ETV Bharat / bharat

শ্লোগানত নহয়, BJPয়ে বিশ্বাস কৰে উন্নয়নত : ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী - CPIM

ভাষণ, শ্লোগান নহয়; উন্নয়নহে কৰিব খোজে বিজেপিয়ে । ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য । উন্নয়নৰ জড়িয়তে ত্ৰিপুৰাক অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিব খোজাৰ কথা প্ৰকাশ কৰে উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে ।

tripura agartala deputy chief minister
শ্লোগানত নহয়,BJPয়ে বিশ্বাস কৰে উন্নয়নত
author img

By

Published : Mar 3, 2022, 9:57 PM IST

আগৰতলা, 03 মাৰ্চ: ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাই বুধবাৰে দাবী কৰে যে তেওঁৰ চৰকাৰে উন্নয়নত বিশ্বাস কৰে, শ্ল'গান বা ভাষণত নহয় । চেপাহিজালা জিলাৰ অন্তৰ্গত চাৰিলাম খণ্ডৰ পুৰাণবাৰীত এটা নৱনিৰ্মিত জিম উদ্বোধন কৰি উপ-মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য ।

বাওঁমৰ্চা চৰকাৰ(CPIM)ক তীক্ষ্ণ সমালোচনা কৰি উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে পূৰ্বতে বিভিন্ন ক্ষেত্ৰত উন্নয়ন কেৱল শ্লোগানৰ জৰিয়তে কৰা হৈছিল, যাৰ বাস্তৱৰ সৈতে অলপো মিল নাই । কিন্তু এতিয়া সেই পৰিস্থিতি সলনি হৈছে বুলি দাবী কৰি তেওঁলোকৰ BJP চৰকাৰখনে হাতত লোৱা কৰ্মসূচী আৰু উন্নয়নৰ এক খতিয়ান দাঙি ধৰে । ৰাজ্য চৰকাৰে ক্ৰীড়াৰ বিকাশৰ বাবে বিভিন্ন খণ্ডৰ সৈতে কাম কৰি আছে । ৰাজ্য চৰকাৰে বিচাৰে যে শিক্ষাৰ্থী আৰু যুৱক-যুৱতীসকলে তেওঁলোকৰ মানসিক বিকাশৰ বাবে ক্ৰীড়াত অধিক গুৰুত্ব দিয়ক ।

সংশ্লিষ্ট বিভাগে ষ্টেডিয়ামখনৰ জড়িয়তে ৰাজ্যখনৰ নাম জিলিকাই তোলাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি দাবী কৰি তেওঁ কয় যে ক্ৰীড়া আন্তঃগাঁথনিৰ বিকাশৰ প্ৰতি বিশেষ মনোযোগ দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে জনাই যে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত ৫ কোটি টকা ব্যয়েৰে এষ্ট্ৰোটাৰ্ফ(Astroturf) স্থাপনৰ বাবে পদক্ষেপ লোৱা হৈছে । তেওঁ আশা প্ৰকাশ কৰে যে ক্ৰীড়া ক্ষেত্ৰত বিকশিত হৈ থকা আন্তঃগাঁথনিৰ সঠিক ব্যৱহাৰ কৰি ৰাজ্যখনৰ শিশুসকলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ৰাজ্যখনৰ নাম জিলিকাই তুলিব ।

লগতে পঢ়ক: Bangladesh-India Cultural Meet-2022 : কাৰ্যসূচীত ত্ৰিপুৰাৰ মন্ত্ৰী ৰাম প্ৰসাদ পালৰ অংশগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.