ETV Bharat / bharat

Tripura by poll Update: তিনিটা সমষ্টিত বিজেপি দলৰ অগ্ৰগতি - Tripura by poll Update

কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পুৱা 8 বজাৰ পৰা ত্ৰিপুৰাৰৰ চাৰিখন বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ ভোটগণনা চলি আছে (Tripura By election 2022) ৷ তিনিওটা সমষ্টিত বিজেপি দলৰ অগ্ৰগতি (BJP leading)৷

Tripura-bye-poll-counting
কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে চলি আছে ভোট গণনা
author img

By

Published : Jun 26, 2022, 12:46 PM IST

নেশ্যনেল ডেস্ক, 26 জুন : ত্ৰিপুৰাত কোনে মাৰি শেষ হাঁহি ! দেওবাৰ অৰ্থাৎ আজি দেশৰ তিনিখন লোকসভা আসন আৰু সাতখন বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হয় (Tripura bye poll counting) ৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পুৱা 8 বজাৰ পৰা ত্ৰিপুৰাৰৰ চাৰিখন বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ ভোটগণনা চলি আছে (Tripura By election 2022) ৷

এতিয়ালৈ 7 টা ৰাউণ্ডৰ ভোট গণনাৰ পিছত কংগ্ৰেছ প্ৰাৰ্থী সুদীপ ৰয় বৰ্মনে 6 নং আগৰতলাৰ পৰা আগবাঢ়ি আছে আনহাতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড৹ মানিক সাহা 8 নং টাউন বৰদোৱালীৰ, 57 নং যুৱৰাজ নগৰ আৰু 46 নং সুৰমাত গেৰুৱা দল আগবাঢ়ি আছে (BJP leading)।

উল্লেখ্য যে উমাকান্ত উচ্চ বিদ্যালয়ৰ পুৰণি ভৱনত 6 নং আগৰতলা আৰু 8 নং টাউন বৰদোৱালী বিধানসভা সমষ্টিৰ ভোটগণনা চলি আছে ৷ আনহাতে উত্তৰ জিলাৰ ধৰ্মনগৰত 57 নং জুবাৰাজ নগৰৰ গণনা চলি আছে আৰু ধলাই জিলাৰ কমলপুৰত 46 নং সুৰমাৰ গণনা প্ৰক্ৰিয়া চলি আছে।

এই প্ৰসংগত এগৰাকী বিষয়াই কয় যে, ধাৰা 144 অনুসৰি গণনা কেন্দ্ৰ উমাকান্ত একাডেমীৰ বাহিৰৰ পৰা ২০০ মিটাৰ পৰ্যন্ত কোনো এঠাইত পাঁচ বা ততোধিক লোক সমবেত হ'ব নোৱাৰিব । এই অঞ্চলটোত আগ্নেয়াস্ত্ৰ, বাঁহৰ টুকুৰা, কাঠৰ ফাইল, ৰড, জিআই পাইপ আদি অনাত বাধা আৰোপ কৰা হৈছে । উপযুক্ত কৰ্তৃপক্ষৰ অনুমোদন অবিহনে কোনেও এই অঞ্চলৰ ভিতৰত মোবাইল ফোন আদিও আনিব নোৱাৰিব । গণনা সম্পূৰ্ণ নোহোৱালৈকে ২৬ জুনৰ পুৱা ৮ বজাৰ পৰা এই নিৰ্দেশ কাৰ্যকৰী হৈ থাকিব বুলি বিষয়াগৰাকীয়ে কয় ।

তেওঁ লগতে কয় যে, আদেশ উলংঘা কৰা যিকোনো লোকক ভাৰতীয় দণ্ডবিধিৰ ১৬ ধাৰাৰ অধীনত অভিযুক্ত কৰা হ'ব ৷ আনহাতে ৮ নং টাউন বৰদোৱালীৰ ৰিটাৰ্ণিং বিষয়া অসীম সাহাই ইভিএম মেচিনসমূহ পৰীক্ষা কৰা বুলি কয় ৷

লগতে পঢ়ক : Tripura bye poll: ২৬ জুনত উপ-নিৰ্বাচনৰ ভোট গণনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.