ETV Bharat / bharat

Special Covid Vaccination Camp : ত্ৰিপুৰাত আৰম্ভ তিনিদিনীয়া বিশেষ টীকাকৰণ অভিযান

author img

By

Published : Jan 19, 2022, 7:32 PM IST

১৫-১৮ বছৰ ঊৰ্ধৰ কিশোৰ-কিশোৰীসকলৰ বাবে ত্ৰিপুৰাত বুধবাৰৰ পৰা আৰম্ভ হৈছে বিশেষ টীকাকৰণ অভিযান (Special Covid vaccination campaign in Tripura) । ৰাজ্যখনৰ আঠখন জিলাৰ মুঠ ৭৩৪ খন বিদ্যালয়ত এই টীকাকৰণ অভিযান চলিব । শেহতীয়াকৈ ৰাজ্যখনত ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ।

Special Covid vaccination camp
ত্ৰিপুৰাত আৰম্ভ তিনিদিনীয়া বিশেষ টীকাকৰণ অভিযান

আগৰতলা, ১৯ জানুৱাৰী : সমগ্ৰ দেশৰ লগতে ত্ৰিপুৰাতো ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে । যাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে । ইফালে বাকী ৰাজ্যসমূহৰ দৰে ত্ৰিপুৰা চৰকাৰেও প্ৰতিষেধক প্ৰদানৰ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিছে ।

বুধবাৰৰ পৰা ৰাজ্যখনত তিনিদিনীয়াকৈ বিশেষ ক'ভিড টীকাকৰণ কাৰ্যসূচী আৰম্ভ কৰিছে । ১৫-১৮ বছৰ ঊৰ্ধৰ কিশোৰ-কিশোৰীসকলক ক'ভিড প্ৰতিষেধক প্ৰদান কৰাৰ উদ্দেশ্যে এই বিশেষ টীকাকৰণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে (Special Covid vaccination campaign in Tripura) ।

স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াৰ মতে, এই তিনিদিনীয়া কাৰ্যসূচীত ৰাজ্যখনৰ আঠখন জিলাৰ মুঠ ৭৩৪ খন বিদ্যালয়ত ক'ভিড টীকাকৰণ অভিযান চলিব । বিষয়াগৰাকীয়ে লগতে কয় যে, এই কাৰ্যসূচী সফল কৰাৰ লগতে নাগৰিকসকলক উদগনি দিয়াৰ উদ্দেশ্যে ৰাজ্যখনৰ মন্ত্ৰীসকলেও এই অভিযানত অংশগ্ৰহণ কৰিব ।

আনহাতে, বৰ্তমানলৈ সমগ্ৰ ৰাজ্যৰ ১৮ বছৰতকৈ ঊৰ্ধৰ নাগৰিকসকলক মুঠ ৪৮ লাখ ৬৪ হাজাৰ ১৫৫ পালি ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে । বৰ্তমান ৰাজ্যখনত ক'ভিড প্ৰতিষেধকৰ ৭ লাখ ৮৫ হাজাৰ ১৭০ টা পালি চৰকাৰৰ হাতত মজুত আছে ।

লগতে পঢ়ক : New Covid SOP in Tripura : ক'ভিড পৰিস্থিতিৰ বাবে বন্ধ থাকিব ত্ৰিপুৰাৰ শ্ব’পিং মল, চিনেমা হল,পাৰ্ক

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.