ETV Bharat / bharat

ব্ৰিটেইনৰ নতুন ক’ৰণা ভাইৰাছৰ প্ৰবাহত আক্ৰান্ত 90 গৰাকী ভাৰতীয় - ব্ৰিটেইন

কেন্দ্ৰীয় চৰকাৰে জনোৱা মতে,ব্ৰিটেইনৰ নতুন ক’ৰণা ভাইৰাছৰ প্ৰবাহত পুনৰ 90 গৰাকী ভাৰতীয় আক্ৰান্ত হৈছে ৷ স্বাস্থ্য বিভাগে তেওঁলোকক পৃথককৈ আইশ্ব’লেচনত ৰখাৰ ব্যৱস্থা কৰিছে ৷

Total 90 persons detected with new UK mutant strain
ব্ৰিটেইনৰ নতুন ক’ৰণা ভাইৰাছৰ প্ৰবাহত আক্ৰান্ত 90 গৰাকী ভাৰতীয়
author img

By

Published : Jan 9, 2021, 2:30 PM IST

নেশ্যনেল ডেস্ক,9 জানুৱাৰী : ব্ৰিটেইনত সংক্ৰমণ হোৱা নতুন ক’ৰণা ভাইৰাছৰ প্ৰবাহত পুনৰ 90 গৰাকী ভাৰতীয় আক্ৰান্ত হৈছে ৷ সম্প্ৰতি তেওঁলোকক স্বাস্থ্য বিভাগে পৃথককৈ আইশ্ব’লেচনত ৰখাৰ ব্যৱস্থা কৰিছে ৷ শনিবাৰে কেন্দ্ৰীয় চৰকাৰে এই কথা সদৰি কৰে ৷

মন্ত্ৰণালয়ে জনোৱা মতে,সংশ্লিষ্ট ৰাজ্য চৰকাৰে নিৰ্ধাৰিত স্বাস্থ্য সেৱা সুবিধাত 90 গৰাকী লোকক পৃথককৈ আইশ্ব’লেচনত ৰাখিছে । আনহাতে সহ-যাত্ৰী, পাৰিবাৰিক যোগাযোগ আৰু আনৰ বাবে ব্যাপক যোগাযোগৰ অনুকৰণ আৰম্ভ কৰা হৈছে ।

উল্লেখ্য যে,শুকুৰবাৰে ব্ৰিটেইনৰ পৰা দিল্লীত অৱতৰণ কৰা বিমানত এই 90 গৰাকী যাত্ৰী আছিল ৷ ব্ৰিটেইনত সংক্ৰমিত নতুন ক’ৰণা ভাইৰাছৰ প্ৰবাহৰ বাবে 23 ডিচেম্বৰত চৰকাৰে সকলো বিমান সেৱা স্থগিত ৰখাৰ পাচত পুনৰ শুকুৰবাৰৰ পৰা বিমানৰ চলাচল আৰম্ভ কৰা হয় ৷

এই নতুন ভাইৰাছৰ ফলত ইতিমধ্যে নেডাৰলেণ্ড,অষ্ট্ৰেলিয়া,ভাৰত,ইটালী,ছুইডেন আদি বহু দেশৰ লোক আক্ৰান্ত হৈছে ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে পৰিস্থিতিটো সতৰ্কতাৰে চোৱা-চিতা কৰি আছে আৰু পৰীক্ষাগাৰলৈ নমুনা প্ৰেৰণ,নিয়ন্ত্ৰণৰ বাবে ৰাজ্যসমূহক নিয়মীয়া পৰামৰ্শ প্ৰদান কৰা বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : অন্ধ্ৰ প্ৰদেশৰ মন্দিৰ আক্ৰমণৰ তদন্তৰ বাবে 16 জনীয়া অনুসন্ধানকাৰী দল গঠন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.