আগৰতলা, 12 ফেব্ৰুৱাৰী: দেশৰ ৰাজধানী চহৰত নিৰ্মাণৰত নতুন সংসদ ভৱনত ব্যৱহাৰ হ'ব ত্ৰিপুৰাত নিৰ্মিত বাঁহৰ বিভিন্ন সামগ্ৰী ৷ বিজেপি জনজাতি মৰ্চাৰ মুৰব্বী আৰু পূৱ-ত্ৰিপুৰা সমষ্টিৰ বৰ্তমানৰ সাংসদ ৰেৱতী ত্ৰিপুৰাই টুইটাৰ যোগে এই কথা জানিবলৈ দিয়ে ৷ পূৱ-ত্ৰিপুৰা সমষ্টিৰ বৰ্তমানৰ সাংসদ গৰাকীয়ে এই কথা জানিবলৈ দি কয় যে, অতি শীঘ্ৰে ত্ৰিপুৰাত নিৰ্মাণ হোৱা বাঁহৰ সামগ্ৰী নতুন সংসদ ভৱনৰ মজিয়া আৰু পেনেলিঙত ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা যাব ৷

ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ্বিন্যাস সম্পৰ্কীয় বহুকেইটা দাবীৰ লগতে উক্ত কাম তৰান্বিত কৰাৰ আহ্বানেৰে দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰিবলৈ যোৱা সাংসদ গৰাকীয়ে টুইটাৰ যোগে সকলো ত্ৰিপুৰাবাসীক সুখবৰটো প্ৰদান কৰে ৷ মনৰ ভাৱ ব্যক্ত কৰি তেওঁ টুইটযোগে এইবুলি কয় যে, ত্ৰিপুৰাবাসীৰ বাবে এইটো অতি গৌৰৱৰ বিষয় যে, ৰাজ্যখনত নিৰ্মিত বাঁহৰ সামগ্ৰী সমূহ নতুন সংসদ ভৱনৰ সৌন্দৰ্যবৰ্ধনত অন্তিম পৰশ দিয়াৰ বাবে ফ্ল'ৰিঙ আৰু পেনেলিঙত ব্যৱহাৰ কৰা হ'ব ৷

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সাক্ষাৎ কৰাৰ সময়ত সাংসদ গৰাকীয়ে বাঁহেৰে নিৰ্মিত কলম উপহাৰ দিয়াৰ হৃষা উপহাৰ দিয়ে ৷ অন্য এটা টুইটযোগে এই কথা জানিবলৈ দি সাংসদ গৰাকীয়ে উল্লেখ কৰে যে, দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বানমৰ্মে মন্ত্ৰী গৰাকীয়ে তেঁওক ৰাজ্যখনৰ বাঁহৰ ক্ষেত্ৰ খনত Zero Defect Zero Effect বাণী মানি চলাৰ বাবে উপদেশ দিছে ৷
জানিব পৰা মতে, কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি ৰেৱতীয়ে ৰাজ্যখনত ধীৰ গতিৰে চলি থকা ৰাস্তাৰ কাম খৰতকীয়া কৰাৰ আহ্বান জনোৱাৰ লগতে ধলাই সেঁতুৰ জৰাজীৰ্ণ অৱস্থাৰ কথা উল্লেখ কৰি সেঁতুখনৰ মেৰামতিৰ লগতে নতুন এখন দলঙৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি দুখনকৈ পত্ৰ প্ৰদান কৰে ৷