ETV Bharat / bharat

নিৰ্বাচনী আচৰণবিধি ভংগ BJP ৰ: TMC ৰ গুৰুতৰ অভিযোগ

author img

By

Published : Jun 9, 2022, 9:35 PM IST

উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ত্ৰিপুৰাত জোৰদাৰ হৈছে নিৰ্বাচনী প্ৰচাৰ । ইয়াৰ মাজত BJP ৰ বিৰুদ্ধে উত্থাপন হৈছে আচৰণ বিধি উলংঘনৰ অভিযোগ(Violation of model code of conduct by BJP) । বিজেপিৰ দ্বাৰা হোৱা আচৰণ বিধিৰ ধাৰাবাহিক উলংঘনৰ বিষয়ে ত্ৰিপুৰাৰ মুখ্য কাৰ্যবাহী বিষয়াক গুৰুত্ব আৰোপ কৰাৰ আহ্বান TMC ৰ ।

নিৰ্বাচনী আচৰণবিধি ভংগ BJP ৰ:  TMC ৰ গুৰুতৰ অভিযোগ
BJP ৰ MCC উলংঘনৰ ওপৰত গুৰুত্ব দিয়াৰ আহ্বান TMC ৰ

আগৰতলা,৯ জুন: উপ-নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে তীব্ৰতৰ কৰিছে নিৰ্বাচনী প্ৰচাৰ । শাসকীয় BJPয়েও ধাৰাবাহিকভাৱে চলাই গৈছে প্ৰচাৰ অভিযান । ইয়াৰ মাজতে তৃণমূল কংগ্ৰেছে BJPৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগ । BJP ৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আচৰণ বিধি উলংঘনৰ অভিযোগ TMCৰ(Violation of model code of conduct by BJP) ।

সেয়েহে এই সন্দৰ্ভত তৃণমূল কংগ্ৰেছ ত্ৰিপুৰা গোটে বুধবাৰে মুখ্য নিৰ্বাচনী বিষয়াক আগন্তুক উপ-নিৰ্বাচনৰ শ্লেটত BJP ৰ দ্বাৰা হোৱা আচৰণ বিধি উলংঘনৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ এক পত্ৰ প্ৰেৰণ কৰে । মুখ্য কাৰ্যবাহী বিষয়ালৈ লিখা পত্ৰখনত সুবল ভৌমিকে কয় যে ৬ জুনত বিজেপিয়ে ২০০ত কৈয়ো অধিক মটৰচাইকেলৰ এক ৰেলী উলিয়াইছিল । কিন্তু এই ক্ষেত্ৰত BJP য়ে আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰা বুলি পত্ৰখনত উল্লেখ কৰে ।

ভৌমিকে লগতে উল্লেখ কৰে যে যান-বাহন নিয়ম আৰু সুৰক্ষাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াকৈ উলিওৱা সেই ৰেলীৰ নেতৃত্ব দিছিল তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী চুজানতা চৌধুৰীয়ে । সমদলটোত অংশগ্ৰহণকাৰীসকলৰ বেছিভাগেই হেলমেট পৰিধান কৰা নাছিল । আনকি মন্ত্ৰীগৰাকীয়ে নিজেই ম্যাদ ওকলা বীমাৰে মটৰচাইকেল চলোৱা পৰিলক্ষিত হৈছিল । ইফালে এগৰাকী চৰকাৰী আৰক্ষী বিষয়া হিচাপে DSP সত্যজিৎ দেৱনাথে চৰকাৰৰ সমৰ্থক হিচাপে অসামৰিক পোছাকত সমদলটোত যোগদান কৰাটো আৰু অধিক চৰ্চিত প্ৰসংগ বুলি উল্লেখ কৰে ভৌমিকে ।

তেওঁ আৰু দাবী কৰিছিল যে আৰক্ষীয়ে এনেধৰণৰ বিধি উলংঘনৰ বিৰুদ্ধে বৰ্তমানলৈ কোনো গোচৰ ৰুজু কৰা নাই । গতিকে এই CEOক এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আৰু বিজেপিৰ দ্বাৰা আচৰণ বিধিৰ যাতে পুনৰ উলংঘন নহয় তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: HSLC exam results 2022: আৰ্থিকভাৱে দুৰ্বল ছাইদুৰৰ সফলতা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.