ETV Bharat / bharat

অধিক ভয়াৱহ ক'ভিড-১৯ৰ ট্ৰিপল মিউটেণ্ট ষ্ট্ৰেইন : বিশেষজ্ঞৰ সকিয়নী

author img

By

Published : Apr 23, 2021, 12:57 PM IST

দেশত ক'ভিড-১৯ মহামাৰীৰ সংহাৰী ৰূপ । পূৰ্বতকৈ অধিক সাৱধনতা অৱলম্বন কৰিবলৈ বাৰম্বাৰ সকিয়াই দিছে চিকিৎসা বিশেষজ্ঞই । মহাৰাষ্ট্ৰকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বাবে এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ক'ভিড-১৯ৰ ট্ৰিপল মিউটেণ্ট ষ্ট্ৰেইনে । বিশেষজ্ঞসকলৰ মতে, ট্ৰিপল মিউটেণ্ট ষ্ট্ৰেইন আন ষ্ট্ৰেইনতকৈ অধিক মাৰাত্মক আৰু হাঁওফাঁওক অতি সোনকালে আক্ৰমণ কৰে ।

ক'ভিডৰ ট্ৰিপল মিউটেণ্ট ষ্ট্ৰেইন অধিক ভয়াৱহ

নেশ্যনেল ডেস্ক, ২৩ এপ্ৰিল : কৰ'ণা মহামাৰীয়ে মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশকে ধৰি বহু কেইখন ৰাজ্যত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে পুনৰ সতৰ্ক কৰি দিছে চিকিৎসা বিশেষজ্ঞসকলে । শেহতীয়াকৈ কেইবাখনো ৰাজ্যত ট্ৰিপল মিউটেণ্ট ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমিত হোৱা তথ্য পোহৰলৈ আহিছে । সমগ্ৰ দেশতে মহামাৰীৰ দ্বিতীয় ঢৌৱে আতংকময় পৰিৱেশ সৃষ্টি কৰাৰ সময়তে এইবাৰ ট্ৰিপল মিউটেণ্ট ষ্ট্ৰেইনক লৈ চিন্তা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে । বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে, ট্ৰিপল মিউটেন্ট ষ্ট্ৰেইন আন ষ্ট্ৰেইনতকৈ অধিক মাৰাত্মক ।

ট্ৰিপল মিউটেন্ট ষ্ট্ৰেইন দ্ৰুত গতিত এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ বিয়পি পৰে আৰু নাক আৰু মুখেৰে শৰীৰত প্ৰৱেশ কৰাৰ পিছত হাঁওফাঁওলৈ সংক্ৰমিত হয় । যেতিয়ালৈকে ৰোগীয়ে সংক্ৰমিত হোৱা বুলি অনুভৱ কৰে তেতিয়ালৈকে তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ যথেষ্ট অৱনতি ঘটে । বিশেষজ্ঞসকলৰ মতে, শেহতীয়াকৈ ভাৰতত ট্ৰিপল মিউটেণ্ট ষ্ট্ৰেইন ধৰা পৰিছে ৰোগীৰ দেহত ।

আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰ, ছিংগাপুৰ, ফিনলেণ্ডকে ধৰি দেশবোৰত ২০২০ চনৰ এপ্ৰিল মাহতে তেওঁলোকৰ ৰোগীসকলৰ দেহত ট্ৰিপল মিউটেণ্ট ষ্ট্ৰেইন থকা কথাটো প্ৰমাণিত হয় । কৰ'ণা ভাইৰাছৰ প্ৰকৃতি সময়ে সময়ে পৰিৱৰ্তন হয় আৰু ইয়াৰ ফলত ইয়াৰ আকৃতি, ৰং আদি প্ৰভাৱিত হয় । মাৰাত্মক ভাইৰাছৰ আৰ এন এ তিনিবাৰ সলনি হৈছে আৰু প্ৰতিটো পৰিৱৰ্তনৰ সৈতে ভাইৰাছটো অধিক মাৰাত্মক হৈ পৰিছে ।

আয়ুস ক'ভিড টাস্ক ফ'ৰ্চৰ সদস্য ডাঃ সঞ্জয় ল'ন্ধেৰ মতে, তৃতীয় মিউটেন্টটো অতি বিপদজনক আৰু ইয়াৰ দ্বাৰা আক্ৰান্ত হ'লে তিনি দিনত স্বাস্থ্যৰ অৱস্থাৰ অৱনতি হয় । ক'ভিড-১৯ৰ প্ৰথম ঢৌৰ সময়ত, ভাইৰাছে প্ৰথমে মুখ, নাক আৰু সংক্ৰমণ প্ৰভাৱিত কৰিছিল । ভাইৰাছটো হাঁওফাঁও আৰু আন অংগত প্ৰৱেশ কৰিবলৈ তিনি দিনৰ সময় লাগিছিল । আনহাতে, লক্ষণবোৰ কেৱল পাঁচৰ পৰা আঠ দিনৰ পিছতহে পোহৰলৈ আহে । ইয়াৰ পিছতহে ৰোগীৰ দেহত গুৰুতৰ প্ৰভাৱ পৰে ।

ইফালে, দ্বিতীয়টো ঢৌ যথেষ্ট বিপদজনক । যদি পৰিয়ালৰ এজন সদস্য সংক্ৰমিত হয়, তেন্তে খুব কম সময়ৰ ভিতৰতে গোটেইকেইজন সদস্য আক্ৰান্ত হয় । অৱসাদ আৰু জ্বৰৰ দৰে প্ৰাৰম্ভিক লক্ষণবোৰে দেখা দিয়াৰ পিছত তৃতীয় বা চতুৰ্থ দিনা ৰোগীৰ অৱস্থাৰ অৱনতি হয় আৰু তেওঁক ইণ্টেন্সিভ কেয়াৰ ইউনিটত(আইচিইউ) ভৰ্তি কৰিব লাগিব বুলিও ল'ন্ধে জানিবলৈ দিয়ে ।

তেওঁ লগতে কয় যে, ডাবল আৰু ট্ৰিপল মিউটেন্টৰ দ্বাৰা সংক্ৰমণ হ'লে চৰ্দি, কাহ, জ্বৰ আৰু অৱসাদকে ধৰি একেবোৰ লক্ষণেই দেখা পোৱা যায় ৰোগীৰ দেহত । কিন্তু এতিয়া, বমি, চকু ৰঙা পৰা, কাণেৰে শুনাৰ সমস্যা, জিভাখন বগা ৰঙৰ হৈ পৰা আদি লক্ষণবোৰো দেখা গৈছে । তেওঁ লগতে কয় যে, আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই । ইয়াৰ পৰিৱৰ্তে সাৱধনতা অৱলম্বন কৰা উচিত বুলি তেওঁ পৰামৰ্শ দিয়ে । এনে লক্ষণবোৰে দেখা দিলে স্বাস্থ্যৰ অৱনতি হোৱাৰ আগতেই চিকিৎসকৰ পৰামৰ্শ ল'বলৈ সকলোকে আহ্বান জনায় ।

লগতে পঢ়ক:ক’ভিড কেয়াৰ কেন্দ্ৰৰ খিৰিকী ভাঙি 31 জন ক’ভিড আক্ৰান্তৰ পলায়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.