নেশ্যনেল ডেস্ক, ১৯মে': এগৰাকী নিৰ্বাচিত পঞ্চায়ত সদস্য তথা বিজেপি নেতাক হত্যাৰ পিছতে তীব্ৰ উত্তেজনা ত্ৰিপুৰাৰ ধলাই জিলাত । জানিব পৰা মতে জিলাখনৰ অন্তৰ্গত চাইলেংটা অঞ্চলত মঙলবাৰে নিশা অজ্ঞাত আক্ৰমণকাৰীয়ে নিৰ্বাচিত পঞ্চায়ত সদস্য আৰু এজন বিজেপি নেতা ৰাম মোহন ত্ৰিপুৰাক হত্যা কৰে । এই ঘটনাৰ পিছতে এতিয়া ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
এই হত্যাকাণ্ডৰ লগত টিপ্ৰা আৰু আইপিএফটি জড়িত থকাৰ অভিযোগ বিজেপি কৰ্মীৰ । স্থানীয় সূত্ৰ অনুসৰি, সোমবাৰে নিশা আক্ৰমণকাৰীয়ে মৃতকৰ ঘৰত প্ৰৱেশ কৰে আৰু তেওঁক অপহৰণ কৰে । পিছত পুৱা স্থানীয় লোকে ওচৰৰ বনাঞ্চলত তেজত লুতুৰী পুতুৰী অৱস্থাত তেওঁৰ মৃতদেহটো প্ৰত্যক্ষ কৰে ।
আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে। ঘটনাটো চাইলেংটা আৰক্ষী থানাৰ সীমাৰ অধীনত দেবেন্দ্ৰ ৰোজা পাৰাত সংঘটিত হৈছিল । ঘটনাটোৰ পিছতে আৰক্ষী থানাত এক চৰকাৰী অভিযোগ দাখিল কৰা হৈছে । অভিযোগত মুঠ ৯ জন লোকৰ নাম উল্লেখ কৰা হৈছে ।
বিজেপি চাইলেংটা মণ্ডোলৰ সভাপতি মোহনলাল চাকমাই অভিযোগ কৰা মতে বিজেপি নেতাগৰাকীক তেওঁৰ প্ৰভাৱৰ বাবে টিপ্ৰাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। তেওঁক প্ৰতিদ্বন্দী দলত লাভজনক প্ৰস্তাৱ আৰু পদ দিয়া হৈছিল কিন্তু তেওঁ অস্বীকাৰ কৰিছিল । মোহনলাল চাকমাইৰ অভিযোগ টিপ্ৰাত যোগদানৰ বাবে অশ্বীকাৰ কৰাই কাল হ'ল বিজেপি নেতাগৰাকীৰ । বিজেপি সাংসদ ৰেবাতি ত্ৰিপুৰাই ঘটনাটোক গৰিহণা দিয়াৰ লগতে এনে কাৰ্যকলাপ কেতিয়াও সহ্য কৰা নহ'ব বুলি হুংকাৰ দিয়ে ।
স্থানীয় বিজেপি নেতাসকলে ঘটনাৰ উচিত তদন্তৰ বাবে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়লৈ এক পত্ৰ প্ৰেৰণ কৰিছে আৰু অতি শীঘ্ৰে দলৰ শীৰ্ষ নেতাসকলক ভুক্তভোগী পৰিয়ালৰ ন্যায়ৰ বাবে দাবী জনাবলৈ আহ্বান জনায় ।
ইফালে আৰক্ষীয়ে জনোৱা মতে প্ৰাথমিক তদন্তৰ পৰা আৰক্ষীয়ে ধাৰণা কৰিছে যে মৃতব্যক্তিজনক বহুবাৰ চোকা অস্ত্ৰৰে আঘাত কৰা হৈছিল । কিয়নো শৰীৰত গুৰুতৰ আঘাতৰ দাগ আছে । উল্লেখ্য যে ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়ক:মিজোবাসীক সহায়ৰ বাবে আগবাঢ়ি আহিছে প্ৰজেক্ট ফ্লেছলাইট ২১