ETV Bharat / bharat

মুলায়ম সিং যাদৱক শ্ৰদ্ধাঞ্জলি ৰাজনীতি জগতৰ: উত্তৰ প্ৰদেশত তিনিদিনীয়া ৰাজ্যিক শোক - প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱে (Mulayam singh yadav death) সোমবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে ৷ জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীৰ মৃত্যুত সমগ্ৰ দেশৰ ৰাজনীতি জগতত শোকৰ ছাঁ পৰিছে (Samajwadi party leader Mulayam Singh Yadav Died) ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙকে ধৰি দেশৰ ৰাজনীতি জগতৰ বিভিন্নজনে মুলায়ম সিং যাদৱৰ মৃত্যুত শোক প্ৰকাশ কৰিছে (Tributes pour in for Mulayam Singh Yadav) ৷

Tributes pour in for Mulayam Singh Yadav
মুলায়ম সিং যাদৱক শ্ৰদ্ধাঞ্জলি ৰাজনীতি জগতৰ
author img

By

Published : Oct 10, 2022, 10:01 PM IST

নিউজ ডেস্ক, 10 অক্টোবৰ: সমাজবাদী পাৰ্টিৰ পিতৃপুৰুষ প্ৰয়াত মুলায়ম সিং যাদৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে(President Draupadi Murmu) ৷ ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰয়াত মুলায়ম সিং যাদৱক "ধৰ্তি পুত্ৰ" (মাটিৰ পুত্ৰ) বুলি উল্লেখ কৰি তেওঁৰ মৃত্যু দেশৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে(Mulayam Singh Passed Away) ।

তেওঁ লগতে কয় যে, দলীয় নেতাসকলে মুলায়ম সিং যাদৱক সন্মান কৰিছিল । সাধাৰণ পৰিৱেশৰ পৰা অহা মুলায়ম সিং যাদৱৰ কৃতিত্ব আছিল অসাধাৰণ । ‘ধৰ্তি পুত্ৰ’ মুলায়মজী আছিল ভূমিৰ সৈতে জড়িত এজন প্ৰবীণ নেতা । সকলো দলৰ লোকে তেওঁক সন্মান কৰিছিল ।

তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, তৃণমূল পৰ্যায়ৰ গণনেতা হিচাপে মুলায়ম সিং সদায় স্মৰণীয় হৈ থাকিব । "মুলায়াম সিং যাদৱজীয়ে নিজৰ অনন্য ৰাজনৈতিক দক্ষতাৰে দশক দশক ধৰি ৰাজনীতিত সক্ৰিয় হৈ থাকিল । জৰুৰীকালীন সময়ত তেওঁ গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে মাত মাতিছিল । তেওঁ তৃণমূল পৰ্যায়ৰ গণনেতা হিচাপে সদায় স্মৰণীয় হৈ থাকিব । তেওঁৰ মৃত্যুত ভাৰতীয় ৰাজনীতিত এটা যুগৰ অৱসান ঘটাইছে বুলি" টুইটত মন্তব্য কৰে গৃহমন্ত্ৰীগৰাকীয়ে ৷

মুলায়ম সিং যাদৱৰ সৈতে থকা পাৰস্পৰিক সম্পৰ্কৰ কথা স্মৰণ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Defence Minister Rajnath Singh) টুইটত কয় যে, ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ মাজতো সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক নেতাগৰাকীৰ সদায় আন দলৰ নেতাৰ সৈতে আন্তৰিক সম্পৰ্ক আছিল । ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা যিয়েই নহওক কিয়, মুলায়ম সিঙৰ সম্পৰ্ক আছিল সৰ্বোত্তম । যেতিয়াই তেওঁক লগ পাইছিল, তেতিয়াই তেওঁ বহুত বিষয়ৰ ওপৰত অতি মুকলি মনেৰে কথা পাতিছিল । বহু সময়ত তেওঁৰ সৈতে হোৱা মত বিনিময়বোৰ মোৰ স্মৃতিত সদায় সতেজ হৈ থাকিব ।

তেওঁ আন এটা টুইটত কয় যে "মুলায়ম সিং যাদৱজী তৃণমূল পৰ্যায়ৰ নেতা আছিল যিয়ে বহু দশক ধৰি উত্তৰ প্ৰদেশৰ ৰাজনীতিত এক বিশিষ্ট ভূমিকা পালন কৰিছিল । তেওঁৰ দীৰ্ঘ ৰাজহুৱা জীৱনত বহু পদবীত কাম কৰি দেশ, সমাজ আৰু ৰাজ্যৰ উন্নয়নত অৰিহণা যোগাই আহিছিল ।" তেওঁৰ মৃত্যু অতি বেদনাদায়ক বুলি টুইটটোত উল্লেখ কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে নেছনেল কনফাৰেন্সৰ নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই মুলায়ম সিং যাদৱক এজন জননেতা বুলি উল্লেখ কৰে ৷ মুলায়ম সিং যাদৱে তেওঁ গোটেই জীৱন দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে উৎসৰ্গা কৰিছিল বুলি টুইটত সদৰী কৰে নেতাগৰাকীয়ে । তেওঁ লগতে কয় যে, সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে সকলো ধৰ্মক সন্মান কৰিছিল আৰু সকলো ধৰ্মৰ বাবে যুঁজিছিল । ভাৰতত এনে কোনো ব্যক্তি নাই যিয়ে আজিৰ দিনটোত শোক প্ৰকাশ নকৰিব ।

আনহাতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সমাজবাদী পাৰ্টীৰ প্ৰবীণ নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে(Uttar Pradesh Government) ৷ তেওঁ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱ মৃত্যুত সমাজবাদৰ এক প্ৰধান স্তম্ভ আৰু সংগ্ৰামী যুগৰ অন্ত পৰিল বুলি উল্লেখ কৰে । তেওঁ লগতে প্ৰবীণ নেতাগৰাকীৰ মৃত্যুত তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰে(Three day of State mourning) । মুলায়ম সিং যাদৱৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে সম্পন্ন কৰাৰ কথা টুইটযোগে উল্লেখ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে (UP CM Yogi Adityanath) ৷"

কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়েও (Interim President of Congress Sonia Gandhi) মুলায়াম সিং যাদৱৰ মৃত্যুত শোক প্ৰকাশ কৰে । কংগ্ৰেছ নেত্ৰীগৰাকীয়ে এক বিবৃতিত কয় যে, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে মুলায়ম সিঙৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব ।

ইফালে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে মুলয়াম সিং যাদৱক তৃণমূল পৰ্যায়ৰ ৰাজনীতিৰ সৈতে জড়িত “প্ৰকৃত যোদ্ধা” বুলি প্ৰশংসা কৰে । ৰাহুলে টুইট কৰি কয় যে," মুলায়ম সিং যাদৱজীৰ মৃত্যু অতি দুখৰ খবৰ । তেওঁ তৃণমূল পৰ্যায়ৰ ৰাজনীতিৰ সৈতে জড়িত এজন প্ৰকৃত যোদ্ধা আছিল । অখিলেশ যাদৱকে ধৰি সকলো শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো ।"

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰায়ো মুলায়ম সিং যাদৱৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷ প্ৰিয়ংকা গান্ধী ভাদ্ৰাই টুইট কৰি কয় যে, উত্তৰ প্ৰদেশৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী, ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু সামাজিক ন্যায়ৰ এজন শক্তিশালী সমৰ্থক হিচাপে ভাৰতীয় ৰাজনীতিত তেওঁৰ অতুলনীয় অৱদান সদায় স্মৰণীয় হৈ থাকিব ।

এসময়ৰ তিক্ত ৰাজনৈতিক প্ৰতিদ্বন্দ্বী তথা বহুজন সমাজ পাৰ্টীৰ মুৰব্বী মায়াৱতীয়েও সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ মৃত্যুত শোক প্ৰকাশ কৰে । তেওঁ নেতাগৰাকীৰ পৰিয়াল তথা সকলো শুভাকাংক্ষীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Delhi Chief Minister Arvind Kejriwal) উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ নেতা মুলায়ম সিং যাদৱৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷ তেওঁ নেতাগৰাকীৰ বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে তেওঁৰ অনুৰাগী আৰু পৰিয়ালৰ লোকলৈ সমবেদনা জ্ঞাপন কৰে (Mulayam Singh Yadav latest news) ।

লগতে পঢ়ক: প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.