ETV Bharat / bharat

Tripura budget session : বাজেট অধিৱেশনৰ প্ৰস্তুতিৰ বুজ ল'লে অধ্যক্ষ ৰতন চক্ৰৱৰ্তীয়ে - বাজেট অধিৱেশনৰ প্ৰস্তুতিৰ বুজ ল'লে অধ্যক্ষ ৰতন চক্ৰৱৰ্তীয়ে

আৰম্ভ হ’ল ত্ৰিপুৰা চৰকাৰৰ বাজেট অধিৱেশন (Budget session of Tripura assembly)। বুধবাৰে বিধানসভাৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তীয়ে বাজেট অধিৱেশনৰ প্ৰস্তুতিৰ বুজ লয় । বিভিন্ন দায়িত্বত থকা কৰ্মচাৰীৰ সৈতে অধ্যক্ষগৰাকীয়ে বাৰ্তালাপ কৰে । এইবাৰ চাৰিগৰাকী বিধায়ক অধিৱেশনত উপস্থিত নাথাকে ।

Tripura budget session
বাজেট অধিৱেশনৰ প্ৰস্তুতিৰ বুজ ল'লে অধ্যক্ষ ৰতন চক্ৰৱৰ্তীয়ে
author img

By

Published : Mar 17, 2022, 12:25 PM IST

আগৰতলা,১৭ মাৰ্চ : আজিৰে পৰা আৰম্ভ হৈছে ত্ৰিপুৰা বিধানসভাৰ বাজেট অধিৱেশন (Budget session of Tripura assembly)। ইয়াৰ ঠিক এদিন পূৰ্বে অৰ্থাৎ বুধবাৰে বিধানসভাৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তীয়ে বাজেট অধিৱেশনৰ প্ৰস্তুতিৰ বুজ লয় (Tripura assembly speaker examined budget session preparations)। বাজেট অধিৱেশনৰ বিভিন্ন দায়িত্বত থকা কৰ্মচাৰীৰ সৈতে তেওঁ বাৰ্তালাপ কৰে ।

অধিৱেশনৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ পাছতে অধ্যক্ষগৰাকীয়ে সংবাদমাধ্যমক সম্বোধন কৰে । তেওঁ সংবাদ মাধ্যমক জনোৱা মতে এইবাৰ চাৰিগৰাকী বিধায়ক অধিৱেশনত উপস্থিত নাথাকে । তেওঁলোকৰ ভিতৰত বিজেপিৰ এগৰাকী বিধায়ক আছে যাক বৰ্খাস্ত কৰা হৈছিল ৷ লগতে বিজেপি বিধায়ক সুদীপ ৰয় বৰ্মন আৰু আশীষ কুমাৰ সাহাই পদত্যাগ কৰিছিল আৰু চিপিআই(এম)ৰ বিধায়ক ৰমেন্দ্ৰ চন্দ্ৰ দেবনাথৰ মৃত্যু হৈছে ।

অধ্যক্ষগৰাকীয়ে উল্লেখ কৰা মতে অধিৱেশনৰ প্ৰথম দিনা ৰাজ্যপাল উপস্থিত থাকিব । ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী তথা বিত্ত মন্ত্ৰী জিষ্ণু দেৱবাৰ্মাই বাজেট দাখিল কৰিব । বৰ্তমানৰ চৰকাৰৰ এই বাজেট অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে ।

উল্লেখ্য যে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা বাজেট অধিৱেশন ২৪ মাৰ্চত সমাপ্ত হ'ব । এইবাৰ ত্ৰিপুৰা চৰকাৰে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে । ইফালে অধিৱেশনৰ পূৰ্বে বুধবাৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ আহ্বানত প্ৰাক-বাজেট বৈঠক অনুষ্ঠিত হয় ।

লগতে পঢ়ক :Tripura budget session : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ আহ্বানত প্ৰাক-বাজেট বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.