ETV Bharat / bharat

পেগাচাছক লৈ উত্তপ্ত ৰাজ্যসভা

author img

By

Published : Jul 22, 2021, 5:44 PM IST

কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী (IT minister) অশ্বিনী বৈষ্ণৱে পেগাছাছ বিতৰ্কৰ ওপৰত স্বতঃস্ফূৰ্তভাৱে মন্তব্য কৰিছিল । তাৰ মাজতে তৃণমূল কংগ্ৰেছৰ কেইজনমান সাংসদে মন্ত্ৰীগৰাকীৰ হাতৰ পৰা কাগজ-পত্ৰ লৈ ছিঙি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে । আনকি কাগজৰ টুকুৰাবোৰ উপাধ্যক্ষ হৰিবংশ নাৰায়ণ সিঙৰ ফালে দলিয়াই দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে । সাংসদসকলৰ এনে কাৰ্যক লৈ সম্প্ৰতি প্ৰতিক্ৰিয়া অব্যাহত আছে ৷

snatch paper from IT Minister
পেগাচাছক লৈ উত্তপ্ত ৰাজ্যসভা

নেশ্যনেল ডেস্ক, ২২ জুলাই : পেগাচাছ (Pegasus) প্ৰসংগক লৈ উত্তাল ৰাজ্যসভাৰ সদন । পেগাচাছক লৈ হুলস্থুলীয়া পৰিৱেশৰ সূচনা হয় চলিত অধিৱেশনত ৷ যাৰ বাবে বৃহস্পতিবাৰে অধিৱেশন পুৱা ১১ বজালৈ স্থগিত ৰখা হয় ।

কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী (IT minister) অশ্বিনী বৈষ্ণৱে পেগাছাছ বিতৰ্কৰ ওপৰত স্বতঃস্ফূৰ্তভাৱে মন্তব্য কৰিছিল । তাৰ মাজতে তৃণমূল কংগ্ৰেছৰ কেইজনমান সাংসদে মন্ত্ৰীগৰাকীৰ হাতৰ পৰা কাগজ-পত্ৰ লৈ ছিঙি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে । আনকি কাগজৰ টুকুৰাবোৰ উপাধ্যক্ষ হৰিবংশ নাৰায়ণ সিঙৰ ফালে দলিয়াই দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে । সাংসদসকলৰ এনে কাৰ্যক লৈ সম্প্ৰতি প্ৰতিক্ৰিয়া অব্যাহত আছে ৷

তেওঁলোকৰ এই কাৰ্যক সমালোচনা কৰি বিজেপি সাংসদ স্বপ্ন দাসগুপ্তই ইয়াক সম্পূৰ্ণৰূপে অপ্ৰত্যাশিত আচৰণ বুলি অভিহিত কৰে ।

দাসগুপ্তই উল্লেখ কৰে যে, মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত এক বিবৃতি প্ৰদান কৰে । সেই বিষয়ত প্ৰশ্ন কৰাৰ অধিকাৰ সকলোৰে আছে । কিন্তু বিতৰ্কলৈ যোৱাৰ পৰিৱৰ্তে সদনৰ ভিতৰত এনে কাৰ্য কৰাটো গৰিহণাৰ যোগ্য বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে । আনকি এনে কাৰ্য একপ্ৰকাৰ গুণ্ডামি নেকি বুলিও প্ৰশ্ন কৰে সাংসদ দাসগুপ্তাই ।

তেওঁৰ মতে এই ঘটনা সদনৰ নিয়মৰ বিৰোধী আৰু ই গৰিহণাৰ যোগ্য । জানিব পৰা মতে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী আৰু টিএমচিৰ সাংসদ শান্তনু সেনৰ মাজত তীব্ৰ তৰ্কাতৰ্কি হৈছিল ৷ অৱশ্যে তথ্য-প্ৰযুক্তি মন্ত্ৰীগৰাকীৰ হাতৰ পৰা কাগজ কাঢ়ি নিয়াৰ প্ৰশ্নত সংবাদ মাধ্যমৰ আগত উত্তৰ দিয়াৰ পৰা বিৰত থাকে টিএমচিৰ সাংসদ সুখেন্দু শেখৰ ৰয় ৷

উল্লেখ্য যে, তথ্য প্ৰযুক্তি মন্ত্ৰীগৰাকীয়ে পেগাচাছ স্নুপিং সন্দৰ্ভত লোকসভাত দিয়া মন্তব্যৰ পুনৰাবৃত্তি কৰিছিল । তেওঁ কৈছিল যে এইটো হঠাৎ অহা বিষয় নহয় । বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ এদিন পূৰ্বে স্নুপিঙৰ বিষয়টো সংবাদ মাধ্যমত প্ৰকাশ পাইছিল । মন্ত্ৰীগৰাকীৰ মতে এইটো ভাৰতীয় গণতন্ত্ৰক বদনাম কৰাৰ এটা প্ৰয়াস ।

বৰ্ষাকালীন অধিৱেশনৰ তৃতীয় দিনটো বিৰোধীৰ হুলস্থুলৰ মাজেৰে পাৰ হয় । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নৱনিযুক্ত কেবিনেট সদস্যসকলক পৰিচয় কৰোৱাৰ সময়ত বিৰোধীয়ে বাধা প্ৰদান কৰিছিল ।

লগতে পঢ়ক : মুম্বাইত প্ৰবল বৃষ্টিপাতৰ বাবে স্তব্ধ কেন্দ্ৰীয় ৰে'লৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.