ETV Bharat / bharat

কাশ্মীৰত তুষাৰপাতৰ ফলত আৱদ্ধ পৰ্যটকক উদ্ধাৰ - snowfall

চাৰিদিন পূৰ্বে স্থানীয় পৰ্যটকৰ এটা দল মধ্য কাশ্মীৰৰ স্বাস্থ্য-ৰিজৰ্ট চ'নামাৰ্গলৈ ফুৰিবলৈ আহিছিল । কিন্তু দুৰ্ভাগ্যবশতঃ প্ৰবল তুষাৰপাতৰ ফলত তেওঁলোক হোটেলতে আৱদ্ধ হৈ থাকে । অৱশেষত গান্দেৰবাল জিলা প্ৰশাসনে তেওঁলোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিবলৈ সক্ষম হয় ।

কাশ্মীৰত তুষাৰপাতৰ ফলত আবদ্ধ পৰ্যটকক উদ্ধাৰ

author img

By

Published : Mar 14, 2021, 7:44 PM IST

নেশ্যনেল ডেস্ক,১৪ মাৰ্চ: জন্মু-কাশ্মীৰত প্ৰচণ্ড তুষাৰপাত । শনিবাৰে তুষাৰপাতৰ ফলত আৱদ্ধ হৈ থকা পৰ্যটকৰ এটা দল উদ্ধাৰ কৰে প্ৰশাসনে । চাৰিদিন পূৰ্বে স্থানীয় পৰ্যটকৰ এটা দল মধ্য কাশ্মীৰৰ স্বাস্থ্য-ৰিজৰ্ট চ'নামাৰ্গলৈ ফুৰিবলৈ আহিছিল । কিন্তু দুৰ্ভাগ্যবশতঃ প্ৰবল তুষাৰপাতৰ ফলত তেওঁলোক হোটেলতে আৱদ্ধ হৈ থাকে ।

অৱশেষত গান্দেৰবাল জিলা প্ৰশাসনে তেওঁলোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলৈ সক্ষম হয় । আৱদ্ধ এগৰাকী পৰ্যটকে ইটিভি ভাৰতক জনোৱা মতে হোটেল কৰ্তৃপক্ষই তেওঁলোকক পৰিয়ালৰ সদস্যৰ দৰে ব্যৱহাৰ কৰিছিল আৰু কোনো বস্তুৰে অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল । পৰ্যটকজনে কোৱো মতে কাশ্মীৰৰ নাগৰিকৰ অতিথি আপ্যায়নৰ বাবে তেওঁলোক চিৰকৃতজ্ঞ ।

ইফালে ৰাজনৈতিক পৰিৱৰ্তন আৰু মহামাৰীৰ বাবে ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাইছে ৷ ২০২১ ৰ আৰম্ভণিৰ পৰা ৰাজ্যখনত পৰ্যটন ক্ষেত্ৰ পুনৰুজ্জীৱিত হোৱাৰ লক্ষণ দেখা গৈছে ।

লগতে পঢ়ক: মমতাৰ উপৰত হোৱা আক্ৰমণৰ কথা অস্বীকাৰ নিৰ্বাচন আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.