্মান প্ৰদৰ্শন কৰিব বিচাৰে আৰু সেয়ে ইস্তাহাৰখনত এই দিশটোক গুৰুত্ব প্ৰদান কৰিছে ৷

লগতে পঢ়ক: ত্ৰিপুৰাত মেথোনৰ ছাল, মাংসসহ এটা চোৰাংচিকাৰীক গ্ৰেপ্তাৰ

Last Updated : Apr 4, 2021, 1:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.