ETV Bharat / bharat

তিনিগৰাকী নতুন মন্ত্ৰীক সম্বৰ্ধনা ত্ৰিপুৰা বিজেপিৰ - কেবিনেট সম্প্ৰসাৰণ

ত্ৰিপুৰাৰ ৰাজ্যিক কেবিনেটত নতুনকৈ দায়িত্ব অৰ্পণ কৰা হৈছে তিনিগৰাকী নতুন মন্ত্ৰীক । ৰামপ্ৰসাদ পল, ভগৱান দাস আৰু সুশান্ত চৌধুৰীক মন্ত্ৰিত্ব প্ৰদান দিয়া হৈছে । ত্ৰিপুৰা বিজেপিৰ কৰ্মকৰ্তাই বৃহস্পতিবাৰে তিনিওগৰাকী মন্ত্ৰীকে সম্বৰ্ধনা জ্ঞাপন কৰে ।

BJP felicitated three new ministers
BJP felicitated three new ministers
author img

By

Published : Sep 2, 2021, 2:11 PM IST

নেশ্যনেল ডেস্ক, ২ ছেপ্তেম্বৰ : ত্ৰিপুৰাত কেবিনেট সম্প্ৰসাৰণ কৰি তিনিগৰাকী নতুন মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰা হৈছে । বৃহস্পতিবাৰে নতুনকৈ দায়িত্ব লাভ কৰা মন্ত্ৰী ৰামপ্ৰসাদ পল, ভগৱান দাস আৰু সুশান্ত চৌধুৰীক সম্বৰ্ধনা জনালে ত্ৰিপুৰা ৰাজ্যিক বিজেপিয়ে । দলৰ মুখ্য কাৰ্যলয়ত আয়োজিত এক অনুষ্ঠানত তিনিওগৰাকী মন্ত্ৰীক অভিনন্দন জনোৱা হয় । অনুষ্ঠানটিত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক প্ৰভাৰী বিনোদ সোনকাৰ, বিজেপিৰ ৰাজ্যিক সভাপতি ড০ মানিক সাহা, দুজন সাধাৰণ সম্পাদক টিংকু ৰয় আৰু কিশোৰ বৰ্মন ।

বিজেপিৰ ৰাজ্যিক সভাপতি ড০ মানিক সাহাই কয় যে, কেবিনেট সম্প্ৰসাৰণ কৰি দায়িত্বৰ বোজা হ্ৰাস কৰা হৈছে আৰু মন্ত্ৰী পৰিষদে জনসাধাৰণৰ আশা পূৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব সভাপতিগৰাকীয়ে আশা ব্যক্ত কৰে । তেওঁ লগতে কয় যে, "বিজেপিয়ে দলীয় প্ৰচাৰৰ ওপৰত বেছি বিশ্বাস নকৰে, কিন্তু মন্ত্ৰীসকলে তেওঁলোকৰ কাম নিয়াৰিকৈ কৰি আছে ।

আনহাতে, আই চি এ মন্ত্ৰী সুশান্ত চৌধুৰীয়ে কয় যে, বিজেপি নেতৃত্বাধীন চৰকাৰে সংবাদ মাধ্যমৰ গঠনমূলক সমালোচনাক আদৰণি জনাইছে, কিন্তু এনে সমালোচনাৰ ওপৰত ভিত্তি কৰি ইতিবাচক মানসিকতাৰে কাম কৰিব লাগিব । আই চি এ, ডি ডব্লিউ এছ আৰু ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা এই তিনিটা বিভাগৰ বাবে তেওঁৰ পৰিকল্পনা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ প্ৰথমে প্ৰতিটো বিভাগৰ দুৰ্বল দিশবোৰ, শক্তি আৰু সম্ভাৱনা চিনাক্ত কৰিব আৰু তাৰ পিছত কাম আৰম্ভ কৰিব ।

তেওঁ লগতে কয় যে,মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ সৈতে তেওঁ আলোচনাত মিলিত হৈছিল । নতুন মন্ত্ৰীগৰাকীয়ে ২০২২ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে জল জীৱন অভিযানৰ কাম দ্ৰুত গতিত সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

এতিয়ালৈকে, ৩২ শতাংশ পৰিয়ালক পাইপযোগে পানী যোগান ধৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে । আনহাতে, বাকী থকা কামো নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে । চৰকাৰী বিভাগসমূহত নিযুক্তি সন্দৰ্ভত চৌধুৰীয়ে কয় যে, চৰকাৰে ইতিমধ্যে গ্ৰুপ-চি আৰু ডিৰ প্ৰায় ৫০০০ পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগত শাৰীৰিক প্ৰশিক্ষকৰ কেইটামান পদ খালী হৈ আছে আৰু তেওঁ পদ পূৰণৰ ব্যৱস্থা কৰিব বুলি তেওঁ আশ্বাস দিয়ে । বৃহস্পতিবাৰে পুৱা দলৰ মুখ্য কাৰ্যালয়ত এক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয় । এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় নেতা দিলীপ ডেকা, অজয় জামৱাল, বিনোদ সোনকাৰ আৰু ফণীন্দ্ৰনাথ শৰ্মাৰ লগতে আন কৰ্মকৰ্তাসকল । বিজেপিৰ ৰাজ্যিক সভাপতি আৰু দলৰ জ্যেষ্ঠ নেতাসকলেও বৈঠকত অংশ লয় ।

লগতে পঢ়ক: ব্ৰু চুক্তি ৰূপায়ণ : দৈনিক নিৰীক্ষণৰ নিৰ্দেশ অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.