ETV Bharat / bharat

টিটিএডিচি নিৰ্বাচন: কাৰ ভাগ্য উদয় হ'ব?

প্ৰদ্যুত কিশোৰ দেৱ বৰ্মনে টিপ্ৰা দলৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ চলায় । শুকুৰবাৰে প্ৰদ্যুত কিশোৰ দেৱ বৰ্মনে এক বিশাল জনসভাত ভাগ লয় । ইফালে, শাসক দল বিজেপি আৰু আইপিএফটিয়েও ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায় । দুয়োটা দলৰ নেতাই টিপ্ৰাৰ উত্থানৰ বিষয়ে আশংকা প্ৰকাশ কৰে ।

টিটিএএডিচি নিৰ্বাচনঃ কাৰ ভাগ্য উদয় হ'ব?

author img

By

Published : Apr 5, 2021, 6:26 PM IST

নেশ্যনেল ডেস্ক, ৫ এপ্ৰিল: সমাগত ত্ৰিপুৰা জনজাতীয় স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ বাবে সোমবাৰে বিজেপি, আইপিএফটি, টিপিআৰএ, কংগ্ৰেছ আৰু চিপিআইএমকে ধৰি কেবাটাও ৰাজনৈতিক দলে ত্ৰিপুৰাৰ ২৮ টা সমষ্টিত ইতিমধ্যে তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । দেওবাৰে সামৰণি পৰে টিটিএএডিচি নিৰ্বাচন ।

প্ৰদ্যুত কিশোৰ দেৱ বৰ্মনে টিপ্ৰা দলৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ চলায় । শুকুৰবাৰে প্ৰদ্যুত কিশোৰ দেৱ বৰ্মনে এক বিশাল জনসভাত ভাগ লয় । ইফালে, শাসক দল বিজেপি আৰু আইপিএফটিয়েও ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায় । দুয়োটা দলৰ নেতাই টিপ্ৰাৰ উত্থানৰ বিষয়ে আশংকা প্ৰকাশ কৰে ।

টিটিএএডিচি নিৰ্বাচনঃ কাৰ ভাগ্য উদয় হ'ব?
টিটিএএডিচি নিৰ্বাচনঃ কাৰ ভাগ্য উদয় হ'ব?

ৰাজ্যিক নিৰ্বাচন আয়োগৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি, প্ৰায় ১৫৭ জন প্ৰাৰ্থীয়ে এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে । ১৮৫ গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত চাৰিগৰাকীৰ মনোনয়ন প্ৰত্যাহাৰ কৰে নিৰ্বাচন আয়োগে ।

ত্ৰিপুৰাৰ ১,০৬০ টা স্থানত স্থাপন কৰা হৈছিল ভোটকেন্দ্ৰ । ১,২৪৪ টা ভোটকেন্দ্ৰত ৪,৩৬,৫৪৮ গৰাকী পুৰুষ আৰু ৪,২৮,৪৯০ গৰাকী মহিলা ভোটাৰকে ধৰি মুঠ ৮,৬৫,০৪১ জন ভোটাৰে ভোটদান কৰে । নিৰ্বাচনৰ বিষয়াসকলে ইতিমধ্যে ভোট কেন্দ্ৰসমূহত শান্তিপূৰ্ণভাৱে নিৰ্বাচন সম্পন্ন কৰিবলৈ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছিল । উল্লেখ্য যে, এটা পৰ্যায়ত অনুষ্ঠিত হয় টিটিএএডিচি নিৰ্বাচন । অহা ১০ এপ্ৰিলত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল ।

লগতে পঢ়ক: মিছাইল আক্ৰমণৰ পৰা জাহাজক সুৰক্ষিত কৰিবলৈ নতুন প্ৰযুক্তিৰ উদ্ভাৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.