ETV Bharat / bharat

ওপজা দিনত ভাৰতীয় বিজ্ঞানী চি ভি ৰমনলৈ শ্ৰদ্ধাঞ্জলি

আজি ভাৰতীয় বিজ্ঞানী চি ভি ৰমনৰ জন্মদিন ৷ ৰমন নবেল বঁটা লাভ কৰা প্ৰথমগৰাকীৰ ভাৰতীয় বিজ্ঞানী আছিল ৷

ওপজা দিনত ভাৰতীয় বিজ্ঞানী চি ভি ৰমনলৈ শ্ৰদ্ধাঞ্জলি
ওপজা দিনত ভাৰতীয় বিজ্ঞানী চি ভি ৰমনলৈ শ্ৰদ্ধাঞ্জলি
author img

By

Published : Nov 7, 2021, 12:28 PM IST

নিউজ ডেস্ক, 7 নৱেম্বৰ : চন্দ্ৰশেখৰ ভেংকটৰমন ভাৰতৰে নহয় সমগ্ৰ বিশ্বৰে এগৰাকী আগশাৰীৰ পদাৰ্থ বিজ্ঞানী আছিল ৷ যিয়ে 1930 চনত পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত নবেল বঁটা লাভ কৰিছিল ৷ ১৮৮৮ চনৰ ৭ নৱেম্বৰত জন্মগ্ৰহণ কৰা ৰমনৰ জীৱনত বহুতো উল্লেখযোগ্য ঘটনা ঘটিছিল ৷

ওপজা দিনত ভাৰতীয় বিজ্ঞানী চি ভি ৰমনলৈ শ্ৰদ্ধাঞ্জলি
Source : Google

1928 চনৰ 28 ফেব্ৰুৱাৰীত চি ভি ৰমনে তেওঁৰ ৰমন ইফেক্ট উদ্ভাৱন কৰা কথাটো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল ৷ এই গুৰুত্বপূৰ্ণ আৱিস্কাৰৰ বাবে 1930 চনত তেওঁক নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল ৷ নেচনেল কাউঞ্চিল ফৰ চায়েঞ্চ এণ্ড টেকন’ল’জী কমিউনিকেশ্যনে 28 ফেব্ৰুৱাৰীৰ দিনটোত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰিব লাগে বুলি আহ্বান জনোৱাৰ পাছতে উক্ত আহ্বানৰ প্ৰতি সঁহাৰি জনাই 1987 চনৰ 28 ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হৈছিল ৷

ভাৰতীয় বিজ্ঞানীগৰাকীয়ে নবেল বঁটাৰ উপৰিও ভাৰতৰত্ন, লেনিন শান্তি বঁটা আদিও লাভ কৰিছিল ৷ প্ৰেছিডেন্সি কলেজত শিক্ষাগ্ৰহণ কৰা মহান বিজ্ঞানীগৰাকীৰ 1970 চনৰ 21 নৱেম্বৰত দেহাৱসান ঘটে ৷

লগতে চাওক: কণৌজত জিকা ভাইৰাছত আক্ৰান্ত প্ৰথমগৰাকী লোকক চিনাক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.