ETV Bharat / bharat

2021-22 বৰ্ষৰ বাজেটে ত্ৰিপুৰাৰ আৰ্থিক উন্নয়ন আনিব: বিপ্লৱ কুমাৰ দেৱ

author img

By

Published : Feb 1, 2021, 8:31 PM IST

দেশৰ সাধাৰণ বাজেট সন্দৰ্ভত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ৷ ৰাজ্যৰ আৰ্থিক অৱস্থা ঘুৰাই আনিব বুলি বিপ্লৱ কুমাৰ দেৱৰ ৷

Tripur Cm Reaction On 2021-22 Financial Year Budget
2021-22 বৰ্ষৰ বাজেটে ত্ৰিপুৰাৰ আৰ্থিক উন্নয়ন আনিব: বিপ্লৱ কুমাৰ দেৱ

আগৰতলা, 1 ফেব্ৰুৱাৰী : সোমবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ 2021-22 বৰ্ষৰ সাধাৰণ বাজেট দাখিল কৰাৰ পিচতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ প্ৰতিক্ৰিয়া ৷ তেওঁ কয় যে, বাজেটত ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ বাবে যি আঁচনি ধাৰ্য কৰা হৈছে সেই আঁচনিয়ে ত্ৰিপুৰাৰ ব্যৱসায়ী সকলক লাভান্বিত কৰিব ৷

তেওঁ জনোৱা অনুসৰি, ত্ৰিপুৰাৰ প্ৰায় 40 শতাংশ ব্যৱসায়ীয়ে 2021-22 বৰ্ষৰ বাজেটৰ জৰিয়তে লাভান্বিত হ'ব ৷ দেশৰ সাধাৰণ বাজেটে ৰাজ্যখনৰ নিবনুৱা সকলৰ বাবেও আশাৰ ৰেঙনি কঢ়িয়াই আনিব ৷ আনকি, কৃষি ক্ষেত্ৰত প্ৰদান কৰা বিশেষ ঋণৰ জৰিয়তে ত্ৰিপুৰাৰ কৃষক সকলেও লাভান্বিত হ'ব ৷ কিয়নো ৰাজ্যখনৰ 96 শতাংশ ক্ষুদ্ৰ কৃষক আছে ৷ গতিকে, সাধাৰণ বাজেটে ৰাজ্যখনৰ আৰ্থিত উন্নয়ন সাধন কৰিব বুলিও মন্তব্য বিপ্লৱ কুমাৰ দেৱৰ ৷

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ প্ৰতিক্ৰিয়া

আনহাতে, অসম আৰু পশ্চিম বংগৰ চাহ শ্ৰমিকৰ বাবে যি পেকেজ ঘোষণা কৰিছে তাৰ ভিতৰত ত্ৰিপুৰাকো অন্তভূৰ্ক্ত কৰিবলৈ বিত্তমন্ত্ৰীক অনুৰোধ জনাব বিপ্লৱ কুমাৰ দেৱে ৷

লগতে পঢ়ক : সাধাৰণ বাজেটত অসমৰ পথ নিৰ্মাণৰ বাবে 34 হাজাৰ কোটি টকাৰ পেকেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.