ETV Bharat / bharat

নৱীকৰণ কৰা হ'ল ত্ৰিপুৰা-বাংলাদেশ বিদ্যুৎ ৰপ্তানি চুক্তি - বাংলাদেশৰ সৈতে ১৬০ মেগাৱাট বিদ্যুৎ যোগানৰ বাবে এক চুক্তি

অৱশেষত বিদ্যুৎ ৰপ্তানিৰ বাবে পুনৰ সন্মত হ'ল ত্ৰিপুৰা(Tripura) আৰু বাংলাদেশ(Bangladesh) । ২০১৬ চনত স্বাক্ষৰিত ত্ৰিপুৰা-বাংলাদেশ বিদ্যুৎ ৰপ্তানি চুক্তি(power export agreement)ৰ নৱীকৰণ কৰিলে দুয়ো পক্ষই । চলিত বৰ্ষৰ মাৰ্চ মাহতে এই চুক্তিৰ ম্যাদ উকলি গৈছিল যদিও বাংলাদেশ চৰকাৰে এই চুক্তিৰ নৱীকৰণত অসন্মতি প্ৰকাশ কৰিছিল ।

Tripura Bangladesh power export agreement renewed
নৱীকৰণ কৰা হ'ল ত্ৰিপুৰা বাংলাদেশ বিদ্যুৎ ৰপ্তানি চুক্তি
author img

By

Published : Aug 24, 2021, 1:48 PM IST

নেশ্যনেল ডেস্ক, ২৪ আগষ্ট: বিদ্যুৎ ৰপ্তানি অব্যাহত ৰখাৰ বাবে বাংলাদেশ চৰকাৰৰ সৈতে বিদ্যুৎ ৰপ্তানি চুক্তি(power export agreement)ৰ নৱীকৰণ কৰিলে ত্ৰিপুৰা ৰাজ্যিক বিদ্যুৎ নিগমে (Tripura State Electricity Corporation) । ২০১৬ চনত এই চুক্তিখন স্বাক্ষৰিত হৈছিল । ২০২১ চনৰ মাৰ্চ মাহতে এই চুক্তিৰ ম্যাদ উকলি গৈছিল । কিন্তু আৰম্ভণিতে বাংলাদেশ চৰকাৰে এই চুক্তি নৱীকৰণ কৰিবলৈ অসন্মতি প্ৰকাশ কৰিছিল ।

এমাহ ধৰি এই বিষয়ত কেইবাবাৰো আলোচনা কৰাৰ পাছত অৱশেষত দুয়ো পক্ষৰ সৰ্বসন্মতিক্ৰমে সংশোধিত হাৰৰ সৈতে আগন্তুক পাঁচ বছৰৰ বাবে বিদ্যুৎ ৰপ্তানি চুক্তি নৱীকৰণ কৰা হয় । এই সন্দৰ্ভত ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মা(Deputy Chief Minister Jishnu Dev Varma)ই কয় যে, ত্ৰিপুৰা চৰকাৰে বিদ্যুৎ ৰপ্তানি অব্যাহত ৰাখিছে । ত্ৰিপুৰা ৰাজ্যিক বিদ্যুৎ নিগমৰ পৰিচালন সঞ্চালক এম এছ কেলে(MS Kele) আৰু শক্তি বিভাগৰ প্ৰধান সচিব কিৰণ গিট্টেৰ উপস্থিতিত বাংলাদেশৰ পক্ষৰ সৈতে আলোচনা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ।

আনহাতে, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে বিভিন্ন সময়ত এই বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক জনাইছিল । বিদ্যুৎ ৰপ্তানি অব্যাহত ৰখাতো নিশ্চিত কৰিবলৈ তেওঁ প্ৰধানমন্ত্ৰীগৰাকীক আহ্বান জনাইছিল ।

কিয়নো, ইয়াৰ জৰিয়তে ৰাজ্যখনে ১৫০-১৬০ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰে । এই সন্দৰ্ভত ত্ৰিপুৰা ৰাজ্যিক বিদ্যুৎ নিগমৰ পৰিচালন সঞ্চালক এম এছ কেলে(MS Kele)ই কয় যে, ২০১৬ চনত নিগমে বাংলাদেশৰ সৈতে ১৬০ মেগাৱাট বিদ্যুৎ যোগানৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিছিল ।

এই পাঁচ বছৰীয়া চুক্তিৰ ম্যাদ ২০২১ চনৰ মাৰ্চ মাহত শেষ হৈছিল । নতুনকৈ নিৰ্ধাৰিত হাৰ সন্দৰ্ভত তেওঁ কয় যে, এই ক্ষেত্ৰত ত্ৰিপুৰা লাভৱান হৈছে । ঘৰুৱা মাচুলতকৈ এই মূল্য বহু বেছি লাভজনক বুলি তেওঁ মন্তব্য কৰে ।

ইফালে, শেহতীয়াকৈ ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মা(Deputy Chief Minister Jishnu Dev Varma)ই ইণ্টিগ্ৰেটেড ৰেভিনিউ মেনেজমেণ্ট চিষ্টেম, ত্ৰিপুৰা ৰাজ্যিক বিদ্যুৎ নিগমৰ বিষয়াৰ মোবাইল এপ আৰু গ্ৰাহকৰ বাবে বিদ্যুৎ বন্ধু এপ মুকলি কৰে । তেওঁ লগতে কয় যে, চৰকাৰে ৰাজহৰ সঠিক ব্যৱস্থাপনাৰ লগতে বিদ্যুৎ বিতৰণ ব্যৱস্থাৰ আধুনিকীকৰণ কৰিব বিচাৰে । এই বিদ্যুৎ ৰপ্তানি চুক্তিৰ জৰিয়তে পুনৰ লাভান্ৱিত হোৱাৰ আশা প্ৰকাশ কৰিছে ত্ৰিপুৰা চৰকাৰে ।

লগতে পঢ়ক:আফগানিস্তানৰ পৰা 75জন শিখ লোকক ভাৰতলৈ স্থানান্তৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.