ETV Bharat / bharat

টুলকিট’ কাণ্ডঃ সংবাদ মাধ্যমক তথ্য প্ৰদানৰ বিৰুদ্ধে আবেদন

author img

By

Published : Feb 18, 2021, 1:21 PM IST

ন্যায়ালয়ে আৰক্ষীক দিশা ৰবিৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ সৰ্ম্পকত যি কোনো তথ্য সংবাদ মাধ্যমৰ আগত প্ৰচাৰ কৰা বা অৱগত কৰাত বাধা প্ৰদান কৰিছে ৷

টুলকিট’ কাণ্ডঃ তথ্য সংবাদ মাধ্যমক অৱগত নকৰিবলৈ ন্যায়ালয়ত আবেদন

নিউজ ডেস্ক,18 ফেব্ৰুৱাৰীঃ কৃষকসকলৰ প্ৰতিবাদক সমৰ্থন কৰি টুলকিট শ্বেয়াৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা জলবায়ু কৰ্মী দিশা ৰবিক বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ত হাজিৰ কৰোৱা হয় ৷ ন্যায়ালয়ত দিশা ৰবিৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ সৰ্ম্পকত যি কোনো তথ্য আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰচাৰ কৰা বা অৱগত কৰাত বাধা প্ৰদান কৰিবলৈ আবেদন জনাইছে ৷

দিল্লী আৰক্ষীৰ ভাষ্য অনুসৰি দিশা ৰবিয়ে এটা অনলাইন দস্তাবেজ প্ৰস্তত কৰি শ্বেয়াৰ কৰিছিল, যিয়ে বিদ্ৰোহীসকলক উৎসাহিত কৰিছিল । ‘টুলকিট’ হিচাপে অভিহিত এট দস্তাবেজটোৱে কৃষকসকলক এই পৰিকল্পনা যুগুত কৰাত সহায় কৰিছিল, যিটো ৰবিয়ে গ্ৰেটা থানবাৰ্গৰ সৈতে শ্বেয়াৰ কৰিছিল। অৱশ্যে ৰবিৰ অধিবক্তাই এই অভিযোগ নাকচ কৰে । থানবাৰ্গে এই দস্তাবেজটোৰ লিংক এটা টুইটযোগে শ্বেয়াৰ কৰিছিল যদিও পিছত এইটো ডিলিট কৰিছিল ।

দিল্লী আৰক্ষীৰ মতে, এই ‘টুলকিট’টোত কৃষক বিদ্ৰোহৰ ছ’চিয়েল মিডিয়া কেম্পেইনৰ লগতে জানুৱাৰী মাহত চলিবলগীয়া কাৰ্য সম্পৰ্কীয় বিৱৰণ আছিল য’ত বিদ্ৰোহীসকলে দিল্লীত প্ৰৱেশ কৰাৰ কথাও উল্লেখ আছিল । আৰক্ষীয়ে কয় “টুলকিটৰ মুখ্য উদ্দেশ্য আছিল আইনগতভাৱে প্ৰণয়ন কৰা চৰকাৰৰ বিৰুদ্ধে ভুল তথ্য আৰু সন্দেহ সৃষ্টি কৰা" ৷

লগতে পঢ়কঃ "ৰে’ল ৰোকো" কাৰ্যসূচীৰ বাবে অতিৰিক্ত 20 টা কোম্পানী মোতায়েন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.