ETV Bharat / bharat

Tamilnadu copter crash: উন্নত চিকিৎসাৰ বাবে বেংগালুৰুলৈ প্ৰেৰণ গ্ৰুপ কেপ্টেইন বৰুণ সিঙক - tn copter crash

তামিলনাডুত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাৰ একমাত্ৰ প্ৰাণ ৰক্ষা পৰা ভাৰতীয় বায়ু সেনাৰ গ্ৰুপ কেপ্টেইন বৰুণ সিং (Lone survivor in the IAF helicopter crash in Coonoor)ক উন্নত চিকিৎসাৰ বাবে বেংগালুৰুলৈ প্ৰেৰণ ৷

Tamilnadu copter crash
Tamilnadu copter crash
author img

By

Published : Dec 9, 2021, 7:58 PM IST

নিউজ ডেস্ক, 9 ডিচেম্বৰ : তামিলনাডুৰ কুন্নুৰত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাত একমাত্ৰ প্ৰাণ ৰক্ষা পৰা ভাৰতীয় বায়ু সেনাৰ গ্ৰুপ কেপ্টেইন বৰুণ সিং (Lone survivor in the IAF helicopter crash in Coonoor)ক উন্নত চিকিৎসাৰ বাবে বেংগালুৰুলৈ প্ৰেৰণ কৰা হৈছে ৷ এই কথা জানিবলৈ দিছে বৰুণৰ পিতৃয়ে ৷ বৰুণ সিঙৰ অৱস্থা সংকটজনত যদিও প্ৰায় সুস্থিৰ বুলি জানিব পৰা গৈছে ৷ তিনিটাকৈ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰা হৈছে বৰুণৰ ৷

বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত বৰুণৰ পিতৃ কৰ্ণেল কে পি সিঙে (অৱসৰপ্ৰাপ্ত) কয় যে, তেওঁৰ পুত্ৰক উন্নত চিকিৎসাৰ বাবে বেংগালুৰুলৈ প্ৰেৰণ কৰা হৈছে (Group Captain Varun Singh moved to Bengaluru ) ৷ অৱশ্যে বৰুণৰ স্বাস্থ্য সন্দৰ্ভত সবিশেষ জনোৱাৰ পৰা বিৰত থাকে তেওঁৰ পিতৃ ৷

লগতে পঢ়ক : CDS Gen Bipin Rawat chopper crash : কোন আছিল জেনেৰেল বিপিন ৰাৱাট ?

লেঃ কৰ্ণেল ইশান আৰে (অৱসৰপ্ৰাপ্ত) ইয়াৰ পূৰ্বে এবাৰ বৰুণ অনুৰূপ এক দুৰ্ঘটনাৰ মুখামুখি হোৱাৰ কথা উনুকিয়াই ৷ এখন তেজস্ব বিমান উৰুৱাৰ সময়ত বিগত বৰ্ষত বিপদৰ সন্মুখীন হৈছিল বৰুণ ৷ উৰন্ত অৱস্থাতে বিজুতি ঘটনা বিমানখন সফলভাৱে অৱতৰণ কৰাইছিল বৰুণে ৷ এই বীৰত্বৰ বাবে তেওঁক প্ৰদান কৰা হৈছিল সৌৰ্যচক্ৰ সন্মান (Shaurya Chakra to Varun Singh) ৷

প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে সংসদত হেলিকপ্টাৰ দুৰ্ঘটনাৰ তদন্তৰ বাবে এখন তিনিজনীয়া কমিতি গঠন কৰাৰ কথা ঘোষণা কৰে ৷ এই কমিতিৰ নেতৃত্ব বহন কৰিব মানৱেন্দ্ৰ সিঙে ৷ প্ৰতিৰক্ষামন্ত্ৰী গৰাকীয়ে লগতে কয় যে, বৰুণ সিঙৰ জীৱন ৰক্ষাৰ বাবে পাৰ্যমানে সকলো ব্যৱস্থা কৰা হ’ব ৷

লগতে পঢ়ক : Tamilnadu chopper crash : ভিডিঅ’ কলতেই শেষবাৰ পত্নী-সন্তানক দেখা পালে বি চাই তেজাই

উল্লেখ্য যে, তামিলনাডুৰ চুলুৰস্থিত ভাৰতীয় বায়ুসেনা বাহিনীৰ চাউনীৰ পৰা ৱেলিংটন অভিমুখে গৈ থকা অৱস্থাত কুন্নুৰত দুৰ্ঘটনাত পতিত হৈছিল ভাৰতীয় বায়ুসেনাৰ Mi17V5 হেলিকপ্টাৰখন (IAF chopper crashed in Coonoor)৷ এই হেলিকপ্টাৰত যাত্ৰা কৰিছিল সপত্নীক চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, 3 গৰাকী হেলিকপ্টাৰখনৰ কৰ্মচাৰী আৰু 9 গৰাকী সেনা বিষয়াই ৷

জেনেৰেল ৰাৱাটকে ধৰি দুৰ্ঘটনাত পতিত হোৱা হেলিকপ্টাৰ খনৰ 13 জন যাত্ৰীৰ ইতিমধ্যে মৃত্যু হৈছে ৷ বৰ্তমান চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজ দি আছে গ্ৰুপ কেপ্টেইন বৰুণ সিঙে ৷ এই দুৰ্ঘটনাই সমগ্ৰ দেশতে এক শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক : Bipin Rawat's chopper crash : জেনেৰেল ৰাৱাটৰ মৃত্যুক লৈ সদনত প্ৰতিক্ৰিয়া প্ৰতিৰক্ষামন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.