ETV Bharat / bharat

নিহত শীৰ্ষ মাওবাদী নেতা মিলিন্দ তেলটুম্বডে - মাওবাদী কমিউনিষ্ট পাৰ্টি

মহাৰাষ্ট্ৰৰ গড়চিৰোলী জিলাত মাওবাদী বিৰোধী অভিযানৰ মাজতে আৰক্ষীৰ হাতত নিহত শীৰ্ষ মাওবাদী নেতা মিলিন্দ তেলটুম্বডে । যোৱা ৩০ বছৰ ধৰি মাওবাদী আন্দোলনত সক্ৰিয় হৈ আছিল মিলিন্দ তেলটুম্বডে ।

Milind Teltumbde
নিহত শীৰ্ষ মাওবাদী নেতা মিলিন্দ তেলটুম্বডে
author img

By

Published : Nov 14, 2021, 2:07 PM IST

নেশ্যনেল ডেস্ক, ১৪ নৱেম্বৰ : দেশত আৰক্ষীয়ে মাওবাদী বিৰোধী অভিযান (Anti-Maoist campaign) অব্যাহত ৰাখিছে । এনে এক অভিযানৰ মাজতে মহাৰাষ্ট্ৰত নিহত শীৰ্ষ মাওবাদী কামাণ্ডাৰ মিলিন্দ তেলটুম্বডে (Maoist commander Milind Teltumbde) । মহাৰাষ্ট্ৰৰ গড়চিৰোলী জিলাৰ ধানোৰা অঞ্চলত মাওবাদী বিৰোধী আৰক্ষীৰ দল আৰু মাওবাদীৰ মাজত হোৱা সংঘৰ্ষত শনিবাৰে নিহত হয় শীৰ্ষ মাওবাদী নেতাজন ।

মিলিন্দ তেলটুম্বডে মাওবাদী সংগঠনৰ কেন্দ্ৰীয় আঞ্চলিক সমিতিৰ সদস্য আছিল । তেওঁ মহাৰাষ্ট্ৰ, ছত্তিশগড়, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ আৰু ওড়িশাত এজন সক্ৰিয় মাওবাদী হিচাপে আছিল । মাওবাদী নেতাজনৰ ওপৰত চৰকাৰে ৫০ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰি থৈছিল ।

মাওবাদী নেতা মিলিন্দ তেলটুম্বডে ওৰফে সহ্যদ্ৰী নী দীপক, যৱতমাল জিলাৰ ৱানী ব্লকৰ ৰাজুৰৰ বাসিন্দা আছিল । সমগ্ৰ দেশতে মাওবাদীৰ কাৰ্যকলাপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল এইগৰাকী মাওবাদী নেতাই ।

অভিযান্ত্ৰিক শিক্ষা লাভ কৰা মিলিন্দ তেলটুম্বডে যোৱা ৩০ বছৰ ধৰি মাওবাদী আন্দোলনত সক্ৰিয় হৈ আছিল । তেওঁ নিষিদ্ধ মাওবাদী কমিউনিষ্ট পাৰ্টিৰ (Maoist Communist Party) ৰাজ্যিক সচিবো আছিল । তেওঁ মহাৰাষ্ট্ৰ-মধ্য প্ৰদেশ-ছত্তিশগড় অঞ্চল অৰ্থাৎ এমএমচি অঞ্চল (MMC Zone) স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু সেই অঞ্চলৰ তেওঁ সৰ্বোচ্চ নেতা আছিল ।

লগতে পঢ়ক :Southern Zonal Councilৰ বৈঠকত উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.