নেচনেল ডেস্ক,17 মে': প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ সৈতে উপকূলীয় অঞ্চলসমূহত অহা ঘূৰ্ণী বতাহে ইতিমধ্যে সংহাৰ আৰম্ভ কৰিছে ৷ টাউতে নামৰ এই ঘূৰ্ণীৰ সংহাৰৰ ফলত ইতিমধ্যে গুজৰাটত এজন লোকে প্ৰাণ হেৰুৱাইছে ৷
চুৰাটৰ কামৰাজ তালুকৰ মাংকানা গাঁৱত ধুমুহাৰ ফলত এডাল গছ বাগৰি পৰাৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ পৰিৱৰ্তে আন এজন আঘাতপ্ৰাপ্ত হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, গছডাল বাগৰি পৰাৰ ফলত গছৰ তলত বহি থকা দানাভাই আহিৰে ঠাইতে মৃত্যুক সাৱটি লয় ৷ দানাভাই আহিৰক উদ্ধাৰ কৰিবলৈ যোৱাৰ মুহুৰ্তত তেওঁৰ পুত্ৰই কান্ধত আঘাত পায় ৷ আঘাতপ্ৰাপ্ত আহিৰৰ পুত্ৰক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত আকস্মিক মৃত্যুৰ এক গোচৰ ৰুজু কৰি কামৰেজ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: অশান্ত কাশ্মীৰ: শ্ৰীনগৰত নিৰাপত্তা বাহিনী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ