ETV Bharat / bharat

TSR Jawan kills : ২৪ ঘণ্টীয়া বন্ধৰ আহ্বান ত্ৰিপুৰা পিপলছ ফ্ৰণ্টৰ - ২৪ ঘণ্টীয়া বন্ধৰ আহ্বান ত্ৰিপুৰা পিপলছ ফ্ৰণ্টৰ

ত্ৰিপুৰাৰ দুজনকৈ জোৱানক সহকৰ্মীয়ে গুলীয়াই হত্যা কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । এই ঘটনাৰ বিৰুদ্ধে ৬ ডিচেম্বৰত ২৪ ঘণ্টীয়া ত্ৰিপুৰা বন্ধৰ আহ্বান জনাইছে ত্ৰিপুৰা পিপলছ ফ্ৰণ্ট দলে (TPF calls for 24 hours Tripura Bandh) । শাসকীয় বিজেপি চৰকাৰকো সমালোচনা ত্ৰিপুৰা পিপলছ ফ্ৰণ্টৰ ।

TSR Jawan kills
২৪ ঘণ্টীয়া বন্ধৰ আহ্বান ত্ৰিপুৰা পিপলছ ফ্ৰণ্টৰ
author img

By

Published : Dec 5, 2021, 8:37 PM IST

আগৰতলা,৫ ডিচেম্বৰ : শেহতীয়াকৈ ত্ৰিপুৰাত সহকৰ্মীৰ গুলীত নিহত হৈছিল ত্ৰিপুৰা ৰাইফলছৰ দুজনকৈ জোৱান (TSR jawan kills senior officials in Tripura) । ছুটিৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই সুকান্ত দাস নামৰ ৰাইফলমেনজনে গুলীয়াই হত্যা কৰে চুবেদাৰ মাৰ্কা সিং জামাতিয়া আৰু উপ-পৰিদৰ্শক কিৰণ জামাতিয়াক । এই ঘটনাৰ পাছতে ৰাজ্যখনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । বহু দল-সংগঠনে ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

বহুতে আকৌ ৰাজ্যত আইন-শৃংখলা ব্যৱস্থাৰ অৱনতি হোৱাৰো অভিযোগ তুলিছে । এইবাৰ ত্ৰিপুৰা পিপলছ ফ্ৰণ্ট (TPF) দলে ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে ২৪ ঘণ্টীয়া বন্ধৰ আহ্বান জনায় । এক প্ৰেছ বিবৃতিযোগে অহা ৬ ডিচেম্বৰত ত্ৰিপুৰা বন্ধৰ আহ্বান জনায় দলটোৱে (TPF calls for 24 hours Tripura Bandh)।

দলটোৱে উল্লেখ কৰা মতে ৰাজ্যখনত আৰক্ষীসকলেই এতিয়া নিৰাপত্তাহীনতাত ভুগিছে । ত্ৰিপুৰাত আইন শৃংখলা সম্পূৰ্ণৰূপে অৱনতি হোৱাৰ অভিযোগ টিপিএফ দলৰ । আনহাতে এই ঘটনাক খিলঞ্জীয়া 'বৰোক' লোকৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছে দলটোৱে ।

ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দলৰ সভানেত্ৰী পাটাল কন্যা জামাতিয়াই প্ৰশ্ন উত্থাপন কৰে যে নিৰাপত্তাকৰ্মী সকলেই যেতিয়া সুৰক্ষিত নহয় তেনেহ'লে ৰাজ্যখনত সাধাৰণ লোক কেনেদৰে সুৰক্ষিত হ'ব ? তেওঁ লগতে অভিযোগ কৰে যে এয়া নতুন ঘটনা নহয়, বিগত প্ৰায় ৭২ বছৰ ধৰি ৰাজ্যখনৰ বৰোক লোকসকলৰ ওপৰত এই ধৰণৰ আক্ৰমণ ধাৰাবাহিকভাৱে সংঘটিত হৈ আছে ।

তেওঁ লগতে দাবী কৰে যে এই ঘটনাক অন্যৰূপ দিয়াৰ চেষ্টা কৰিছে প্ৰশাসনে । এয়া প্ৰকৃততে ত্ৰিপুৰাৰ খিলঞ্জীয়াক আক্ৰমণৰহে ঘটনা । সেয়ে প্ৰশাসনৰ এই মিছা স্পষ্টীকৰণক ত্ৰিপুৰাৰ জনতাই বিশ্বাস নকৰে বুলিও দাবী কৰে সভানেত্ৰীগৰাকীয়ে । ফাষ্টট্ৰেক আদালতৰ জৰিয়তে দোষীক কঠোৰ শাস্তি প্ৰদানৰো দাবী জনাইছে দলটোৱে ।

বিজেপি চৰকাৰক সমালোচনা কৰি সভানেত্ৰীগৰাকীয়ে কয় যে আইন শৃংখলা ব্যৱস্থা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সম্পূৰ্ণ বিফল হৈছে এইখন চৰকাৰ (TPF critised Tripura rulling party BJP)। মৃতকৰ পৰিয়াল লৈ চৰকাৰে ঘোষণা কৰা অনুদান সামান্য বুলি অভিহিত কৰি দলটোৱে ইয়াক প্ৰত্যাখ্যান কৰে । কেৱল এয়াই নহয় ভুক্তভোগী প্ৰতিটো পৰিয়ালক ৫ কোটিকৈ টকা আৰু পৰিয়ালৰ দুজনকৈ সদস্যক চৰকাৰী চাকৰি প্ৰদানৰো দাবী জনায় টিপিএফ দলটোৰ সভানেত্ৰী পাটাল কন্যা জামাতিয়াই ।

লগতে পঢ়ক :TSR Jawan kills: সহকৰ্মীৰ গুলীত নিহত ত্ৰিপুৰা ৰাইফলছৰ দুজনকৈ জোৱান

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.