ETV Bharat / bharat

কৰ’ণাৰ ত্ৰাস: তামিলনাডুত ৰেচনকাৰ্ড থকা হিতাধিকাৰীয়ে পাব আৰ্থিক সাহাৰ্য

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ গুৰুত্বপূৰ্ণ ঘোষণা ৷ ৰেচনকাৰ্ড থকা হিতাধিকাৰীক প্ৰথম কিস্তি হিচাপে ২,০০০ টকা প্ৰদান কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ ৷ কৰ’ণা ভাইৰাছৰ এই সংকটৰ সময়ত ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যৰে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ৷

author img

By

Published : May 7, 2021, 7:00 PM IST

TN CM announces Rs 2,000 as corona relief, milk price slashed
কৰ’ণাৰ ত্ৰাস: ৰেচনকাৰ্ড থকা হিতাধিকাৰীয়ে পাব আৰ্থিক সাহাৰ্য

নিউজ ডেস্ক, 7 মে’: তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে শুকুৰবাৰে ৰাজ্যখনৰ কৰ’ণা ভাইৰাছৰ এই সংকটৰ সময়ত সকাহ হিচাপে চাউল পাবলৈ যোগ্য সকলো ৰেচনকাৰ্ড থকা হিতাধিকাৰীক প্ৰথম কিস্তি হিচাপে ২,০০০ টকা প্ৰদান কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷

তেওঁ লগতে আভিন গাখীৰৰ মূল্য হ্ৰাস আৰু চৰকাৰী বাছত মহিলাসকলৰ বাবে বিনামূলীয়া ভ্ৰমণ সুবিধা কৰাৰ কথা ঘোষণা কৰে ৷ মনকৰিবলগীয়া যে, ৬ এপ্ৰিলত অনুষ্ঠিত হোৱা ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ডিএমকেই উক্ত প্ৰতিশ্ৰুতিসমূহ প্ৰদান কৰিছিল ।

এক চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে যে, মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমটো নিৰ্দেশ জাৰি কৰি ষ্টেলিনে চৰকাৰী বীমা আঁচনিৰ অধীনত ব্যক্তিগত চিকিৎসালয়সমূহত ক’ভিড চিকিৎসা প্ৰদানৰ কথাও ঘোষণা কৰিছে ৷ এই আঁচনিৰ দ্বাৰা কৰ’ণাত আক্ৰান্ত লোক সকল উপকৃত হ’ব বুলি আশা কৰা হৈছে ৷

বিজ্ঞপ্তিখনত উল্লেখ কৰা মতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে মে'ত ২,০০০ টকাৰ প্ৰথম কিস্তি প্ৰদানৰ জৰিয়তে ৪,১৫৩.৬৯ কোটি টকা মোকলাই দিয়াৰ এক নিৰ্দেশত স্বাক্ষৰ কৰিছে, য'ত ২,০৭,৬৭,০০০ গৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীক সামৰি লোৱা হৈছে ৷

তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ১৬ মে'ৰ পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰী আভিনে যোগান ধৰা গাখীৰৰ মূল্য ৩ টকা হ্ৰাস কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে ।

আনহাতে মহিলাসকলে শনিবাৰৰ পৰা ৰাজ্যিক পৰিবহণ নিগমৰ দ্বাৰা পৰিচালিত সকলো সাধাৰণ ভাড়াৰ চিটি বাছত বিনামূলীয়াকৈ ভ্ৰমণ কৰিব পাৰিব বুলিও ঘোষণা কৰা হৈছে ৷ ইয়াৰ বাবে চৰকাৰে ৰাজসাহায্য হিচাপে ১,২০০ কোটি টকা আৱণ্টন কৰাৰ কথাও বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে ৷

লগতে পঢ়ক: কোন হ‘ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি আৰু বিৰোধী দলপতি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.